ETV Bharat / bharat

Kidnapped in Prayagraj : প্ৰয়াগৰাজত ২০ লাখ মুক্তিপণ দাবীৰে বন্ধুক অপহৰণ

author img

By

Published : Dec 15, 2022, 12:48 PM IST

Updated : Dec 15, 2022, 1:59 PM IST

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীয়ে অপহৰণৰ ঘটনাটো প্ৰকাশ কৰি এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । আনহাতে, ঘটনাটোত জড়িত দুজন অভিযুক্তক এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই । বৰ্তমান আৰক্ষীয়ে অভিযুক্তকেইজনৰ সন্ধান চলাই আছে (youth kidnapped friend for 20 lakhs ransom) ।

kidnap
kidnap

প্ৰয়াগৰাজত ২০ লাখ মুক্তিপণ দাবীৰে বন্ধুক অপহৰণ

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বন্ধুৰ দ্বাৰা বন্ধুক অপহৰণ (Kidnapped in Prayagraj) । ধুমানগঞ্জ আৰক্ষী থানা অঞ্চলত এই ঘটনাটো সংঘটিত হৈছে । উক্ত অপহৰণৰ ঘটনাটো প্ৰকাশ কৰি আৰক্ষীয়ে কয় যে মঙলবাৰে নিশা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্তজনে এজন ব্যৱসায়ীৰ পুত্ৰৰ পৰা ২০ লাখ টকা দাবী কৰিছিল (youth kidnapped friend for 20 lakhs ransom) ।

আৰক্ষীয়ে ঘটনাটোত জড়িত আন দুজন দুৰ্বৃত্তকো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই উক্ত ঘটনাটো সফলতাৰে সম্পন্ন কৰাৰ বাবে আৰক্ষীৰ দলটোক ২৫,০০০ টকাৰে পুৰস্কৃত কৰিছে (youth arrested for kidnapping friend) ।

উল্লেখ্য, ধুমানগঞ্জ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা গেষ্ট হাউছ অপাৰেটৰ ভীম সিঙৰ পুত্ৰ বাচু সিঙক অঞ্চলটোৰ এজন যুৱকে দুজন সহযোগীৰ সৈতে অপহৰণ কৰিছিল । ঘটনাটো মঙলবাৰে নিশা সংঘটিত হৈছিল । সেই সময়ত ভাচু তেওঁৰ অতিথিশালাৰ পৰা ঘৰলৈ যাবলৈ ওলাইছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, ভাচুক তেওঁৰ চুবুৰীয়া এজন অৱসৰপ্ৰাপ্ত সেনাজোৱানৰ পুত্ৰ সৰ্বেশ সিঙে মাতিছিল । একেটা অঞ্চলৰ হোৱাৰ বাবে সৰ্বেশ ভাচুৰ বন্ধুআছিল । যাৰ বাবে ভাচুৱে সৰ্বেশৰ সৈতে গাড়ীত বহিছিল আৰু সুৰাপানো কৰিছিল (prayagraj kidnaping case) ।

তাৰ পিছত গাড়ীখনত থকা তিনিজন দুৰ্বৃত্তই অচেতন হৈ পৰা যুৱকজনক চহৰৰ বাহিৰলৈ লৈ যাব বিচাৰে । কিন্তু নিশা আৰক্ষীৰ তালাচী দেখি তেওঁলোক উভতি আহে । তাৰ পিছত অপহৃত ভাচুক ধুমানগঞ্জ অঞ্চলৰ এটা ফ্লেটলৈ লৈ যোৱা হয় আৰু তাত বন্দী কৰি ৰখা হয় । উক্ত ফ্লেটটো মাষ্টাৰ মাইণ্ড সৰ্বেশ সিঙে ভাড়ালৈ লৈছিল । পুৱা 2 বজাত সৰ্বেশে ভাচুৰ পিতৃক তেওঁৰ ফোনৰ পৰা ফোন কৰি 20 লাখ টকাৰ মুক্তিপণ দাবী কৰে । লগতে আৰক্ষীক অপহৰণৰ কথা ক'লে ভাচুক হত্যা কৰাৰো ভাবুকি দিয়ে (kidnaper threating of killing) ।

আনহাতে, পুত্ৰ ভাচুৰ ফোনটো বন্ধ হৈ থকাত আৰু ঘৰত উপস্থিত নোহোৱাৰ বাবে পৰিয়ালটোৱে বিষয়টো আৰক্ষীক জনায় । ইফালে যিটো নম্বৰৰ পৰা মুক্তিপণ দাবী কৰি ফোন কৰিছিল আৰক্ষীয়ে সেই নম্বৰটোৰ অৱস্থান বিচাৰি উলিয়ায় । অৱস্থান অনুসৰিয়ে আৰক্ষীয়ে যুৱকজন আৰু দুৰ্বৃত্তক বিচাৰিবলৈ আৰম্ভ কৰে । লগতে এগৰাকী মহিলাই ফোন কৰি আৰক্ষীক এটা ফ্লেটৰ ভিতৰৰ পৰা যুৱক এজনে চিঞৰি থকাৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি অপহৃতক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত মাষ্টাৰ মাইণ্ড সৰ্বেশ সিঙে আৰক্ষীক কয় যে তেওঁ ঋণ পৰিশোধ কৰিবলৈ বন্ধুক অপহৰণ কৰিছিল আৰু মুক্তিপণ সংগ্ৰহ কৰি ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা কৰিছিল । তেওঁ আৰক্ষীক লগতে কয় যে ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বেই বন্ধ হোৱা আৰু জুৱাৰ প্ৰতি আসক্তি হোৱাৰ বাবে তেওঁ লাখ লাখ টকা ঋণত আছিল । এই ঋণ পৰিশোধ কৰিবলৈ তেওঁ গেষ্ট হাউছ অপাৰেটৰৰ পুত্ৰক অপহৰণ কৰি মুক্তিপণ আদায় কৰাৰ ষড়যন্ত্ৰ কৰিছিল ।

আৰক্ষীয়ে কয় যে উক্ত ঘটনাত গ্ৰেপ্তাৰ হোৱা সৰ্বেশ সিঙৰ লগৰ আন দুজন বন্ধু এতিয়াও পলাতক হৈ আছে । আৰক্ষীয়ে পলাতক দুৰ্বৃত্ত দুজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে । ডিচিপি চিটি সন্তোষ কুমাৰ মীনাই কয় যে তিনিওজন অপহৰণকাৰীয়ে মুক্তিপণৰ পৰিমাণ পালে ভাচুক হত্যা কৰিলেহেঁতেন । কিয়নো ভাচু সৰ্বেশৰ বন্ধু আছিল । সেয়েহে তেওঁ মুক্তিপণ পোৱাৰ পিছত ভাচুক হত্যা হয়তো হত্যা কৰিলেহেঁতেন । ভাচুক জীয়াই ৰাখিলে তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰিলেহেঁতেন । সেই ভয়তে ভাচুক হত্যা কৰিলেহেঁতেন বুলি আৰক্ষীয়ে অনুমান কৰে ।

লগতে পঢ়ক :A lesson of experience : সন্তানৰ ভৱিষ্যতৰ বাবে সাহসী যোগিতাৰ ট্ৰাক চালক হোৱাৰ সিদ্ধান্ত !

Last Updated :Dec 15, 2022, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.