ETV Bharat / bharat

A lesson of experience : সন্তানৰ ভৱিষ্যতৰ বাবে সাহসী যোগিতাৰ ট্ৰাক চালক হোৱাৰ সিদ্ধান্ত !

author img

By

Published : Dec 15, 2022, 12:07 PM IST

কিছুমান লোকৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে হৃদয় স্পৰ্শ কৰি যায় । উত্তৰ প্ৰদেশৰ মহিলা ট্ৰাক চালক যোগিতা ৰঘুবংশীৰ কাহিনী শুনিলেও আপোনাৰ মন ভৰি যাব (Life struggle of Yogita Raghubanshi)। সন্তানৰ ভৱিষ্যতৰ কথা ভাবিয়ে স্বামীহাৰা মহিলাগৰাকীয়ে দিনে নিশাই ট্ৰাক চলাই ঘূৰি ফুৰিছে ।

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক,১৫ ডিচেম্বৰ: এগৰাকী ব্যক্তিৰ জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ! প্ৰতিগৰাকী লোকৰে জীৱনত সংগ্ৰাম থাকে । কিছুমানৰ সেই সংগ্ৰাম অতি দুৰ্বিষহ হৈ পৰে । কিছুমান লোকৰ সংগ্ৰামৰ কাহিনীয়ে বহুতকে প্ৰেৰণা দিয়ে ।

তেনে এগৰাকী মহিলাৰ সংগ্ৰামৰ জীয়া ছবিয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ দৃষ্টি আকৰ্ষণ কৰিছে । মহিলাগৰাকী হৈছে উত্তৰ প্ৰদেশৰ যোগিতা ৰঘুবংশী (Life struggle of woman truck driver)। যোগিতা পেচাত এগৰাকী ট্ৰাক চালক । যি সময়ত একাংশ মহিলাই নিশা হ'লেই ঘৰৰ বাহিৰত নিৰাপত্তাৰ আশংকাত পৰে । তেনে সময়তে যোগিতাই দিনে নিশাই ট্ৰাক চলাই ঘূৰিছে দেশ ।

উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা যোগিতা বাণিজ্য আৰু আইনৰ শিক্ষাৰ্থী আছিল । ২০০১ চনত মধ্যপ্ৰদেশৰ ভূপালৰ এজনৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ পাছৰে পৰা যোগিতাৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল । কিয়নো বিয়াৰ পাছতহে তেওঁ গম পাইছিল তেওঁৰ স্বামী এগৰাকী ট্ৰাক চালক । তেওঁলোকৰ এটা সৰু গাড়ীৰ কোম্পানী আছিল । দুটা সন্তান জন্মৰ পাছত যোগিতাৰ জীৱনলৈ নামি আহিল অমানিশা ।

কাৰণ এদিন পথ দুৰ্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যু হ'ল । লগে লগে ঘৰ আৰু কোম্পানীৰ দায়িত্ব আহিল যোগিতাৰ মূৰৰ ওপৰত । কিন্তু আন এজন চালকে তেওঁলোকৰ ট্ৰাকখন চলাইছিল যদিও সময়মতে উপাৰ্জনবোৰ হাতলৈ অহা নাছিল । যাৰ বাবে ঘৰখন চলোৱাত সমস্যাৰ সৃষ্টি হৈছিল । সেয়ে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যোগিতাই নিজেই ট্ৰাক চলোৱাৰ সিদ্ধান্ত ল'লে (UP woman truck driver Yogita Raghubanshi)। লগে লগে যোগিতাৰ জীৱন সংগ্ৰামৰ আন এক অধ্যায় আৰম্ভ হ'ল ।

গাড়ী চলোৱাৰ প্ৰশিক্ষণ লৈ তেওঁ ট্ৰাকখন চলাবলৈ আৰম্ভ কৰিলে । যোগিতাই উল্লেখ কৰা মতে তেওঁ যেতিয়া ট্ৰাক চলাবলৈ আৰম্ভ কৰিছিল সেই সময়ত দেশত মহিলা ট্ৰাক চালক নাছিল । যাৰ বাবে তেওঁৰ এয়া এক ডাঙৰ প্ৰত্যাহ্বান আছিল । প্ৰথমে যোগিতাক বহুতে সমালোচনা কৰিছিল আৰু অপমানৰ সন্মুখীন হৈছিল । কিন্তু তেওঁ সকলো আওকাণ কৰি ধৈৰ্য্য ধৰি থাকিল ।

ৰাজপথত ট্ৰাক চলোৱাটো এটা অতি কঠিন কাম । যদি আপুনি নিজৰ ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হয় তেতিয়া নিশাও ভ্ৰমণ কৰিব লাগে । যোগিতাই এই সকলোবোৰ কথা জনাৰ পাছতো এই ট্ৰাক চালকৰ সংগ্ৰাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল । এগৰাকী মহিলাক ড্ৰাইভিং চিটত দেখি সকলোৱে আচৰিত হৈছিল ।

কিছুমানে আকৌ যোগিতাক প্ৰশংসাও কৰিছিল । প্ৰথমে, তেওঁ কেৱল কেইটামান অঞ্চললৈহে ভ্ৰমণ কৰিছিল । পাছত এনে কিছুমান পৰিস্থিতি আহিছিল যে যোগিতাই সমগ্ৰ দেশতে সামগ্ৰী পৰিবহণ কৰিব পৰা হ'ল । কেৱল পুৰুষেহে গধুৰ বাহন চলাব পাৰে বুলি যি ধাৰণা আছিল সেয়াও সলনি কৰিলে যোগিতাই ।

যোগিতা আজি নিজক লৈ গৌৰৱান্বিত কিয়নো তেওঁ এগৰাকী মহিলা হৈ প্ৰমাণ কৰি দেখুৱালে যে ইচ্ছা কৰিলে এগৰাকী মহিলাই সকলো প্ৰাপ্তি লাভ কৰিব পাৰে । ইয়াৰ পাছত আনকি বহু মহিলাই তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছে আৰু এই পথ বাছনি কৰিছে । যোগিতাই তেওঁ জীৱন সংগ্ৰামৰ কথা উল্লেখ কৰি কয় যে যদি কোনোৱে নিৰ্দিষ্ট এটা লক্ষ্যত উপনীত হ'ব বিচাৰে তেনেহ'লে তাক সাহসেৰে গ্ৰহণ কৰিব লাগে ।

লগতে পঢ়ক :Fighter jet exercise: বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আৰম্ভ কৰিব কুচকাৱাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.