ETV Bharat / state

জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Apr 28, 2022, 6:10 PM IST

গুজৰাটৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত (Congress protests demanding release of Jignesh Mevani)। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বিধায়কগৰাকীক মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে ।

Congress
জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী,২৮ এপ্ৰিল : গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক (Jignesh Mevani arrested by Assam police) লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ পাছতে অসমৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদো অব্যাহত আছে (Congress protest against unconstitutional arrest of Jignesh Mevani)।

জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তি কৰি দিয়াৰ দাবীত পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest in Guwahati)। কংগ্ৰেছৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকলে পুৱা ৰাজীৱ ভৱনৰ সন্মুখত মিলিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ জিগনেশ মেৱানীক বিনা চৰ্তে মুক্তি দিয়ক, বিজেপি চৰকাৰ হায় হায়, প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰা নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছ নেতা নুৰুল হুদাই কয় যে, আৰক্ষীয়ে এটাৰ পিছত এটা মিছা গোচৰ জাপি দি দলিত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছে । প্ৰথমে কোকৰাঝাৰত এটা গোচৰত মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছত জামিন পালে । তাৰ পিছতে আন এক মিছা গোচৰ জাপি দি বৰপেটা আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰে (MLA Jignesh Mevani arrested in Assam)।

এতিয়া আকৌ গোৱালপাৰাৰ আন গোচৰ মেৱানীৰ ওপৰত জাপি দিছে । এনেদৰে বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰি মেৱানীৰ বলিষ্ঠ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰিছে । বিজেপি চৰকাৰৰ এই অন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজ্যৰ প্ৰতিখন জিলাত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে ।

উল্লেখ্য যে, গুৰজাটৰ পৰা গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ অনা জিগনেশ মেৱানীয়ে কোকৰাঝাৰৰ এটা গোচৰত জামিন পোৱাৰ পাছত বৰপেটাৰ আন এক গোচৰত বৰপেটা আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছে ।

ইফালে ৰাজীৱ ভৱনৰ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাধাৰণ সম্পাদক, বিধায়ক আৰু সাংসদসকল উপস্থিত থাকিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা জনোৱা হৈছিল যদিও নুৰুল হুদা আৰু শৰৎ বৰকটকীৰ বাহিৰে কোনো কংগ্ৰেছী নেতা কাৰ্যসূচীত উপস্থিত থকা দেখা নগ'ল ।

লগতে পঢ়ক :বিজেপিৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.