ETV Bharat / state

গুৱাহাটীত যান-বাহন চলাচলত থাকিব কিছু নিষেধাজ্ঞা: কোনকেইটা দিনত হ’ব প্ৰযোজ্য ? - Traffic Restrictions in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 7:47 PM IST

IPL Match in Guwahati : 15 আৰু 19 মে’ত গুৱাহাটীত আই পি এল মেচ ৷ পথ নিৰ্দেশনা কেনেধৰণৰ হ’ব ? কি কি ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা ? জানক এই প্ৰতিবেদনৰ জৰিয়তে...

IPL Match in Guwahati
DCP জয়ন্ত সাৰথি বৰাৰ সংবাদমেল (ETV Bharat Assam)

DCP জয়ন্ত সাৰথি বৰাৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ১৪ মে’ : গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বহুপ্ৰতিক্ষিত আই পি এল মেচলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী আছে ৷ আই পি এল মেচৰ সময়ত যাতে মহানগৰীত যানজঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে আই পি এল মেচৰ বাবে দুদিন যান-বাহন চলাচলত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ।

মঙলবাৰে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডি চি পি জয়ন্ত সাৰথি বৰাই এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ৷ তেখেতক সংগ দিয়ে অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিপ কোঁৱৰে ।

সংবাদমেল সম্বোধন কৰি জয়ন্ত সাৰথি বৰাই কয় যে 27 নং ৰাষ্ট্ৰীয় ঘাইপছত চাৰি চকাতকৈ ডাঙৰ বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ কাইলৈ আৰু ১৯ মে’ত বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ ৷ ডি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, ঢপলিয়া ৰোড, বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এ টি ৰোড , আৰ এম চি ৰোড, জি এন বি ৰোড আৰু কাহিলীপাৰা ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল ৷ তিনি চকীয়া বাণিজ্যিক বাহনৰো চলাচল বন্ধ থাকিব এইসমূহ পথত ৷

কাইলৈ আৰু ১৯ মে’ত আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ ওৱান ৱে’ ৰোডৰহে ব্যৱস্থা থাকিব ৷ খেলৰ দিনা বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ পথচোৱা ওৱান ৱে’ হ’ব ৷ অৱশ্যে জৰুৰীকালীন বাহন, স্কুল বাহন আৰু স্থানীয় বাসিন্দাৰ বাবে প্ৰযোজ্য নহয় এই নিষেধাজ্ঞা ৷

খেলৰ দৰ্শকসকলে ২ নং গেটেৰে সোমাবলৈ এ কে আজাদ পথেদি আহিব পাৰিব ৷ ৩ নং গেটৰ দৰ্শকসকল আৰ জি বৰুৱা পথেৰে সোমাব পাৰিব ৷ ৪ নং গেটৰ দৰ্শকসকল Rolling Mill Roadৰে সোমাব পাৰিব ৷

৫ নং গেটৰ দৰ্শকসকল ভূপেন হাজৰিকা পথেদি সোমাব পাৰিব ৷ আনহাতে ৬ নং গেটৰ দৰ্শকসকলো ভূপেন হাজৰিকা পথেদিয়েই সোমাব পাৰিব ৷ ৭ নং গেটৰ দৰ্শকসকল সোমাব পাৰিব বৰ্ষাপাৰা পথেদি ৷

লগতে পঢ়ক: পুনৰ সেউজ আৱৰণ দিয়া হ’ল মৰা ভৰলুক, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.