কৰিমগঞ্জত 20,000 য়াবা টেবলেট জব্দ

By

Published : Sep 2, 2021, 12:08 PM IST

Updated : Sep 2, 2021, 2:47 PM IST

thumbnail

কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীয়ে বুধবাৰে নিশা শনিবাৰী বজাৰৰ পৰা প্ৰায় 20 হাজাৰ নিচাজাতীয় য়াবা টেবলেট(Yaba tablet) জব্দ কৰিবলৈ সক্ষম হয় । সীমান্ত সুৰক্ষা বাহিনীৰ সাত নং বেটালিয়নে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত বুধবাৰে নিশা অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ য়াবা টেবলেটসমূহ ৷ জব্দ কৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে এখন অট’ৰে কৰিমগঞ্জৰ পৰা বাংলাদেশৰ দিশে কঢ়িয়াই আনিছিল প্ৰায় ১,৯৯০ গ্ৰাম ওজনৰ এই অবৈধ টেবলেটসমূহ । অৱশ্যে সীমান্তৰক্ষী দলৰ অভিযানৰ সময়ত পলায়ন কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীজন ৷ সীমান্তৰক্ষীৰ দলে সম্প্ৰতি ড্ৰাগছখিনি কৰিমগঞ্জ সদৰ আৰক্ষীক হস্তান্তৰ কৰিছে ।

Last Updated : Sep 2, 2021, 2:47 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.