ETV Bharat / state

Government official beaten up: পলিথিনৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা চৰকাৰী বিষয়াক প্ৰহাৰ

author img

By

Published : Dec 15, 2022, 7:17 AM IST

Updated : Dec 15, 2022, 10:57 AM IST

বৰপেটাৰোডত ভয়ংকৰ কাণ্ড ৷ পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মঙলবাৰে বৰপেটাৰোডৰ বজাৰত প্ৰৱেশ কৰা স্বচ্ছ ভাৰত মিছনৰ (Swachh Bharat Mission) বিষয়া-কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যৱসায়ীয়ে ৷

Swachh Bharat Mission officer beaten up in Barpeta
Government official beaten up: পলিথিনৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা চৰকাৰী বিষয়াক প্ৰহাৰ

Government official beaten up: পলিথিনৰ বিৰুদ্ধে অভিযান চলাবলৈ অহা চৰকাৰী বিষয়াক প্ৰহাৰ

বৰপেটাৰোড, 14 ডিচেম্বৰ: পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মঙলবাৰে বৰপেটাৰোডৰ বজাৰত প্ৰৱেশ কৰা স্বচ্ছ ভাৰত মিছনৰ (Swachh Bharat Mission) বিষয়া-কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে ব্যৱসায়ীয়ে ৷ পৌৰসভাৰ কাৰ্যালয়ৰ বাথৰূমত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে চৰকাৰী বিষয়া ফয়েজ উদ্দিন আহমেদে (Government officer Faiz Uddin Ahmed) ৷

ঘটনা অনুসৰি অইন দিনাৰ দৰে মঙলবাৰে বৰপেটা জিলাৰ স্বচ্ছ ভাৰত অভিযানৰ আৰবানৰ বিষয়া ফয়েজ উদ্দিন আহমেদে বৰপেটাৰোড পৌৰসভাৰ কৰ্মচাৰীৰ সহযোগত বৰপেটাৰোডৰ বজাৰত পলিথিন ব্যৱহাৰ কৰা ব্যবসায়ীৰ বিৰুদ্ধে অভিযান (Abhiyan against traders using polythene )চলাবলৈ উপস্থিতি হৈছিল ৷ অভিযানকালত দলটোৱে কেবাখনো দোকানত পলিথিন ব্যৱহাৰ কৰি থকা প্ৰত্যক্ষ কৰে ৷ নীতি অনুসৰি পলিথিন ব্যৱহাৰ কৰা ব্যৱসায়ীৰ পৰা স্বচ্ছ ভাৰত অভিযানৰ আৰবানৰ বিষয়া-কৰ্মচাৰীৰ দলটিয়ে জৰিমনা আদায় কৰে ৷ প্ৰথম ব্যৱসায়ীগৰাকীয়ে চৰকাৰী বিষয়াগৰাকীৰ লগত বেয়া ব্যৱহাৰ কৰে(Swachh Bharat Mission officer beaten up in Barpeta) ৷

তাৰ পিচতেই ক্ৰমান্বয়ে তেওঁ জৰিমনা বিহা ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি হয় ৷ জৰিমনা আদায় কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সৈতে একাংশ ব্যৱসায়ীৰ প্ৰথমে তৰ্কাতৰ্কি হয় ৷ তেনেকুৱাতে চকুৰ পচাৰত ঠাইখনত ভালেসংখ্যক লোকে আগুৰি ধৰেহি ৷ লগে লগে লোকসকলে চৰকাৰী বিষয়াগৰাকীক ঘেৰি ধৰে ৷ উত্তেজিত ব্যৱসায়ীসকলে দলটোৰ ওপৰত খৰ্গহস্ত হৈ পৰে ৷

উত্তেজিত একাংশ ব্যৱসায়ীয়ে বিষয়া-কৰ্মচাৰীৰ দলটোক প্ৰহাৰ কৰে ৷ পৰিস্থিতি অধিক উত্তেজনাময় হোৱাৰ ফলত প্ৰাণ ৰক্ষাৰ বাবে স্বচ্ছ ভাৰত অভিযানৰ দলটিয়ে দৌৰি দৌৰি বৰপেটাৰোডৰ পৌৰ কাৰ্যালয়লৈকে আহে যদিও উত্তেজিত একাংশ ব্যৱসায়ীয়ে দলটিক প্ৰহাৰ কৰিবলৈ পিছে পিছে খেদি পৌৰ কাৰ্যালয়লৈকে যায় ৷ পাছত পৌৰসভাৰ বাথৰূমত সোমাইহে বিষয়াগৰাকীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰে বুলি ভুক্তভোগী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইয়াতেই ক্ষান্ত নাথাকি দলটিয়ে চৰকাৰী বিষয়াগৰাকীৰ পকেটৰ পৰা পলিথিন ব্যৱহাৰ কৰা দুগৰাকী ব্যৱসায়ীৰ পৰা জৰিমনা সংগ্ৰহ কৰা টকাৰ লগতে বিষয়াগৰাকীৰ পকেটত থকা নিজৰ ধনো কাঢ়ি নিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৷ সম্প্ৰতি চৰকাৰী বিষয়াগৰাকীৰ লগতে পৌৰসভাৰ কৰ্মচাৰীসকলে বৰপেটাৰোড আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷ বৰপেটাৰোড আৰক্ষীয়ে এই ঘটনাৰ বাবে কেবাজনো লোকক সোধাপোছৰ বাবে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

Last Updated :Dec 15, 2022, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.