ETV Bharat / bharat

Fighter jet exercise: বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আৰম্ভ কৰিব কুচকাৱাজ

author img

By

Published : Dec 14, 2022, 9:50 PM IST

Fighter jet exercise
Fighter jet exercise

ভাৰতীয় বায়ুসেনাৰ তেজপুৰ, চাবুৱা, যোৰহাট আৰু পশ্চিমবংগৰ হাছিমৰা ঘাটিৰ বিমানে কুচকাৱাজত অংশ গ্ৰহণ কৰিব (Fighter jet exercise) ৷ য’ত থাকিব ছুখৈ-30 এম কে আই, ৰাফেল, পৰিবাহী বিমান আৰু হেলিকপ্টাৰ ৷ প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ কমাণ্ডে চাৰিটা বায়ুসেনা চাউনীয়ে কুচকাৱাজত অন্তৰ্ভুক্ত কৰিছে ৷

তেজপুৰ, 14 ডিচেম্বৰ: ইয়াংস্তেত সংঘটিত ভাৰতীয় আৰু চীনা সৈন্যৰ সংঘাতৰ পাচত ভাৰতীয় বায়ুসেনাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ভাৰতীয় বায়ুসেনাৰ সূত্ৰই জনোৱা মতে, বায়ুসেনাই 15 আৰু 16 ডিচেম্বৰত পূৱ ছেক্টৰৰ সমীপত আৰম্ভ কৰিব কুচকাৱাজ (Fighter jet exercise) ৷ কমাণ্ড পৰ্যায়ৰ এই কুচকাৱাজত ভাৰতীয় বায়ুসেনাৰ পূৱ কমাণ্ডৰ (IAF eastern comand) অধীনত কেইবাখনো আগশাৰীৰ যুদ্ধ বিমানে অংশ গ্ৰহণ কৰিব ৷

সূত্ৰৰ তথ্য অনুসৰি, ভাৰতীয় বায়ুসেনাৰ তেজপুৰ, চাবুৱা, যোৰহাট আৰু পশ্চিমবংগৰ হাছিমৰা ঘাটিৰ বিমানে কুচকাৱাজত অংশ গ্ৰহণ কৰিব ৷ য’ত থাকিব ছুখৈ-30 এম কে আই, ৰাফেল, পৰিবাহী বিমান আৰু হেলিকপ্টাৰ ৷ প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ কমাণ্ডে চাৰিটা বায়ুসেনা চাউনীয়ে কুচকাৱাজত অন্তৰ্ভুক্ত কৰিছে ৷

যোৱা 12 ডিচেম্বৰত ভি জে সিঙে তেজপুৰ বায়ুসেনা চাউনীৰ কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ৷ যুদ্ধ জাহাজ উৰুৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অভিজ্ঞতাপুষ্ট বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷

উল্লেখ্য যে, তেজপুৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ এ এছ ৱালিয়াই জনাৱা তথ্য অনুসৰি, ৮-৯ ডিচেম্বৰৰ নিশা ভাৰতীয় সেনাৰ লগত চীনা সৈন্যৰ এক মুখামুখি সংঘৰ্ষ হয় (Indo China face off in Arunachal) । এই সংঘৰ্ষত সামান্য আৰু সাধাৰণভাৱে আহত হয় কেইবাগৰাকীও জোৱান । ৯ ডিচেম্বৰৰ নিশা চীনা সৈন্যৰে ভাৰতীয় সেনাৰ লগত হোৱা সংঘৰ্ষৰ ফলত ভাৰতৰ প্ৰায় ১০-১২ জনীয়া দল আহত হয় । টাৱাঙৰ আই টি বি পি ৰ অধীনৰ এলেকা সংঘটিত হয় এই সংঘৰ্ষ । উল্লেখ্য যে, বুমলাৰ পূব দিশে অৱস্থিত এই অঞ্চল ।

লগতে পঢ়ক: India China Border Clash : সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

আনহাতে চীন সেনাৰ বহুতো সৈন্য আহত হয় বুলি মন্তব্য সেনাৰ মুখ্যপাত্ৰগৰাকীৰ । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰতীয় সেনাৰ দখলত থকা এলেকাত বৃহৎ চীনা সৈন্য বাহিনীৰ এটা দল সোমাই আহে আৰু দুই পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । আহত ভাৰতীয় সেনা জোৱানসকলক গুৱাহাটীৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

এই সংঘাতৰ কথা পোহৰলৈ অহাৰ পাচতে বিৰোধীয়ে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে যদিও গৃহমন্ত্ৰী অমিত শ্বাহে ওলোটাই কংগ্ৰেছকহে চীনা আক্ৰমণৰ বাবে জগৰীয়া কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সদনত কয়, "মই এই সদনক ক'ব বিচাৰোঁ যে আমাৰ কোনো সৈনিকৰ মৃত্যু হোৱা নাই বা কোনোৱে গুৰুতৰভাৱে আঘাত পোৱা নাই । ভাৰতীয় সামৰিক কমাণ্ডাৰসকলে (Indian military commanders) সময়মতে কৰা হস্তক্ষেপৰ ফলত পিএলএ সৈন্যসকলে (PLA soldier) তেওঁলোকৰ স্থানলৈ পশ্চাদপসৰণ কৰিছে ।"

প্ৰতিৰক্ষা মন্ত্ৰীয়ে মঙলবাৰে দুয়োখন সদনক এই কথা অৱগত কৰে । তেওঁ লগতে সংসদক এইটোও জনায় যে বিষয়টো কূটনৈতিক মাধ্যমৰ জৰিয়তে চীনৰ ওচৰত উত্থাপন কৰা হৈছে ।

লগতে পঢ়ক: India China face off: সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ ভূমিকাক প্ৰশংসা পেমা খাণ্ডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.