ETV Bharat / snippets

মাংগালোৰ বিমানবন্দৰত কিয় হাহাকাৰ পৰিস্থিতি ?

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 6:40 PM IST

Air India Flight emergency landing
মাংগালোৰ বিমানবন্দৰত কিয় হাহাকাৰ পৰিস্থিতি (ETV Bharat)

নেশ্যনেল ডেস্ক,২৩ মে': কেৰালাৰ কোঝিকোডৰ বিপৰীতে কৰ্ণাটকৰ মাংগালোৰত অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমানৰ । পূৰ্বে কোনো ধৰণৰ জাননী নিদিয়াকৈয়ে মাংগালোৰত বিমানখন অৱতৰণ কৰাৰ অভিযোগ যাত্ৰীসকলৰ । কেইবা ঘণ্টা ধৰি মাংগালোৰ বিমানবন্দৰত উক্ত বিমানখনতে আৱদ্ধ হৈ থাকিল শিশুসহ ১৮০ গৰাকী যাত্ৰী । জানিব পৰা মতে এয়াৰ ইণ্ডিয়াৰ বিমানখন নিশা ডোহাৰ পৰা কোঝিকোডলৈ গৈ আছিল ।

কিন্তু নিশা পূৰ্বৰ জাননী অবিহনে বিমানখনে মাংগালোৰত অৱতৰণ কৰে । বিমানখন সন্ধিয়া কোঝিকোডত উপস্থিত হোৱাৰ কথা আছিল । যাত্ৰীসকলে নিশা বিমানখনতে বহি থকাৰ লগতে বহু যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰো অভিযোগ উঠিছে । ইফালে এয়াৰ ইণ্ডিয়াৰ বিষয়াসকলৰ মতে প্ৰতিকূল বতৰৰ বাবে বিমানখন মাংগালোৰত অৱতৰণ কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.