ETV Bharat / entertainment

হিন্দী ভাষাক লৈ টুইটাৰত শীতল যুদ্ধ অভিনেতা অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

author img

By

Published : Apr 28, 2022, 6:23 PM IST

অভিনেতা সুদীপে বিগত সপ্তাহত এটা চলচ্চিত্ৰ উন্মোচন অনুষ্ঠানত কৈছিল, "হিন্দী এতিয়া আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়" ৷ তাকে লৈ অভিনেতা অজয় দেৱগণে টুইটাৰত নিজৰ মত প্ৰকাশ কৰাৰ পিছত দুয়ো তাৰকাৰে মাজত আৰম্ভ হৈছে এখন শীতল যুদ্ধ (Ajay Devgn Kichcha Sudeep engage in twitter debate over hindi language) ৷

twitter debate
মতানৈক্য চলিছে অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

চিটাৰা ডেস্ক, 28 এপ্ৰিল : বলীউড তাৰকা অজয় দেৱগণে বুধবাৰে দক্ষিণৰ তাৰকা কিচ্চা সুদীপৰ এক মন্তব্যৰ উত্তৰ দি কয় যে যদি হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়, তেন্তে বিভিন্ন ভাষাত নিৰ্মাণ কৰা চলচ্চিত্ৰ সমূহ কিয় হিন্দী ভাষালৈ ডাবিং কৰা হয় । সুদীপে যোৱা সপ্তাহত এটা চলচ্চিত্ৰ উন্মোচন অনুষ্ঠানত "কেজিএফ: চেপ্তাৰ 2"ৰ অভিলেখ ভংগ কৰা সফলতাৰ বিষয়ে সোধাত কৈছিল যে, "হিন্দী এতিয়া আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়" ৷ "কেজিএফ: চেপ্তাৰ 2" নামৰ কানাড়া চলচ্চিত্ৰখনৰ হিন্দী সংস্কৰণে অকলে ৩৩৬ কোটি টকা উপাৰ্জন কৰিছে ৷ ১৪ এপ্ৰিলত মুক্তি পোৱা ছবিখনে বিশ্বজুৰি ৮৫০ কোটি টকা উপাৰ্জন কৰিছে বুলি জানিব পৰা গৈছে ।

twitter debate
মতানৈক্য চলিছে অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলীৰ সৰ্বভাৰতীয় ব্লকবাষ্টাৰ "আৰআৰআৰ"ত অভিনয় কৰা দেৱগণে টুইটাৰত কৰ্ণাটকৰ অভিনেতাজনক টেগ কৰি লিখিছিল, "হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা হৈ আছিল, আছে আৰু সদায় থাকিব" ৷ ভাই, আপোনাৰ মতে, যদি হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়, তেন্তে আপুনি আপোনাৰ মাতৃভাষাৰ চলচ্চিত্ৰবোৰ হিন্দীত ডাবিং কৰি কিয় মুক্তি দিয়ে ?" দেৱগণে দেৱনাগৰী লিপিত লিখিছিল টুইটটো ।

'ৰানৱে ৩৪'ৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা অভিনেতাজনে শুকুৰবাৰে টুইট কৰি কয়, "হিন্দী আমাৰ মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষা আছিল, আছে আৰু সদায় থাকিব । জন গণ মন " (Ajay Devgn Kichcha Sudeep engage in twitter debate over hindi language) ৷

twitter debate
মতানৈক্য চলিছে অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

কানাড়া ভাষাত সংবাদ মাধ্যমক সম্বোধন কৰি সুদীপে কৈছিল, "ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলে ক'ব লাগে যে, তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে । তেওঁলোকে তামিল আৰু তেলেগু ভাষাত বলীউড চলচ্চিত্ৰসমূহক ডাবিং কৰি আছে আৰু তেওঁলোকে সংগ্ৰাম কৰি আছে । তেওঁলোক সক্ষম নহয় । আমি আজি সকলোৱে ঢুকি পাব পৰা চলচ্চিত্ৰ নিৰ্মাণ কৰোঁ’’ । ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই আৰু সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত 22 টা ভাষাৰ ভিতৰত হিন্দী আৰু কানাড়া অন্যতম (Ajay devgn in hindi language controversy) ।

twitter debate
মতানৈক্য চলিছে অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

সুদীপৰ মুক্তি পাবলগীয়া এক্সন ছবি "বিক্ৰান্ত ৰোনা"ক এখন সৰ্বভাৰতীয় চলচ্চিত্ৰ হিচাপে তৈয়াৰ কৰা হৈছে, যিখন ছবি কানাড়া, তামিল, তেলেগু আৰু মালায়ালমৰ বাহিৰেও হিন্দীত ভাষাত মুক্তি পাব বুলি আশা কৰা হৈছে । 'দাবাং ৩', 'ফুংক' আৰু 'ৰণ'ৰ দৰে হিন্দী চলচ্চিত্ৰতো অভিনয় কৰা সুদীপে কয় যে, তেওঁ কাকো নিজৰ মন্তব্যৰে আঘাত দিব বিচৰা নাই বা কোনো বিতৰ্কও আৰম্ভ কৰিব বিচৰা নাই ।

twitter debate
মতানৈক্য চলিছে অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

তেওঁ টুইট কৰে, "হেল্লো @ajaydevgn ছাৰ... মই প্ৰকাশ কৰা মন্তব্যটো অন্য এক দিশৰ পৰা কৈছিলো ৷ যাক আপুনি সম্পূৰ্ণৰূপে অন্য ধৰণে গ্ৰহণ কৰিছে । আপোনাক ব্যক্তিগতভাৱে লগ পালে মই মোৰ ভাৱ প্ৰকাশ কৰিম ৷ কোনো ধৰণৰ তৰ্ক বিতৰ্ক মই নিবিচাৰো ৷ মই কিয় এনেকুৱা কৰিম ছাৰ" ৷

সুদীপে ইংৰাজীত লিখিছিল, "মই মোৰ দেশৰ প্ৰতিটো ভাষাক ভাল পাওঁ আৰু সন্মান কৰোঁ । মই বিচাৰো যে এই বিষয়টো সম্পূৰ্ণ ৰূপে ইয়াতে শেষ হওক, যিহেতু মই অন্য ধৰণে কৈছিলো । আপোনাৰ বাবে বহুত মৰম আৰু শুভকামনা যাচিছো । সোনকালেই আপোনাক লগ পাম বুলি আশা কৰিছো’’ । আন এটা টুইটত সুদীপে কয় যে দেৱগণে হিন্দীত কি লিখিছে সেয়া তেওঁ বুজি পাইছে কিন্তু আচৰিত হৈছে ভাবি যে যদি তেওঁৰ সঁহাৰি কানাড়াত থাকিলহেঁতেন তেন্তে তেওঁৰ সহযোগী অভিনেতাসকলে কি কৰিলেহেঁতেন ।

twitter debate
মতানৈক্য চলিছে অজয় দেৱগন আৰু কিচ্চা সুদীপৰ মাজত

"আমি ভাৰতৰ নহয় নেকি ছাৰ" বুলি সুদীপে দেৱগণক সুধিছিল । দেৱগণে তেতিয়া সুদীপক "ভুল বুজাবুজি দূৰ কৰাৰ" বাবে ধন্যবাদ জনাইছিল আৰু কৈছিল যে তেওঁ কেৱল নিশ্চিত কৰিব বিচাৰিছিল যে মানুহে সকলো ভাষাকে সন্মান কৰে নে নকৰে । ‘‘আমি সকলো ভাষাকে সন্মান কৰোঁ আৰু আমি আশা কৰোঁ যে সকলোৱে আমাৰ ভাষাকো সন্মান কৰক" এইদৰে টুইট কৰে অজয়ে ৷

সুদীপে কয় যে, সেয়েহে গোটেই বিষয়টো নজনাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটো গুৰুত্বপূৰ্ণ । মই আপোনাক দোষ নিদিওঁ @ajaydevgn ছাৰ । হয়তো এইটো এটা সুখৰ মূহুৰ্ত হ'লহেঁতেন ‘যদি মই গঠনমূলক কাৰণত আপোনাৰ পৰা এটা টুইট পালোহেতেন । এই মাহৰ আৰম্ভণিতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে হিন্দীক ইংৰাজীৰ বিকল্প হিচাপে গ্ৰহণ কৰিব লাগে, স্থানীয় ভাষাৰ বাবে নহয় ৷

দিল্লীত চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ ৩৭ সংখ্যক বৈঠকত সভাপতিত্ব কৰি শ্বাহে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে যে চৰকাৰ চলাবলৈ চৰকাৰী ভাষা আছে আৰু ই নিশ্চিতভাৱে হিন্দীৰ গুৰুত্ব বৃদ্ধি কৰিব । বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানে, যাৰ মাতৃভাষা তামিল, শ্বাহৰ মন্তব্যক সমালোচনা কৰি কৈছিল, "তামিল হৈছে সম্পৰ্ক স্থাপন কৰিব পৰা ভাষা’’ ৷

লগতে পঢ়ক: পিতৃৰ সৈতে বাল্যকালৰ ফটো শ্বেয়াৰ কৰি আৱেগিক হৈ পৰিল এইগৰাকী অভিনেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.