ETV Bharat / state

আজি এঘৰত, কাইলৈ সিঘৰত...মুঠতে চোৰৰ ৰ’বলৈ নাই আহৰি - THeft INCIDENT

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 11:38 AM IST

Updated : May 15, 2024, 8:30 PM IST

Thief incident : জোনাইত চোৰৰ ৰম্যভূমি ৷ দীৰ্ঘদিন ধৰি ধেমাজি জিলাৰ জোনাইত এটা চোৰৰ ত্ৰাসে ৰাইজৰ টোপনি হৰিছে ৷

thief incident in jonai
আজি এঘৰত, কাইলৈ সিঘৰত...মুঠতে চোৰৰ ৰ’বলৈ নাই আহৰি (ETV BHARAT ASSAM)

আজি এঘৰত, কাইলৈ সিঘৰত...মুঠতে চোৰৰ ৰ’বলৈ নাই আহৰি (ETV BHARAT ASSAM)

জোনাই, 15 মে’ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইত এটা চোৰৰ উপদ্ৰৱে নিদ্ৰা কাঢ়িছে ৰাইজৰ ৷ ঘটনা অনুসৰি বিগত বহু দিনৰ পৰাই জোনাই ভিন্ন প্ৰান্তত প্ৰতিদিনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে ৷ এই কথা জোনাই আৰক্ষীক জনোৱাৰ পিচতে আৰক্ষীয়ে চোৰৰ শুংসূত্ৰ উলিয়াবলৈ পৰা নাছিল ৷

কিন্তু মঙলবাৰে দিন বেয়া আছিল চোৰৰ ৷ প্ৰথমে জোনাই ষ্টেট বেংকৰ বিপৰীত দিশে থকা তথা 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা URBAN CAFE ত চিচিটিভি কেমেৰাত বন্দী হোৱা এটা দৃশ্যই সকলোকে হতভম্ব কৰিছে ৷ এই দৃশ্যটো হৈছে মঙলবাৰৰ, তেতিয়া সময় পুৱা প্ৰায় 5.30 টা বাজিছে ৷ কেফেখনৰ ভিতৰৰ দুখন চোফাত পুৱা শুই আছিল দুজন কৰ্মচাৰী ৷ এনেতে কেফেৰ ছাটাৰ উঠাই সোমাই আহিল হেলমেট আৰু হাফপেণ্ট পৰিধান কৰা এটা হাই প্ৰফাইল চোৰ ৷ চোৰটোৱে ইফালে-সিফালে চাই আগবাঢ়ি যায় কেফেখনৰ কাউণ্টাৰৰ দিশে ৷ কাউণ্টাৰৰ ওপৰত এগৰাকী কৰ্মচাৰীৰ চাৰ্জিং কৰি ৰখা এটা ম’বাইল চোৰটোৱে নিচিন্তমনে নিজৰ পিচফালৰ পকেটত ভৰাই ওলাই গুচি যায় যদিও গমকে নাপায় শুই থকা দুই কৰ্মচাৰীয়ে ৷

এই সকলো দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয় যদিও সম্ভৱতঃ চোৰটোৱে জ্ঞাত যে কেফেখনত কেমেৰা থকাৰ কথা ৷ সেইবাবে চোৰটোৱে হেলমেট পৰিধান কৰি চুৰি কৰিবলৈ আহিছিল ৷

তাৰ পিচতে কেফেখনৰ লোকে জোনাই আৰক্ষীক ঘটনাৰ কথা অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো চোৰক কৰায়ত্ত কৰি শাস্তি দিয়া পৰিলক্ষিত নহ’ল ৷

ইফালে জোনাইত কেবাদিনৰ পৰা দৈনিক বহু লোকৰ ঘৰৰ লগতে বিদ্যালয়ৰ পানী মটৰ, চিলিণ্ডাৰকে ধৰি বিভিন্ন সামগ্ৰী চোৰে লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে জোনাই বজাৰৰ এজন ব্যৱসায়ীৰ গুডাম ঘৰৰ পৰা অজি কিছু দিনৰ পৰা প্ৰেছাৰ কোকাৰকে ধৰি প্ৰায় 2 লাখৰো অধিক টকাৰ বিভিন্ন সামগ্ৰী লুটি নিয়ে চোৰে ৷

তেনে সময়তে মঙলবাৰে জোনাই দৈনিক বজাৰত ব্যৱসায়ী ৰাইজৰ ৰোষত পৰে এটা চোৰ ৷ ৰাইজে ধৃত চোৰটোক ধৰি লপা-থপা দি গতাই দিয়ে জোনাই আৰক্ষীক ৷ যুৱকজনৰ নাম লাডেন আলী বুলি জানিব পৰা গৈছে ৷ ব্যৱসায়ী ৰাইজে জানিবলৈ দিয়া মতে উক্ত চুৰি কাৰ্যসমূহত লাডেন আলীৰ লগতে আৰু বহু যুৱক জড়িত হৈ আছে ৷

উল্লেখ্য যে, জোনাইত ইমানবোৰ চুৰিকাৰ্য সংঘটিত হৈ থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিচতো কিন্তু আজি পৰ্যন্ত এটা চোৰকো আটক কৰিব পৰা নাই জোনাই আৰক্ষীয়ে ৷ যাৰ ফলত পুনৰ জোনাইৰ বিভিন্ন স্থানত মুক্তভাৱে চুৰিকাৰ্য অব্যাহত ৰাখিছে এক বৃহৎ চোৰৰ গেঙে ৷ এই ঘটনাই জোনাই আৰক্ষীৰ ব্য়ৰ্থতাক উদঙাইছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷

লগতে পঢ়ক: গুৱাহাটীত যান-বাহন চলাচলত থাকিব কিছু নিষেধাজ্ঞা: কোনকেইটা দিনত হ’ব প্ৰযোজ্য ? - Traffic Restrictions in Guwahati

Last Updated : May 15, 2024, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.