ETV Bharat / state

উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ পৰা আঁতৰোৱা হ'ব আফস্পা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By

Published : Apr 28, 2022, 2:22 PM IST

Updated : Apr 28, 2022, 8:02 PM IST

AFSPA
উত্তৰ পূবৰ সকলো ৰাজ্যৰ পৰা AFSPA আঁতৰোৱা হ'ব

এদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে অসমত উপস্থিত হৈছে (Prime Minister Narendra Modi visits Assam) । ইতিমধ্যে কাৰ্বি আংলঙত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই সভাত অসম তথা উত্তৰ-পূৱৰ বাবে কেইবাটাও ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । উত্তৰ-পূৱৰ পৰা AFSPA আঁতৰোৱাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ ।

তেজপুৰ,২৮ এপ্ৰিল : উত্তৰ-পূবৰ সকলো ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) আঁতৰোৱা হ'ব (AFSPA will be removed from all northeastern states)- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । কাৰ্বি আংলঙৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে (Modi addresses public meeting in Karbi Anglong) ৷

ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ৮ বছৰত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন অংশত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যথেষ্টখিনি অঞ্চলৰ পৰা AFSPA আঁতৰোৱা হৈছে । তেওঁ উল্লেখ কৰা মতে, উক্ত সময়চোৱাত উত্তৰ-পূৱত সংঘটিত হিংসাত্মক ঘটনা ৭৫ শতাংশ হ্ৰাস পাইছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, অসমত এই আইন যোৱা তিনি দশক ধৰি কাৰ্যকৰী হৈ আছে । চৰকাৰে আইনখন সম্প্ৰসাৰিত কৰি আহিছিল, কিয়নো আইন-শৃংখলা পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাছিল । অৱশ্যে পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অসমৰ ২৩ খন জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে (AFSPA removed from 23 districts of Assam) । আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ বাবে ত্ৰিপুৰা আৰু মেঘালয়ৰ পৰাও এই আইন আঁতৰাই দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

AFSPA
উত্তৰ পূবৰ সকলো ৰাজ্যৰ পৰা AFSPA আঁতৰোৱা হ'ব

ইফালে নাগালেণ্ড আৰু মণিপুৰৰ পৰিস্থিতিও উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । অসম-মেঘালয় সীমান্ত বিবাদ (Assam-Meghalaya border conflict) সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দিছপুৰ আৰু কেন্দ্ৰত থকা বিজেপি চৰকাৰে ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ নিষ্পত্তি কৰিছে । দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তি হোৱাৰ (Assam-Meghalaya border dispute resolved) লগে লগে বাকী ৰাজ্যসমূহেও চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমাৰ বিবাদ নিষ্পত্তিৰ বাবে আগবাঢ়ি আহিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

পূৰ্বৰ চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে উত্তৰ-পূৱৰ জনসাধাৰণে পূৰ্বে এক কঠিন পৰ্যায়ৰ মাজেৰে জীৱিকা নিৰ্বাহ কৰিছিল । কিন্তু ২০১৪ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

প্ৰধানমন্ত্ৰীৰ মতে বিজেপিয়ে উন্নয়ন আৰু বিশ্বাসৰ নীতিৰ ওপৰত কাম কৰি আছে । তেওঁ সদায় পুত্ৰ বা ভাতৃ হিচাপে ৰাইজৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰি আহিছে বুলি মোডীয়ে দাবী কৰে । উত্তৰ-পূৱৰ ৰাইজে যিধৰণে তেওঁক বিশ্বাস কৰিছে বা মৰম দিছে সেইবোৰ উন্নয়নৰ ৰূপত পুনৰ ৰাইজক ঘূৰাই দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

নিজৰ চৰকাৰক প্ৰশংসা কৰি মোডীয়ে দাবী কৰে যে বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবেই আজি কাৰ্বি আংলঙৰ ৬ টাকৈ উগ্ৰপন্থী সংগঠন আলোচনাৰ মাজলৈ আহিছে । চৰকাৰে ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি বড়োলেণ্ডত শান্তি ঘূৰাই আনিবলৈ সক্ষম হৈছে । হিংসা পৰিহাৰ কৰি শান্তিক আঁকোৱালি লোৱা সেই যুৱক-যুৱতীসকলক পুনৰ সংস্থাপনৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে,বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত (Prime Minister Narendra Modi visits Assam) কাৰ্বি আংলং জিলাত এখন চৰকাৰী মহাবিদ্যালয়, এখন পশু চিকিৎসা মহাবিদ্যালয় আৰু এখন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।

লগতে পঢ়ক : নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা

Last Updated :Apr 28, 2022, 8:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.