ETV Bharat / state

Jignesh Mevani Latest News : জিগনেশ মেৱানীক মুক্তিৰ দাবীত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

author img

By

Published : Apr 27, 2022, 6:21 PM IST

বিতৰ্কিত টুইট কৰি অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভৰ পিছতে পুনৰ অন্য এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে বৰপেটা আৰক্ষীয়ে (Jignesh Mevani arrested by Barpeta police)৷ কংগ্ৰেছী বিধায়কগৰাকীক মুক্তিৰ দাবীত চিপিআইএমৰ লগতে প্ৰতিবাদ সাব্যস্ত কিছে কংগ্ৰেছে ৷ বুধবাৰে বৰপেটাত জিলা কংগ্ৰেছে মৌন প্ৰতিবাদ ৰূপায়ন কৰাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে (Congress demands release of Jignesh Mevani) ৷

Jignesh Mevani Latest News
জিগনেশ মেৱানীক মুক্তিৰ দাবীত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

বৰপেটা, ২৭ এপ্ৰিল: গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত বৰপেটাত কংগ্ৰেছে মৌন প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত সাব্যস্ত কৰে এই মৌন প্ৰতিবাদ ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ নেতৃত্বত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী (Congress demands release of Jignesh Mevani)৷

জিগনেশ মেৱানীক মুক্তিৰ দাবীত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

দেশত বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে আব্দুৰ ৰহিম খানে ৷ অসম আৰক্ষী বিজেপি চৰকাৰৰ দলীয় শাখাত পৰিণত হোৱা বুলিও মন্তব্য ৰহিম খানৰ ৷ ইপিনে আব্দুৰ ৰহিম খানে জনোৱা মতে বৃহস্পতিবাৰে বাক্ স্বাধীনতা আৰু জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছে ৷ ৰাজ্যৰ জিলা সদৰসমূহত বৃহস্পতিবাৰে মৌন প্ৰতিবাদী কাৰ্যসূচীৰে চৰকাৰৰ স্বেচ্চাচাৰী নীতি আৰু জিগনেশ মেৱানীক মুক্তিৰ দাবী জনাব ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বৰপেটাত উপস্থিত হৈ জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে আব্দুৰ ৰহিম খানে ৷

লগতে পঢ়ক: Jignesh mevani latest news : জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত চিপিআইএমৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.