ETV Bharat / state

বিজেপিৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

author img

By

Published : Apr 28, 2022, 12:36 PM IST

বিজেপি চৰকাৰৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি হৈছে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (MLA Jignesh Mevani) ৷ অখিল গগৈৰ দৰে এটাৰ পাচত আনটো ভুৱা গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে দলিত নেতাগৰাকীক (Jignesh Mevani arrested by Assam police) ৷ এই অভিযোগ ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনৰ ৷

BJPs aggressive politics victim MLA Jignesh Mewani
বিজেপিৰ অক্ৰোষ মূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

গুৱাহাটী, 28 এপ্ৰিল : বিজেপি চৰকাৰৰ আক্ৰোশমূলক ৰাজনীতিৰ বাবেই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুজৰাটৰ কংগ্ৰেছী বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক (Jignesh Mevani in police custody) । এই অভিযোগ ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনৰ । বুধবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে ৰাইজৰ দলৰ নেতা গৰাকীয়ে সদৰি কৰে এই কথা ৷

লগতে তেওঁ কয় যে, গুজৰাটৰ বিধায়কগৰাকীক অসম আৰক্ষীয়ে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি তেওঁৰ ব্যক্তি স্বাধীনতা খৰ্ব কৰা হৈছে । বিজেপি চৰকাৰে প্ৰতিশোধৰ ৰাজনীতিৰে বিৰোধীক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷ লগতে ৰাইজৰ দলৰ নেতা গৰাকীয়ে এই সংবাদমেলৰ যোগেদি অনতিপলমে বিধায়কগৰাকীক মুক্তি কৰি দিয়াৰ বাবে চৰকাৰলৈ দাবী জনায় ।

বিজেপিৰ অক্ৰোষ মূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ভাল লগোৱাৰ বাবে গৃহ বিভাগক ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি চৰকাৰৰ এনে কাৰ্যৰ জৰিয়তে অসমবাসীক লজ্জানত কৰিছে বুলিও তেওঁ মন্তব্য কৰে । ইফালে ৰাইজৰ দলৰ সদ্য পদত্যাগী নেতা কমল মেধিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : বন্ধ কুঠৰীত কিদৰে সময় কটাইছে জিগনেশ মেৱানীয়ে ?

তেওঁ কয়, ‘‘ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপন হোৱাটো স্বাভাৱিক কথা । কমল মেধি যথেষ্ট জ্ঞানী ব্যক্তি ৷ তেওঁ যি দলতেই যোগদান কৰক আমি শুভেচ্ছা জনাম । তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিছো আমি’’ । বুধবাৰে আয়োজন কৰা এই সংবাদমেলত উপস্থিত থকা ৰাইজৰ দলৰ উপ সভাপতি দিলীপ বৰা আৰু উপদেষ্টা ঘনশ্যাম নাথে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ কয়, মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ব্ৰিটিছৰ দৰে ৰাইজক শাসন কৰিছে । এনে পৰ্যায় হ’লে ৰাজনৈতিক নেতাৰ বাহিৰে দাসৰ দৰে থাকিব লাগিব সৰ্বসাধাৰণ লোক । সেয়েহে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন ভূটানৰ কনছুল জেনেৰেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.