ETV Bharat / state

লাডেনক লগত লৈ জোনাইত আৰক্ষীৰ চোৰৰ বিৰুদ্ধে অভিযান - THeft INCIDENT

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 5:03 PM IST

Jonai theft incidents: চুৰিমুক্ত জোনাই গঢ়ি তুলিবলৈ মাৰাথন অভিযান জোনাই আৰক্ষীৰ ৷ চুৰিৰ গোচৰত অভিযুক্ত লাডেনক লগত লৈ জোনাই আৰক্ষীয়ে ভিন্ন ঠাইত মাৰাথন অভিযান চলাই বহুতো চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

THeft INCIDENT
খাবলৈ পালেহে চোৰে স্বীকাৰ কৰিব চুৰিৰ কথা... (ETV BHARAT ASSAM)

খাবলৈ পালেহে চোৰে স্বীকাৰ কৰিব চুৰিৰ কথা... (ETV BHARAT ASSAM)

জোনাই, 16 মে’ : "মই মাজে মাজেহে চুৰি কৰিছিলো..." সাংবাদিকৰ প্ৰশ্নত চুৰি গোচৰত অভিযুক্ত লাডেনৰ উত্তৰ ৷ লগতে সাংবাদিকে সুধিছিল কালি কিয় চুৰি কৰাৰ কথা মানি লোৱা নাছিল ? তেতিয়া লাডেনৰ উত্তৰ আছিল, "কাৰণ কালি মই খাবলৈ পোৱা নাছিলো ৷"

ধেমাজি জিলাৰ জোনাইত বিগত দীৰ্ঘদিন ধৰি লাডেন আলী নামৰ এটা চোৰে উপদ্ৰৱ চলাই আছিল ৷ ইয়াৰ পিচতে মঙলবাৰে জোনাইৰ দৈনিক বজাৰত ব্যৱসায়ী আৰু ৰাইজে মিলি চুৰি কাৰ্যৰ সৈতে জড়িত লাডেনক হাতে-লোটে ধৰি গতাই দিছিল জোনাই আৰক্ষীক ৷ তাৰ পিচতে জোনাই আৰক্ষীয়ে আটকাধীন চোৰ লাডেন আলীৰ পৰা লাভ কৰা তথ্য অনুসৰি বুধবাৰে মাৰাথন অভিযান চলাই বহুতো চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে চোৰৰ অভিযুক্ত লাডেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতেই ভুক্তভোগীয়ে চুৰি হোৱা সামগ্ৰী বিচাৰি থানা পায়হি ৷ এগৰাকী ভুক্তভোগীয়ে জনোৱা অনুসৰি যোৱা 13 মাৰ্চ তাৰিখে মহিলাগৰাকীৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল ৷ সেয়েহে এই কাণ্ডত লাডেন জড়িত থকাৰ আশংকা প্ৰকাশ কৰি মহিলাগৰাকীয়ে লাডেনক চুৰি সামগ্ৰীৰ কথা সুধিবলৈ আহি থানালৈ আহে ৷

লক্ষণীয় যে, জোনাইত বহু দিন ধৰি দৈনিক বহু লোকৰ ঘৰৰ লগতে বিদ্যালয়ৰ পানী মটৰ, চিলিণ্ডাৰকে ধৰি বিভিন্ন সামগ্ৰী চোৰে লুটি নিয়াৰ ঘটনা সংঘটিত হৈ আহিছে ৷ আনহাতে জোনাই বজাৰৰ এজন ব্যৱসায়ীৰ গুডাম ঘৰৰ পৰা মঙলবাৰে কিছু দিনৰ পৰা প্ৰেছাৰ কুকাৰকে ধৰি প্ৰায় 2 লাখৰো অধিক টকাৰ বিভিন্ন সামগ্ৰী লুটি নিয়ে চোৰে ৷

তেনে সময়তে মঙলবাৰে জোনাই দৈনিক বজাৰত ব্যৱসায়ী ৰাইজৰ ৰোষত পৰে এটা চোৰ ৷ ৰাইজে ধৃত চোৰটোক ধৰি লপা-থপা দি গতাই দিয়ে জোনাই আৰক্ষীক ৷ ধৃত চোৰটোৰ নাম লাডেন আলী ৷

ইয়াৰ পিচতে লাডেনে ইটোৰ পিচত সিটোকৈ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে সম্প্ৰতি লাডেনৰ তথ্য অনুসৰি চোৰ বিচাৰি জোনাইত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : আজি এঘৰত, কাইলৈ সিঘৰত...মুঠতে চোৰৰ ৰ’বলৈ নাই আহৰি - THeft INCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.