ETV Bharat / state

North East Festival 2022 : সপ্তাহজোৰা কাৰ্যসূচীৰে খানাপাৰাত আৰম্ভ উত্তৰ-পূব মহোৎসৱ

author img

By

Published : Apr 28, 2022, 6:36 PM IST

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰ‍াখি ড'নাৰ মন্ত্ৰালয় আৰু এন ই চিৰ উদ্যোগত উত্তৰ-পূব মহোৎসৱৰ আয়োজন (North East Festival 2022 in Guwahati)। খানাপাৰত মহোৎসৱৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । মহোৎসৱৰ উদ্বোধনী উপলক্ষে হাফ মাৰাথন, চাইক্ল'থন আৰু ৱাকাথনৰ আয়োজন । মহোৎসৱৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা মণিপুৰত অনুষ্ঠিত হ'ব । ৪ মে'ত গুৱাহাটীত হ'ব সামৰণি অনুষ্ঠান ।

North East Festival 2022
আৰম্ভ উত্তৰ পূব মহোৎসৱ

গুৱাহাটী,২৮ এপ্ৰিল : গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে সপ্তাহজোৰা উত্তৰ-পূব মহোৎসৱৰ শুভাৰম্ভ হয় (North East Festival 2022 begins in Guwahati)। আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল সামৰি উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় আৰু উত্তৰ-পূব পৰিষদৰ উদ্যোগত ৪ মে' লৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে । অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত উত্তৰ-পূব মহোৎসৱৰ শুভাৰম্ভ কৰে (Biswajit Daimary inaugurates North East Festival 2022)।

North East Festival 2022
আৰম্ভ উত্তৰ পূব মহোৎসৱ

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে নডেল বিভাগ হিচাপে কাৰ্যনিৰ্বাহ কৰি সাংস্কৃতিক পৰিক্ৰমা আৰু পৰিবহণ বিভাগৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰিছে । মহোৎসৱৰ উদ্বোধনী উপলক্ষে বৃহস্পতিবাৰে হাফ মাৰাথন, চাইক্ল'থন আৰু ৱাকাথনৰ আয়োজন কৰা হয় । উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰায় এশগৰাকী প্ৰতিনিধিৰ লগতে অসমৰ দুই সহস্ৰাধিক ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমীৰ অংশগ্ৰহণেৰে এই তিনিওটা ক্ৰীড়া অনুষ্ঠানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ক্ৰমে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৱসৰপ্ৰাপ্ত এয়াৰ মাশ্বাৰ্ল তথা উত্তৰ-পূব পৰিষদৰ সদস্য অঞ্জন কুমাৰ গগৈ আৰু অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে ।

North East Festival 2022
আৰম্ভ উত্তৰ পূব মহোৎসৱ

মুখ্য অতিথি ৰূপে উপস্থিত থাকি মহোৎসৱ মুকলি কৰি দিয়া ভাষণত অধ্যক্ষ দৈমাৰীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱ হৈছে ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত দেশখনে কিমান দূৰ আগুৱালে আৰু কৰণীয় কি আছে, এয়া বুজাৰ বাবে ভাৰত চৰকাৰে আয়োজন কৰা এক মহত্বপূৰ্ণ উৎসৱ । উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু মেৰিকম, লাভলীনাকে ধৰি বহুতো খেলুৱৈয়ে উত্তৰ-পূবৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত থাকিলে শৰীৰ চৰ্চাৰো অনুশীলন হয় ।

North East Festival 2022
আৰম্ভ উত্তৰ পূব মহোৎসৱ

উত্তৰ-পূব মহোৎসৱে এই ক্ষেত্ৰত জনসাধাৰণক বিশেষকৈ নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত দেশত যাতে সকলোৰে বাবে গৃহ, খোৱাপানী, অন্ন উপলব্ধ হয় আৰু সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসম চৰকাৰে সেই একেই উদ্দেশ্যৰে অৰুণোদয়ৰ দৰে আঁচনিসমূহ ৰূপায়ণ কৰিছে বুলিও তেওঁ কয় ।

স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সকলোৱে যাতে দেশৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰে তাৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । তদুপৰি এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান অসমত আয়োজন কৰাৰ বাবে তেওঁ উদ্যোক্তাসকলক ধন্যবাদ জনায় ।

অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অঞ্জন কুমাৰ গগৈয়ে এই মহোৎসৱত অংশ গ্ৰহণৰ বাবে নৱ প্ৰজন্মই প্ৰদৰ্শন কৰা ক্ৰীড়াসুলভ উৎসাহৰ বাবে আনন্দ প্ৰকাশ কৰে আৰু উত্তৰ-পূব পৰিষদ আৰু ড'নাৰ মন্ত্ৰণালয়ৰ হৈ সকলোকে আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে ।

North East Festival 2022
আৰম্ভ উত্তৰ পূব মহোৎসৱ

উত্তৰ-পূব মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বড়ো, মিছিং, কাৰ্বি, তিৱা, ৰাভা, হাজং, চাহ জনগোষ্ঠীৰ নৃত্য-গীতৰ উপৰিও বিহু হুঁচৰিকে ধৰি অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় । আনহাতে পৰিবহণ বিভাগৰ সৌজন্যত বিহু হুঁচৰি, বাটৰ নাট আৰু মুকাভিনয়েৰে পথ সুৰক্ষা সম্পৰ্কত সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অনুষ্ঠানত অসম চৰকাৰৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা, যুটীয়া সচিব ডাঃ চাদনেক সিং, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উত্তৰ পূব পৰিষদৰ পৰিকল্পনা উপদেষ্টা কেলভিন হৰিশ খৰছিঙ উপস্থিত আছিল । উল্লেখ্য যে এই মহোৎসৱৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা মণিপুৰত অনুষ্ঠিত হ'ব আৰু অহা ৪ মে'ত গুৱাহাটীত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ পৰা আঁতৰোৱা হ'ব আফস্পা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.