ETV Bharat / state

SI Exam paper leak : এছ পি লীনা দলেয়ে ক’লে পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী

author img

By

Published : Apr 28, 2022, 6:04 PM IST

পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী । ফাদিল হোৱা নাই প্ৰশ্নকাকত । সংবাদমেল আয়োজন কৰি এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP press meet on SI scam)। নিৰীক্ষকে জমা নোলোৱা তিনিগৰাকীকৈ পৰীক্ষাৰ্থীৰ প্ৰশ্নকাকত জব্দ নগাঁও আৰক্ষীৰ ।

no-scam-in-assam-police-si-exam-says-sp-leena-doley
পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী : এছ পি লীনা দলে

নগাঁও, 28 এপ্ৰিল : নগাঁও আৰক্ষীয়ে এক প্ৰকাৰে ওৰ পেলালে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ (Assam Police SI Exam updates)। সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সম্পূৰ্ণ নস্যাত কৰিলে নগাঁও আৰক্ষীয়ে (SI Exam paper leak)।

প্ৰশ্নকাকত ফাদিলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে আৰম্ভ কৰে অনুসন্ধান । এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত প্ৰথমে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ সোণমণি কোচ নামৰ এগৰাকী পৰীক্ষাৰ্থীক আটক কৰি সোধপোছ কৰি লাভ কৰে প্ৰকৃত তথ্য ।

পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী : এছ পি লীনা দলে

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে জানিবলৈ দিয়া মতে, গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী কলেজত অনুষ্ঠিত পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী সোণমণি কোচসহ তিনিগৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাৰ উত্তৰ বহি জমা দিয়াৰ পিছত পৰীক্ষাৰ্থী কেইগৰাকীৰ পৰা প্ৰশ্নকাকত জমা লোৱা নাছিল নিৰীক্ষকে (Assam Police SI exam)। যাৰ বাবে পৰীক্ষাৰ্থী তিনিগৰাকীয়ে প্ৰশ্নকাকত জমা দিয়াৰ বিপৰীতে ঘৰলৈ লৈ যায় (Assam Police SI exam paper) ।

ইয়াৰে সোণমণি কোচ পৰীক্ষাৰ অন্তত ঘৰলৈ উভতাৰ সময়ত আন এজন যুৱকে মোবাইলত প্ৰশ্নকাকতৰ ফটো সংগ্ৰহ কৰিছিল । এনেকৈয়ে মোবাইলে মোবাইলে পৰীক্ষাৰ অন্তত ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত । ইফালে, ঘটনাসন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই তৎপৰতাৰে অনুসন্ধান কৰি সোণমণি কোচৰ প্ৰশ্নকাকত জব্দ কৰাৰ পিছত বৃহস্পতিবাৰে আন দুগৰাকী পৰীক্ষাৰ্থীৰো প্ৰশ্নকাকত জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

বৃহস্পতিবাৰে নগাঁৱৰ সুমন শ্বাহা আৰু মৰিগাঁৱৰ জোনমণি বড়ো নামৰ পৰীক্ষাৰ্থী দুগৰাকীৰ পৰা নিৰীক্ষকে জমা নোলোৱা প্ৰশ্নকাকত জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে । অনুসন্ধানৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি স্পষ্ট মন্তব্য আগবঢ়াই নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে ।

তেওঁ কয় যে, ‘‘এছ আই পৰীক্ষাৰ নামত সংঘটিত হোৱা নাই কোনো কেলেংকাৰী । ফাদিল হোৱা নাই কোনো প্ৰশ্নকাকত । পৰীক্ষাৰ সামৰণিৰ পিছতহে নিৰীক্ষকৰ গাফিলতিৰ বাবে পৰীক্ষাৰ্থীয়ে ঘৰলৈ লৈ যোৱাৰ সময়তহে মোবাইলত শ্বেয়াৰ হৈছিল প্ৰশ্নকাকত’’ ।

অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা সম্পন্ন হোৱাৰ পিছত শ্বেয়াৰ হোৱা কাৰ্যই কোনো পৰীক্ষাৰ্থীকে উপকৃত কৰিব নোৱাৰে বুলিও মন্তব্য কৰে এছ পি লীনা দলেই । মুঠৰ ওপৰত এছ পি লীনা দলেৰ অনুসন্ধানে ওৰ পেলালে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ ।

লগতে পঢ়ক : SI Question Paper Viral: প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ কি নতুন মূৰ উলিয়ালে নগাঁও আৰক্ষীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.