ETV Bharat / business

Avoid tiny mistakes in Health policy : Medical claimৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা

author img

By

Published : Dec 15, 2022, 11:02 AM IST

Avoid tiny mistakes in Health policy
Medical claimৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা

আপুনি নিয়মীয়াকৈ প্ৰিমিয়াম পৰিশোধ কৰি আছে । কিন্তু কেতিয়াবা বীমা কোম্পানীয়ে আপোনাৰ চিকিৎসা দাবী গ্ৰহণ কৰা নাই (Health policies risk)।সাধাৰণ, সৰু ত্ৰুটি যেনে নাম ভুল, বয়সৰ ভুল উপস্থাপন, ধূমপানৰ অভ্যাস, বাৰ্ষিক উপাৰ্জনৰ বিৱৰণ প্ৰকাশ নকৰাৰ বাবে আপুনি সমস্যাত পৰিব পাৰে । তেতিয়া কি কৰিব ?

নিউজ ডেস্ক,১৫ ডিচেম্বৰ : ইমান বছৰে আপুনি নিয়মীয়াকৈ প্ৰিমিয়াম পৰিশোধ কৰিছে । নিশ্চিত কৰিব যাতে আপোনাৰ পৰিয়ালৰ সকলো সদস্য বীমাকৃত হয় । কিন্তু, চিকিৎসাৰ ক্ষেত্ৰত জৰুৰী অৱস্থা উদ্ভৱ হ'লে, বীমা কোম্পানীয়ে যদি আপোনাৰ দাবী গ্ৰহণ নকৰে । কাক দোষ দিব ?

বাস্তৱত স্বাস্থ্য বীমা চুক্তিৰ যিকোনো সৰু ভুলৰ ফলত কেৱল পলিচি হ'ল্ডাৰৰ হে বিত্তীয় ক্ষতি হ'ব (Tiny mistakes may impede your medical claim)। কি কৰিব ? আহক সেই বিষয়ে আলোচনা কৰো ।

বীমাত পলিচি হ'ল্ডাৰ (policyholders) আৰু কোম্পানীৰ মাজত বিশ্বাস অন্তৰ্ভুক্ত হৈ থাকে (Trust between policyholders and companies)। এই বিশ্বাস কেৱল পলিচিখনৰ চৰ্তাৱলী আৰু নিয়মাৱলীৰ ক্ষেত্ৰত প্ৰযোজ্য । প্ৰায়ে, পলিচি হ'ল্ডাৰসকলে আৱেদন প্ৰপত্ৰ পূৰণ কৰোঁতে অসাৱধান হয় ।

জ্ঞাত বা অজ্ঞাতে, অভাৱপূৰ্ণ তথ্য প্ৰদান কৰে । সাধাৰণ ত্ৰুটিবোৰ ব্যয়বহুল প্ৰমাণিত হয় । সেইবোৰ নামত ভুল বানান, বয়সৰ ভুল উপস্থাপন, ধূমপানৰ অভ্যাস, বাৰ্ষিক উপাৰ্জনৰ বিৱৰণ প্ৰকাশ নকৰা আদি হ'ব পাৰে ।

আপোনাৰ পূৰ্বৰ চিকিৎসাৰ তথ্য সঠিকভাৱে প্ৰদান কৰিব লাগে । বহুলোকে ভাবে যে যদি সকলো বিৱৰণ কোৱা হয়, পলিচিখন দিয়া নহ'ব আৰু প্ৰিমিয়ামত অত্যাধিক মাচুল লোৱা হ'ব । কিন্তু আপুনি আপোনাৰ স্বাস্থ্যৰ তথ্য লুকুৱাই ৰাখিলেও আৰু পলিচি এখন ল'লেও, সমস্যা হ'ব ।

উদাহৰণ স্বৰূপে, পলিচিখনত ধূমপানৰ কথা উল্লেখ কৰা নাই । তেতিয়া কোম্পানীটোৱে দাবী কৰে যে পলিচিখন প্ৰৱঞ্চনাৰে লোৱা হৈছিল । এনে ধৰণৰ সমস্যা পৰিহাৰ কৰিবলৈ স্বাস্থ্য সম্পৰ্কীয় সকলো ব্যক্তিগত তথ্য উল্লেখ কৰক ।

কোম্পানীবোৰে পলিচি হ'ল্ডাৰসকলক এমাহ পূৰ্বে নৱীকৰণৰ বিষয়ে সতৰ্ক কৰে (Companies alert policy holders about renewal)। কিছুমান লোকে পলম কৰে । সাধাৰণতে ম্যাদ উকলি যোৱাৰ ৩০ দিন পৰ্যন্ত নৱীকৰণ সম্ভৱ । পলিচিখনৰ ম্যাদ উকলি যোৱাৰ লগে লগে বীমা ক'ভাৰ বন্ধ হৈ যায় । যদি এনে সময়তে আপোনাক অপ্ৰত্যাশিতভাৱে চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয় তেন্তে আপুনি ক্ষতিপূৰণ নাপাব ।

নতুন পলিচি এখন লোৱাৰ পাছত ৩০ দিনৰ অপেক্ষাৰ সময় আছে । এই সময়ছোৱাত, দুৰ্ঘটনাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত হে চিকিৎসা ব্যয় পৰিশোধ কৰা হয় । আনকি গুৰুতৰ ৰোগৰ ক্ষেত্ৰতো, বীমাকৃতই দাবীটো কেৱল তেতিয়াহে লাভ কৰিব যদি তেওঁলোকে ৰোগ নিৰ্ণয়ৰ পিছত কমেও ৩০ দিন জীয়াই থাকে । কিছুমান আগৰে পৰা থকা ৰোগৰ বাবে ২-৪ বছৰৰ অপেক্ষাৰ কথা কোৱা হয় আৰু ক্ষতিপূৰণ উপলব্ধ নহ'বও পাৰে । সেয়েহে, এনেবোৰ কথা পৰিহাৰৰ বাবে বিৱৰণ দিব লাগে ।

পলিচি এখন লোৱাৰ পূৰ্বে, চৰ্তাৱলী আৰু নিয়মাৱলী সম্পূৰ্ণকৈ জানিব লাগে (Terms and conditions of Health policy)। পলিচি দস্তাবেজৰ সকলো বিৱৰণ দুবাৰ ভালদৰে পৰীক্ষা কৰিব লাগে । প্ৰতিটো স্বাস্থ্য পলিচিত স্পষ্টভাৱে কোৱা হৈছে যে বীমা প্ৰযোজ্য নোহোৱা চৰ্তাৱলী আৰু নিয়মাৱলী । বহুলোকে ইয়াক উপেক্ষা কৰে । অৱশেষত, দাবী নাকচ হ'লে তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় । ভৱিষ্যতে এনে জটিলতাৰ সন্মুখীন হোৱাতকৈ আগতীয়াকৈ সাৱধান হোৱা ভাল ।

চিকিৎসা দাবী (medical claim) প্ৰত্যাখ্যান কৰাৰ আন এটা মুখ্য কাৰণ হ'ল পলিচি হ'ল্ডাৰসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত বীমা কোম্পানীক অৱগত কৰাত ব্যৰ্থ হোৱা । দুৰ্ঘটনা বা জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত তৎক্ষণাৎ স্বাস্থ্য বীমা দাবী কৰা সম্ভৱ নহ'ব পাৰে । অৱশ্যে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত বীমা কোম্পানীক বিৱৰণ দিব লাগে । আনকি পলিচি হ'ল্ডাৰে অৱগত কৰাৰ স্থিতিত নাথাকিলেও, তেওঁৰ মনোনীত ব্যক্তি বা কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিসকলে সময়মতে বীমা কোম্পানীক জনাব লাগে ।

লগতে পঢ়ক :Home Loan Rates : গৃহ ঋণৰ বোজা পাতলাবলৈ কেইটামান পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.