ETV Bharat / state

Poor road Condition at Rangia: মৰণফান্দলৈ পৰিণত হৈছে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথ

author img

By

Published : Dec 15, 2022, 12:09 PM IST

উন্নয়নৰ ফোপোলা স্বৰূপ ৷ বিগত 40 বছৰ ধৰি ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ তথা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-ভুটান পথৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটোৱে জ্বলাকলা দেখুৱাইছে গাওঁবাসীক (Poor road Condition at Rangia)৷

Poor road Condition at Rangia
Poor road Condition at Rangia: মৰণফান্দলৈ পৰিণত হৈছে ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটো

মৰণফান্দলৈ পৰিণত হৈছে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটো

ৰঙিয়া, 15 ডিচেম্বৰ: ৰাজ্যত উন্নয়নৰ ফোপোলা স্বৰূপ ৷ ৰঙিয়াৰ এটা পথ মৰণফান্দত পৰিণত হৈ আহুকালৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ বাবে ৷ ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ তথা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-ভুটান পথৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথটোৱে জ্বলাকলা দেখুৱাইছে গাওঁবাসীক (Poor road Condition at Rangia)৷

উক্ত পথটোৰ এটা অংশ নিৰ্মাণ কৰা হৈছে যদিও বৃহৎ এটা অংশ এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে ৷ বিগত 40 বছৰ ধৰি পথটো একেদৰেই আছে (Poor road Condition since 40 years)৷ পথটোৰে দৈনিক ৰাইজে নিজৰ দৈনন্দিন কাম সমাধান কৰিবলৈ যাতায়ত কৰে । এইসকল লোকৰ ভিতৰত নিতৌ বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগী আৰু বৃদ্ধ লোকো আছে । জহি-খহি দ' খাৱৈত পৰিণত হোৱা এই পথটোৰে বিপদশংকুলভাৱে সকলোৱে বছৰ বছৰ ধৰি যাতায়ত অব্যাহত ৰাখিব লগা হৈছে ।

বাৰিষাৰ সময়ত পথটোৰ বোকাময় আৰু খৰালি কালত বালিময় পৰিবেশৰ সৈতে সকলোৱে পৰিচিত । প্ৰতিটো ঋতুতেই পথটোৰে গাড়ী মটৰ যোৱা দূৰৰ কথা চাইকেল চলাই যোৱাটো অত্যন্ত কষ্টদায়ক । ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাবলৈ অসুবিধা হোৱাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে ৰাইজ । কেইবা দশকৰ পৰা জৰাজীৰ্ণ অৱস্থাত থকা পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নাই চৰকাৰ তথা বিভাগৰ ।

ইতিমধ্যে বহুকেইটা দল শাসনৰ গাডীত বহিল যদিও আজিও ৰাইজৰ সমস্যা সমস্যা হৈয়েই থাকিল । ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ এটা অংশ কমলপুৰত আৰু আনটো অংশ ৰঙিয়াত থকা বাবে পথটো নিৰ্মাণৰ ক্ষেত্ৰত হেমাহি দেখুৱাই আহিছে গড়কাপ্তানী বিভাগে । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে (Locals demanded Road Construction) ৷

লগতে পঢ়ক: Blanket Distribution Ceremony : বিজেপিৰ কম্বল আনিবলৈ গৈ প্ৰাণ গ'ল 3 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.