নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা

By

Published : Apr 28, 2022, 1:13 PM IST

thumbnail

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ । কেইবা হাজাৰ বাছেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ লোকসকলক কঢ়িওৱাৰ লগতে কেইবাখনো যাত্ৰীবাহী ৰে’লেৰে জনগণক প্ৰধানমন্ত্ৰীৰ সভালৈ অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে । প্ৰধানমন্ত্ৰীৰ সভাত প্ৰায় ডেৰ লাখ লোকৰ সমাগম আশা কৰি প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰাৰো কথা জানিব পৰা হৈছে(Preparation for Modi's Assam visit) । মোডীৰ সভালৈ চাহ বাগিচাৰ শ্ৰমিকক দিন হাজিৰা দিয়াৰ লগতে খোৱাৰ ব্যৱস্থা কৰাৰ প্ৰলোভনেৰে অনা বুলি অভিযোগ কৰিছে এগৰাকী চাহ শ্ৰমিকে ৷ এইসকল লোক ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা খোজকাঢ়ি প্ৰধানমন্ত্ৰীৰ সভালৈ যাবলগীয়া হৈছে(Modi meeting at Dibrugarh) । ষ্টেচনটোত যাতে কোনো বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.