ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Sep 2, 2021, 3:00 PM IST

TOP 10 AT 3PM
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

1. বিষাক্ত সাপৰ বিষেৰে সম্ভৱ কৰ’ণা ভাইৰাছৰ চিকিৎসা !

কৰ’ণা প্ৰতিৰোধৰ বাবে সকলো দেশত এতিয়া ভেকচিন প্ৰদান কাৰ্য জোৰদাৰ গতিত চলিছে ৷ কিন্তু এতিয়ালৈ কোনো এখন দেশ তথা বৈজ্ঞানিকৰ দলে কৰ’ণাৰ ঔষধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এনে সময়তে প্ৰকাশ পাইছে ব্ৰাজিলৰ গৱেষকৰ চাঞ্চল্যকৰ ভাষ্য ।

2. পবিতৰা অভয়াৰণ্যৰ 98% এলেকা বানত প্লাৱিত

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ পবিতৰা অভয়াৰণ্যতো বানৰ ফলত শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আলাই-আথানি হৈছে জীৱ-জন্তুসমূহৰ ৷

3. জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ হাতীৰ পোৱালী

টীয়কৰ জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ এটা হাতী পোৱালী ৷ আৱদ্ধ হাতীৰ পোৱালীটোক লৈ আতংক ৰাইজৰ মাজত । ৰাইজে হাতী পোৱালীটোক খেদি পঠোৱাৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই । এই সন্দৰ্ভত বন বিভাগক(Forest Department) খবৰ দিয়া হৈছে যদিও এই মুহুৰ্তলৈকে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হোৱা নাই ।

4. লখিমপুৰত দুই বঙালী সংগঠনৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত সেনাৰ

দুই বঙালী সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা ৷ কিছুদিন পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দুটাকৈ বঙালী সংগঠনে তৰিছিল গোচৰ ৷ যাৰ বাবে বুধবাৰে লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ মাজত পুত্তলিকা দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

5. সংখ্যালঘু ৰাইজৰ শিক্ষাৰ উত্তৰণ হোৱাটো নিবিচাৰে শিক্ষামন্ত্ৰীয়ে : ৰেজাউল কৰিম সৰকাৰ

ৰাজ্যৰ ছাত্ৰ সংগঠনসমূহৰ নেতৃবৰ্গৰ সৈতে অনুষ্ঠিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠকক লৈ প্ৰতিক্ৰিয়া ব্যক্ত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ । আমছুৰ সভাপতিগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ক উপেক্ষিত কৰি শিক্ষামন্ত্ৰীয়ে এই বৈঠকখন অনুষ্ঠিত কৰাৰ অভিযোগ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ উদ্দেশ্যৰে কিছুদিন পূৰ্বে গুৱাহাটীত ৰাজ্যৰ জাতীয় সংগঠনসমূহক লৈ শিক্ষামন্ত্ৰীয়ে এখন বৈঠক অনুষ্ঠিত কৰিছিল ।

6. চিয়াঙৰ বুকুত বিলীন হোৱাৰ দিশে ঐতিহ্যমণ্ডিত ঐৰামঘাট

বানৰ কবলত জোনাইৰ ঐৰামঘাট ৷ ঐৰামঘাটত চিয়াং নদীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ চিয়াং নদীৰ খহনীয়াত জাহ গৈছে জোনাইৰ প্ৰায় ৬৮ খন ৰাজহ গাঁও । অস্তিত্বৰ সংকটত এতিয়া ঐৰামঘাটৰ লগতে বিভিন্ন অঞ্চল ৷

7. টিএমচি বহিৰাগত : কংগ্ৰেছ নেতা ড৹ অজয় কুমাৰ

বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ অজয় কুমাৰ । ত্ৰিপুৰা ৰাজনীতিত কংগ্ৰেছৰ বাহিৰে বিকল্প দলৰ কোনো ভৱিষ্যত নাই বুলি দাবী কৰে নেতাগৰাকীয়ে । বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে কি গুৰুতৰ অভিযোগ আনিছে কংগ্ৰেছ নেতাগৰাকীয়ে ?

8. সীমা সমস্যা সমাধানত 'দিয়া-লোৱা' নীতিৰ বিৰোধিতা কাৰ্বি দল-সংগঠনৰ

সীমা সমস্যা সমাধানত 'দিয়া-লোৱা' নীতিৰ বিৰোধিতা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাৰ্বি দল-সংগঠনৰ স্মাৰকপত্ৰ ৷ 'দিয়া-লোৱা' নীতিৰ বিৰোধীতা কৰাৰ লগতে সীমান্তৰ বিবাদমান অঞ্চলত মেঘালয়ৰ আমোলা বিষয়াৰ অনাধিকাৰ প্ৰৱেশ বন্ধ কৰাৰ দাবী এইসমূহ দল-সংগঠনৰ ৷

9. কৰিমগঞ্জত 20,000 ইয়াবা টেবলেট জব্দ

কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীয়ে বুধবাৰে নিশা শনিবাৰী বজাৰৰ পৰা প্ৰায় 20 হাজাৰ নিচাজাতীয় ইয়াবা টেবলেট(Yaba tablet) জব্দ কৰিবলৈ সক্ষম হয় । সীমান্ত সুৰক্ষা বাহিনীৰ সাত নং বেটালিয়নে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত বুধবাৰে নিশা অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটসমূহ ৷

10. Bigg Boss 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই...

ৰিয়েলিটি শ্ব’ বিগ বছ(Bigg Boss) 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ(Sidharth Shukla) মৃত্যু ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ কোপাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধাৰ্থে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.