Lachit Memorial and Cultural Project : দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প: মুখ্যমন্ত্ৰী

By

Published : Dec 15, 2022, 12:50 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কাম (Lachit Barphukan Memorial and Cultural Project)। এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে প্ৰকল্পৰ ভূমি পূজন কৰাৰ পাছতে এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma at Teok)। লগতে পৰ্যটকৰ সুবিধাৰ্থে সমাধিক্ষেত্ৰলৈ যোৱা পথটোও আহল বহল কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পুৱাই টীয়কৰ হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ ভূমি পূজন সম্পন্ন কৰে (Bhoomi Pujan of Lachit Memorial Project)। প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটোৰ ভূমি পূজন কাৰ্যসূচীত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকে । উল্লেখ্য যে উক্ত প্ৰকল্পৰ বিশেষ আকৰ্ষণ হ'ব বীৰ লাচিত বৰফুকনৰ প্ৰায় ১২৫ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি, লগতে সংগ্ৰহালয়, অত্যাধুনিক প্ৰেক্ষাগৃহৰ লগতে তাই আহোম সংস্কৃতিৰ ওপৰত গৱেষণা কৰিব পৰা ব্যৱস্থাও উক্ত স্থানতে কৰা হ'ব ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.