ETV Bharat / state

India China Border Clash : সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

author img

By

Published : Dec 14, 2022, 5:52 PM IST

Tawang
Tawang

টাৱাঙত ভাৰত-চীন সেনা সংঘৰ্ষৰ প্ৰভাৱ পৰিল পৰ্যটন ক্ষেত্ৰত । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে (Bum la pass closed for tourist) । লগতে য়েংটছে অঞ্চলৰ চুমী গীয়েছেৰ (CHUMEE GYESER) জলপ্ৰপাত দৰ্শন কৰিবলৈ যোৱা পথো মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা দিয়া হৈছে ।

তেজপুৰ, ১৪ ডিচেম্বৰ : টাৱাঙত ভাৰত-চীন সেনা সংঘৰ্ষৰ প্ৰভাৱ পৰিল পৰ্যটন ক্ষেত্ৰত (Indo China army clash in Tawang) । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে (Bum la pass of Arunachal closed for tourist) । লগতে য়েংটছে অঞ্চলৰ চুমী গীয়েছেৰ (CHUMEE GYESER) জলপ্ৰপাত দৰ্শন কৰিবলৈ যোৱা পথো মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা দিয়া হৈছে । থিংবু ৰাজহ চক্ৰৰ (thingbu circle) চক্ৰ বিষয়া পেম্পেন মনপাই ইটিভি ভাৰতৰ তেজপুৰৰ সংবাদদাতাক এই কথা জানিবলৈ দিয়ে ।

সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ
সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

উল্লেখ্য, ইতিমধ্যে টাৱাঙত সতৰ্কবাণী জাৰি কৰা হৈছে । বিশেষ সূত্ৰত প্ৰকাশ যে উক্ত অঞ্চল পৰিদৰ্শন কৰাটো সম্প্ৰতি কিছুদিনৰ বাবে বন্ধ ৰখা হৈছে । কিয়নো উক্ত অঞ্চলটোত বৰ্তমানেও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে (Tanse situation in China border Arunachal) । টাৱাঙৰ বিভিন্ন ঠাইত সেনাৰ দ্বাৰা সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে (tight security in Tawang) । তাৰ বিপৰীতে কিন্তু সাধাৰণ লোকৰ মাজত কোনো ধৰণৰ আশংকা পৰিলক্ষিত হোৱা নাই ।

মন কৰিবলগীয়া যে ভাৰতীয় সেনাৰ লগত চীনা সৈন্যই (PLA) মুখামুখী হোৱাৰ পিছত আমেৰিকাৰ হোৱাইট হাউছ (White House) আৰু পেণ্টাগনৰ (Pentagon) তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে শান্তিবাৰ্তাৰ বাবে । উল্লেখযোগ্য যে হলী জলপ্ৰপাত বা চুমী ক্ষেত্ৰৰ লগত এক ধাৰ্মিক চেতনা জড়িত হৈ আছে । মুঠ ১০৮ টা জলপ্ৰপাতৰ বিস্তৃত অঞ্চল পৰিদৰ্শন কৰিবলৈ পৰ্যটকৰ ভিৰ হয় । বিশেষকৈ বৰ্তমান সময়ত পৰ্যটকৰ আগমন যথেষ্ট হয় । 108 টা জলপ্ৰপাতেৰে গঠিত এটা পবিত্ৰ জলপ্ৰপাতৰ এইটো অষ্টম শতিকাৰ সময়ছোৱাত গুৰু পদ্মা সাম্বৱাই শিলৰ ওপৰেৰে নিজৰ ৰোজী পেলাইছিল আৰু পিছলৈ সেইটো ১০৮ টা জলপ্ৰপাতলৈ ৰূপান্তৰিত হয় । জনশ্ৰুতি আছে যে উক্ত জলপ্ৰপাতৰ পানী খালে সকলো ৰোগ আৰু বেয়া শংকাৰ পৰা মুক্ত হ'ব পাৰে । সেইবাবেই অঞ্চলটোলৈ পৰ্যটকৰ আগমন যথেষ্ট পৰিমাণে হয় ।

সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ
সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

উল্লেখ্য, টাৱাং জিলাৰ পৰা প্ৰায় 40 কিলোমিটাৰ উত্তৰ-পূব দিশে ৱাই জংচৰৰ পৰা হলী জলপ্ৰপাতৰ সমীপত দুয়ো পক্ষৰ মাজত হতাহতি হয় । উক্ত স্থানত 2018 চনত চীনা PLA সৈন্যই বলপূৰ্বক প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল । উক্ত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত বাহৰ পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহে ৷ 2019 চনৰ 22 জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলী জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷

সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ
সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷ কিন্তু ই প্ৰকৃততে কিহৰ ইংগিত বহন কৰে ? নে চীনে ৰণনীতি সলনি কৰিব পূৰ্বৰ দৰে ? 2018 চনত চীনা সৈন্যই 326 বাৰ, 2017 চনত 426 বাৰ আৰু 2016 চনত 273 বাৰ সীমা উলংঘন, সীমা ঠেলা আৰু হতাহতিৰ ঘটনা সংঘটিত কৰিছিল ৷ ভাৰতৰ সৈতে চীনৰ 4,057 কিলোমিটাৰ সীমা লাডখৰ পৰা অৰুণাচল প্ৰদেশলৈকে আগুৰি আছে ।

লগতে পঢ়ক : Army alert on China Tibet border: টাৱাং সীমান্তৰ সংঘাতৰ পাচতেই উত্তৰাখণ্ডত সষ্টম ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.