ETV Bharat / sports

FIFA World Cup 2022: নতুন ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ফাইনেলত আৰ্জেণ্টিনা আৰু ফ্ৰান্স

author img

By

Published : Dec 15, 2022, 12:48 PM IST

FIFA World Cup 2022
নতুন ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ফাইনেলত আৰ্জেণ্টিনা আৰু ফ্ৰান্স

কাটাৰ ফিফা বিশ্বকাপ 2022ৰ খিতাপ দখলৰ লক্ষ্যৰে দেওবাৰে মহাৰণত অৱৰ্তীণ হ’ব আৰ্জেণ্টিনা আৰু ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স ৷ বিশ্বকাপৰ ইতিহাসত আৰ্জেণ্টিনাই ষষ্ঠবাৰলৈ আৰু ফ্ৰান্সে চতুৰ্থবাৰলৈ উপনীত হৈছে ফাইনেলত ৷ ফ্ৰান্সে এইবাৰ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’লে একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপৰ খিতাপ দখল কৰা তালিকাত ব্ৰাজিলৰ সমকক্ষ হ’ব ৷

স্পৰ্টছ ডেস্ক, 15 ডিচেম্বৰ: ফিফা বিশ্বকাপ 2022ৰ ফাইনেলত আৰ্জেণ্টিনা মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সৰ(France VS Argentina) । কাটাৰ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত স্থান নিশ্চিত কৰিছে(FIFA World Cup 2022 semi final) । দুয়োখন দেশে এইবাৰ নতুন ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ফাইনেলত অৱৰ্তীণ হ’ব । আৰ্জেণ্টিনাই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত খেলিব, আনহাতে ফ্ৰান্সৰ দলটোৱে চতুৰ্থবাৰৰ বাবে ফাইনেলত উপনীত হৈছে(FIFA World Cup final) ।

আৰ্জেণ্টিনাই 1930 চনৰ ফাইনেলত উৰুগুৱেৰ দ্বাৰা প্ৰথমবাৰৰ বাবে পৰাজিত কৰা হৈছিল ৷ ইয়াৰ পাছত 1978 চনৰ ফাইনেলত আৰ্জেণ্টিনাই প্ৰথমবাৰৰ বাবে নেডাৰলেণ্ডক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে । তাৰ পিছত, 1986 চনত তেওঁ ফাইনেলত পশ্চিম জাৰ্মানীক পৰাস্ত কৰে আৰু দ্বিতীয়বাৰলৈ খিতাপ জয় কৰে । 1990 চনত আৰ্জেন্টিনাই পশ্চিম জাৰ্মানীৰ বিৰুদ্ধে ফাইনেল মেচত পৰাজিত হয় । 2014 চনত পুনৰ জাৰ্মানীৰ হাতত পৰাস্ত হয় আৰ্জেন্টিনা ।

একে সময়তে, ফ্ৰান্সৰ দলটোৱে 1998 চনত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল । ফ্ৰান্সত আয়োজন ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখনত ফ্ৰান্সে ব্ৰাজিলক 3-0 গ'লত পৰাস্ত কৰে আৰু প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱাৰ সপোন পূৰণ কৰে । ইয়াৰ পিছত 2006 চনত ফ্ৰান্সে দ্বিতীয়বাৰৰ বাবে ফাইনেলত উপনীত হৈছিল আৰু ইটালীয়ে পেনাল্টি শ্বুটৰ জৰিয়তে ফ্ৰান্সক 5-3 গ'লত পৰাস্ত কৰে । 2018 চনত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ দলে ক্ৰোৱেছিয়াক পৰাস্ত কৰে আৰু দ্বিতীয়বাৰ এই খিতাপ অৰ্জন কৰে ।

ফৰাচী দলটোৱে এইবাৰ তৃতীয়বাৰলৈ খিতাপ জয়ৰ লক্ষ্যৰে চতুৰ্থখন ফাইনেল খেলত অৱৰ্তীণ হ’ব(Qatar World Cup final 2022) ৷ দেওবাৰে লুচাইল ষ্টেডিয়াম অনুষ্ঠিত হ’ব ফাইনেল খেলখন ৷ ফ্ৰান্সে এইবাৰ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’লে একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপৰ খিতাপ দখল কৰা তালিকাত ব্ৰাজিলৰ সমকক্ষ হ’ব ৷

লগতে পঢ়ক : Qatar World Cup final 2022 : বিশ্বকাপৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.