টিএমচি বহিৰাগত : কংগ্ৰেছ নেতা ড৹ অজয় কুমাৰ

author img

By

Published : Sep 2, 2021, 1:33 PM IST

congress leader
কংগ্ৰেছ নেতা ড০ অজয় কুমাৰ ()

বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ অজয় কুমাৰ । ত্ৰিপুৰা ৰাজনীতিত কংগ্ৰেছৰ বাহিৰে বিকল্প দলৰ কোনো ভৱিষ্যত নাই বুলি দাবী কৰে নেতাগৰাকীয়ে । বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে কি গুৰুতৰ অভিযোগ আনিছে কংগ্ৰেছ নেতাগৰাকীয়ে ?

আগৰতলা, ২ ছেপ্তেম্বৰ : সম্প্ৰতি ত্ৰিপুৰাৰ ৰাজনীতিত গৰম বতাহ বলিছে । তৃণমূল কংগ্ৰেছে (Trinamool Congress) নিজৰ স্থিতি শক্তিশালী কৰিবলৈ আৰম্ভ কৰাৰ সময়তে বাকী দলসমূহে বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ ধৰিছে তৃণমূলক । ইফালে বিজেপি চৰকাৰেও মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিছে আৰু নিজৰ অস্তিত্ব একেই ৰখাত গুৰুত্ব প্ৰদান কৰিছে ।

ইয়াৰ মাজতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ অজয় কুমাৰে (Dr Ajoy Kumar ) বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে । কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে বৰ্তমানৰ ত্ৰিপুৰা চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিছিল । কিন্তু শক্তি পোৱাৰ পাছতে তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে ।

সপ্তম দৰমহা আয়োগ হওঁক বা সংস্থাপনৰ আশ্বাস হওঁক, বিজেপিয়ে ব্যৱহাৰিকভাৱে একো কৰা নাই বুলিও অভিযোগ কৰে ড৹ অজয় কুমাৰে । তেওঁৰ ৰাজ্যখনৰ নাগৰিক এতিয়া অতিষ্ঠ হৈ পৰিছে । ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে । সেয়ে একমাত্ৰ কংগ্ৰেছৰ বাহিৰে ৰাইজৰ বিকল্প একো হ'ব নোৱাৰে বুলিও নেতাগৰাকীয়ে দাবী কৰে ।

ইফালে তৃণমূল কংগ্ৰেছ সন্দৰ্ভত তেওঁ কয় যে বংগত টিএমচিয়ে বহিৰাগত কাৰ্ড খেলিছিল আৰু ত্ৰিপুৰাত তেওঁলোক হৈছে বহিৰাগত । পশ্চিমবংগত তেওঁলোকে বিজেপিক বহিৰাগত বুলি উল্লেখ কৰিছে । আনহাতে, ত্ৰিপুৰাত তেওঁলোকে প্ৰতিদিনে কলকাতাৰ পৰা মানুহ আনি আছে বুলি অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

কুমাৰে লগতে কয় যে কংগ্ৰেছে ত্ৰিপুৰাৰ খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিছে আনহাতে তৃণমূলৰ কোনো চিনাকী মুখ নাই বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে ইউপিএ শাসনৰ অধীনত বহু সংখ্যক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা উলিয়াই অনা হৈছিল আৰু মোডী শাসনৰ অধীনত প্ৰায় তিনি কোটি লোক দৰিদ্ৰতা ৰেখাৰ তলৰ স্থিতিলৈ উভতি গৈছে । মিত্ৰজোঁট সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আদৰ্শগত সমস্যাৰ বাবে কংগ্ৰেছ দলে প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ TIPRA ৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী আৰু কিন্তু ত্ৰিপুৰাত মিত্ৰতাৰ বাবে চিপিআইএম বা টিএমচি উপযুক্ত নহয় বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.