ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 15, 2022, 1:02 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

A lesson of experience : সন্তানৰ ভৱিষ্যতৰ বাবে সাহসী যোগিতাৰ ট্ৰাক চালক হোৱাৰ সিদ্ধান্ত !

কিছুমান লোকৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে হৃদয় স্পৰ্শ কৰি যায় । উত্তৰ প্ৰদেশৰ মহিলা ট্ৰাক চালক যোগিতা ৰঘুবংশীৰ কাহিনী শুনিলেও আপোনাৰ মন ভৰি যাব (Life struggle of Yogita Raghubanshi)। সন্তানৰ ভৱিষ্যতৰ কথা ভাবিয়ে স্বামীহাৰা মহিলাগৰাকীয়ে দিনে নিশাই ট্ৰাক চলাই ঘূৰি ফুৰিছে ।

FIFA World Cup 2022: নতুন ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ফাইনেলত আৰ্জেণ্টিনা আৰু ফ্ৰান্স

কাটাৰ ফিফা বিশ্বকাপ 2022ৰ খিতাপ দখলৰ লক্ষ্যৰে দেওবাৰে মহাৰণত অৱৰ্তীণ হ’ব আৰ্জেণ্টিনা আৰু ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স ৷ বিশ্বকাপৰ ইতিহাসত আৰ্জেণ্টিনাই ষষ্ঠবাৰলৈ আৰু ফ্ৰান্সে চতুৰ্থবাৰলৈ উপনীত হৈছে ফাইনেলত ৷ ফ্ৰান্সে এইবাৰ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’লে একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপৰ খিতাপ দখল কৰা তালিকাত ব্ৰাজিলৰ সমকক্ষ হ’ব ৷

Lachit Memorial and Cultural Project : দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প: মুখ্যমন্ত্ৰী

অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কাম (Lachit Barphukan Memorial and Cultural Project)। এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে প্ৰকল্পৰ ভূমি পূজন কৰাৰ পাছতে এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma at Teok)। লগতে পৰ্যটকৰ সুবিধাৰ্থে সমাধিক্ষেত্ৰলৈ যোৱা পথটোও আহল বহল কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Kidnapped in Prayagraj : প্ৰয়াগৰাজত ২০ লাখ মুক্তিপণ দাবীৰে বন্ধুক অপহৰণ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীয়ে অপহৰণৰ ঘটনাটো প্ৰকাশ কৰি এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । আনহাতে, ঘটনাটোত জড়িত দুজন অভিযুক্তক এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই । বৰ্তমান আৰক্ষীয়ে অভিযুক্তকেইজনৰ সন্ধান চলাই আছে (youth kidnapped friend for 20 lakhs ransom) ।

India-China Conflict: আজিৰে পৰা ভাৰত চীন সীমান্তত বায়ুসেনাৰ যুদ্ধ অভ্যাস

টাৱাংকাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ মাজতে অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত বায়ুসেনাৰ যুঁজাৰু বিমানে আজিৰে পৰা আৰম্ভ কৰিছে যুদ্ধাভ্যাস ৷ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘাতৰ পাচতে তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় বায়ুসেনাৰো(Air Force combat practice on India-China border) ৷

Poor road Condition at Rangia: মৰণফান্দলৈ পৰিণত হৈছে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথ

উন্নয়নৰ ফোপোলা স্বৰূপ ৷ বিগত 40 বছৰ ধৰি ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ তথা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-ভুটান পথৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটোৱে জ্বলাকলা দেখুৱাইছে গাওঁবাসীক (Poor road Condition at Rangia)৷

Wall painting awareness program: ৰং তুলিকাৰে জীপাল হৈছে ধেমাজি অসামৰিক চিকিৎসালয়

নতুন ৰঙেৰে ৰঙীন হৈছে ধেমাজি অসামৰিক চিকিৎসালয় (Dhemaji civil hospital)৷ হাতে হাতে ৰং তুলিকা লৈ এদল ন পুৰণি শিল্পীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ৰ দেৱালত সজাগতামূলক বিভিন্ন ছবি আঁকি বুলাই গৈছে ৰং (Wall painting awareness program in Dhemaji) ৷ ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ উদ্যোগত, ধেমাজি জিলা স্বাস্থ্য সমিতি আৰু অংকন কলা নিকেতনৰ সহযোগত বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বচ্ছতা আৰু সুস্বাস্থ্যৰ বাবে এদিন শীৰ্ষক এক অনুষ্ঠান সম্পন্ন হয় (Wall painting at Dhemaji civil hospital)৷ অনুষ্ঠানৰ কাৰ্যসূচী মৰ্মে পুৱা পুৱা চাফাই অভিযানৰ পিছতে ধেমাজিৰ নবীন প্ৰবীন শিল্পীৰ দ্বাৰা চিকিৎসালয়ৰ দেৱাল অংকন আৰু স্বচ্ছতাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

Government official beaten up: পলিথিনৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা চৰকাৰী বিষয়াক প্ৰহাৰ

বৰপেটাৰোডত ভয়ংকৰ কাণ্ড ৷ পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মঙলবাৰে বৰপেটাৰোডৰ বজাৰত প্ৰৱেশ কৰা স্বচ্ছ ভাৰত মিছনৰ (Swachh Bharat Mission) বিষয়া-কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যৱসায়ীয়ে ৷

Avoid tiny mistakes in Health policy : Medical claimৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা

আপুনি নিয়মীয়াকৈ প্ৰিমিয়াম পৰিশোধ কৰি আছে । কিন্তু কেতিয়াবা বীমা কোম্পানীয়ে আপোনাৰ চিকিৎসা দাবী গ্ৰহণ কৰা নাই (Health policies risk)।সাধাৰণ, সৰু ত্ৰুটি যেনে নাম ভুল, বয়সৰ ভুল উপস্থাপন, ধূমপানৰ অভ্যাস, বাৰ্ষিক উপাৰ্জনৰ বিৱৰণ প্ৰকাশ নকৰাৰ বাবে আপুনি সমস্যাত পৰিব পাৰে । তেতিয়া কি কৰিব ?

CM at Jorhat: যোৰহাটত আজি কেইবাটাও বৃহৎ প্ৰকল্পৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে

যোৰহাট জিলাত আজি কেইবাটাও বৃহৎ প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Groundbreaking ceremony)। জিলাখনৰ ক্ৰীড়া সন্থা খেলপথাৰত আয়োজন কৰাৰ হৈছে এই বিশাল সভাৰ । সৰ্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে ক্ৰীড়া সন্থা খেলপথাৰখন ৷ ইতিমধ্যে সভালৈ আগমন ঘটিছে বহু লোকৰ ৷ এক প্ৰকাৰে জনসমুদ্ৰত পৰিণত হৈছে ক্ৰীড়া সন্থা খেলপথাৰ ৷ এই সভাতে যোৰহাটবাসীৰ বাবে বৃহৎ প্ৰকল্প শিলান্যাস আৰু ভূমি পূজন কৰিব । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাইজক সভাগৃহলৈ সোমাবলৈ দিয়া হৈছে । এই সভাৰ পিছতেই ৪.৩০ বজাত যোৰহাট আবৰ্ত ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.