ETV Bharat / international

মিছা কথাৰ ঠেং চুটি : ছিংগাপুৰত দুই ভাৰতীয়ক কাৰাদণ্ড

author img

By

Published : Apr 28, 2022, 1:33 PM IST

ছিংগাপুৰৰ এখন আদালতে দুই ভাৰতীয় মূলৰ লোকক নিক্ষেপ কৰিছে কাৰাগাৰলৈ (Singapore court sent two Indian origin men to jail) । 5 দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব দুয়োগৰাকী লোক । অতৰ্কিতে ব্যক্তি দুগৰাকীক কাৰাগাৰলৈ পঠিওৱাৰ কাৰণ ব্যক্ত কৰিলে ছিংগাপুৰ চৰকাৰে ৷

Singapore
ছিংগাপুৰত দুই ভাৰতীয়ক কিয় জেললৈ পঠিয়ালে

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 এপ্ৰিল : সুৰাৰ প্ৰতি থকা আসক্তিৰ বাবে এইবাৰ ছিংগাপুৰত বিপদত পৰিল দুই ভাৰতীয় (Two Indians in trouble in Singapore) । ছিংগাপুৰৰ আদালতে দুয়োগৰাকীকে 5 দিনৰ বাবে নিক্ষেপ কৰিলে কাৰাগাৰলৈ (Singapore court sent two Indian origin men to jail) । লোক দুজন ক্ৰমে 65 বছৰীয়া উথেয়া কুমাৰ নল্লাথামবি আৰু 37 বছৰীয়া কিৰণ সিং ৰুঘবীৰ সিং ।

সপত্নীক কিৰণ সিং ৰুঘবীৰ সিঙে উথেয়া কুমাৰ নল্লাথামবিক যোৱা বছৰ 9 ছেপ্টেম্বৰত লগ পাইছিল । তিনিওগৰাকীয়ে পাছত সুৰা সেৱন কৰিবলৈ চেণ্টোচা নামৰ এটা দ্বীপ ৰিজ’ৰ্টলৈ গৈছিল । তাত তেওঁলোকে বিকিনি বাৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

পিছে ইমানলৈ সকলো ঠিকে আছিল । বিকিনি বাৰত প্ৰৱেশ কৰাৰ প্ৰাকক্ষণত লাগিল কেণা । উথেয়া কুমাৰ নল্লাথামবিয়ে গ্ৰহণ কৰা নাছিল ক'ভিডৰ প্ৰতিষেধক । যাৰ বাবে বাৰখনৰ মেনেজাৰে তেওঁক বাৰত প্ৰৱেশ কৰাত দিছিল বাধা ৷

কিন্তু তেওঁলোকৰ ইচ্ছা আছিল বাৰত প্ৰৱেশ কৰি সুৰা সেৱন কৰিবলৈ । তেতিয়াই ৰুঘবীৰ সিঙে উলিয়ালে এক বুদ্ধি । তেওঁৰ ট্ৰেচ টুগেদাৰ এপ্লিকেচন আৰু টীকাকৰণৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিবলৈ নল্লাথামবিক পৰামৰ্শ দিলে । বন্ধুৰ এই পৰামৰ্শ লৈ নল্লাথামবিয়ে নিজকে ৰুঘবীৰ সিং বুলি পৰিচয় দি মহিলাগৰাকীৰ সৈতে বাৰত প্ৰৱেশ কৰিলে ।

বাৰত প্ৰৱেশ কৰি সুৰা সেৱন কৰি থকা সময়তে বাৰৰ মেনেজাৰগৰাকীয়ে নল্লাথামবিক প্ৰত্যক্ষ কৰে । পূৰ্বে তেওঁক বাৰত প্ৰৱেশত বাধা দিয়া লোকজনে কেনেকৈ বাৰত প্ৰৱেশ কৰিলে, তাক লৈ সন্দেহ হ'ল মেনেজাৰৰ । পৰৱৰ্তী সময়ত বাৰৰ আন কৰ্মচাৰীসকলক এই বিষয়ে অৱগত কৰে আৰু নল্লাথামবিৰ সকলো তথ্য তন্নতন্নকৈ পৰীক্ষা কৰে ।

টীকাকৰণ নকৰা নল্লাথামবিয়ে ৰুঘবীৰ সিঙৰ সহায়ত বাৰত অবৈধভাৱে প্ৰৱেশ কৰাটোৱে আছিল অপৰাধ । যাৰ বাবে ছিংগাপুৰৰ আদালতে দুয়োজনকে 5 দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে ৷

লগতে পঢ়ক : US President to meet PM Modi : টকিঅ'ৰ কোৱাড সন্মিলনত জ' বাইডেনে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.