Actor Nipon Goswami is no more : জ্যেষ্ঠ অভিনেতা দিনেশ দাসৰ শোক প্ৰকাশ

By

Published : Oct 27, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

‘‘মোৰ বন্ধু নিপন আৰু নাই ৷ গ’ল গৈ অ’ নিপন ৷ মই বৰ দুখ পাইছো’’ ৷ একালৰ বন্ধু প্ৰয়াত নিপন গোস্বামীক শেষ শ্ৰদ্ধা জনাবলৈ আহি শোকত ভাগি পৰিল জ্যেষ্ঠ অভিনেতা দিনেশ দাস (Dinesh Das expresses condolences message on actor Nipon Goswami demise) ৷ অন্তিম শয়নত থকা অমসীয়া ছবিজগতৰ মহীৰূহ নিপন গোস্বামীক ইতিমধ্যে নেমকেয়াৰ হাস্পতালৰ পৰা জ্যোতি চিত্ৰবনলৈ লৈ যোৱা হৈছে (Pass away Veteran Actor Nipon Goswami) ৷ আজিৰে পৰা শুকুৰবাৰে পুৱা 9 বজালৈকে প্ৰয়াত নিপন গোস্বামীৰ পাৰ্থিৱ শৰীৰ জ্যোতি চিত্ৰবনতে ৰখা হ’ব ৷ তাতেই প্ৰয়াত অভিনেতাগৰাকীক গুণমুগ্ধই জনাব পাৰিব শ্ৰদ্ধাঞ্জলি । তাৰ পাচতেই প্ৰয়াত নিপন গোস্বামীৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব কলাক্ষেত্ৰ আৰু দীঘলীপুখুৰীলৈ ৷ পৰৱৰ্তী সময়ত দিনৰ প্ৰায় 11 বজাত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব অমসীয়া ছবিজগতৰ মহীৰূহগৰাকীক (Funeral of Veteran Nipon Goswami will be held with full state dignity) ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.