ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 28, 2022, 7:02 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

SI Exam paper leak : এছ পি লীনা দলেয়ে ক’লে পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী

পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী । ফাদিল হোৱা নাই প্ৰশ্নকাকত । সংবাদমেল আয়োজন কৰি এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP press meet on SI scam)। নিৰীক্ষকে জমা নোলোৱা তিনিগৰাকীকৈ পৰীক্ষাৰ্থীৰ প্ৰশ্নকাকত জব্দ নগাঁও আৰক্ষীৰ ।

ৰতন টাটাৰ অসম প্ৰেমত মুগ্ধ ৰাজ্যবাসী

অসমৰ প্ৰতি থকা প্ৰেম পুনৰবাৰ প্ৰমাণ কৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাই । আজি শাৰীৰিক অসুস্থতাৰ মাজতো ৭ খন কেন্সাৰ চিকিৎসালয় নিৰ্মাণ কৰি উদ্বোধনৰ বাবে নিজেই ডিব্ৰুগড়লৈ আহিল ৰতন টাটা (Ratan Tata in Assam) ।

নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ । কেইবা হাজাৰ বাছেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ লোকসকলক কঢ়িওৱাৰ লগতে কেইবাখনো যাত্ৰীবাহী ৰে’লেৰে জনগণক প্ৰধানমন্ত্ৰীৰ সভালৈ অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

অসমত মোদী; বৰপেটাত আটক প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ কংগ্ৰেছ নেতা-কৰ্মী

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই ৰঙা ঘৰৰ আলহী হ’বলগীয়া হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাসহ (APCC president Bhupen Kumar Bora arrested) প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী ৷ কংগ্ৰেছী প্ৰতিবাদকাৰীসকলক টানি টানি বাছত উঠাই বৰপেটা সদৰ থানালৈ নিলে আৰক্ষীয়ে ৷

পলাই যোৱা ডকাইতো আহিল ঘূৰি; এনকাউন্টৰৰ ভয়ে খেদিছে নেকি ?

যোৱা ১ এপ্ৰিলত গোৱালপাৰাত আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছিল বিভিন্ন ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ থকা তিনিটাকৈ ডকাইত (Three dacait killed in encounter in Assam) ৷ ইয়াৰ মাজৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰি গৈছিল নজমল হক নামৰ এটা ডকাইত ৷

North East Festival 2022 : সপ্তাহজোৰা কাৰ্যসূচীৰে খানাপাৰাত আৰম্ভ উত্তৰ-পূব মহোৎসৱ

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰ‍াখি ড'নাৰ মন্ত্ৰালয় আৰু এন ই চিৰ উদ্যোগত উত্তৰ-পূব মহোৎসৱৰ আয়োজন (North East Festival 2022 in Guwahati)। খানাপাৰত মহোৎসৱৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুজৰাটৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত (Congress protests demanding release of Jignesh Mevani)। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

মিছা কথাৰ ঠেং চুটি : ছিংগাপুৰত দুই ভাৰতীয়ক কাৰাদণ্ড

ছিংগাপুৰৰ এখন আদালতে দুই ভাৰতীয় মূলৰ লোকক নিক্ষেপ কৰিছে কাৰাগাৰলৈ (Singapore court sent two Indian origin men to jail) । 5 দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব দুয়োগৰাকী লোক । অতৰ্কিতে ব্যক্তি দুগৰাকীক কাৰাগাৰলৈ পঠিওৱাৰ কাৰণ ব্যক্ত কৰিলে ছিংগাপুৰ চৰকাৰে ৷

হিন্দী ভাষাক লৈ টুইটাৰত শীতল যুদ্ধ অভিনেতা অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

অভিনেতা সুদীপে বিগত সপ্তাহত এটা চলচ্চিত্ৰ উন্মোচন অনুষ্ঠানত কৈছিল, "হিন্দী এতিয়া আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়" ৷ তাকে লৈ অভিনেতা অজয় দেৱগণে টুইটাৰত নিজৰ মত প্ৰকাশ কৰাৰ পিছত দুয়ো তাৰকাৰে মাজত আৰম্ভ হৈছে এখন শীতল যুদ্ধ (Ajay Devgn Kichcha Sudeep engage in twitter debate over hindi language) ৷

দীপিকাৰ পূৰ্বে এইসকল তাৰকাই কান চলচ্চিত্ৰ মহোৎসৱত পালন কৰিছিল বিচাৰকৰ দায়িত্ব

মঙলবাৰে নিশা ৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে বলীউড তাৰকা দীপিকা পাডুকনৰ নাম ঘোষণা কৰা হৈছে ৷ তাৰ লগেই লগেই পূৰ্বতে এই সন্মানৰ অংশীদাৰ হোৱা ভাৰতীয় চেলিব্ৰেটীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল দীপিকাৰ (Bollywood Stars at Cannes Film Festival) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.