চিয়াঙৰ বুকুত বিলীন হোৱাৰ দিশে ঐতিহ্যমণ্ডিত ঐৰামঘাট

author img

By

Published : Sep 2, 2021, 2:10 PM IST

oiramghat under flood

বানৰ কবলত জোনাইৰ ঐৰামঘাট ৷ ঐৰামঘাটত চিয়াং নদীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ চিয়াং নদীৰ খহনীয়াত জাহ গৈছে জোনাইৰ প্ৰায় ৬৮ খন ৰাজহ গাঁও । অস্তিত্বৰ সংকটত এতিয়া ঐৰামঘাটৰ লগতে বিভিন্ন অঞ্চল ৷

জোনাই, 2 ছেপ্তেম্বৰ : বানৰ কবলত জোনাইৰ বিস্তৃত অঞ্চল ৷ বানত বুৰ গৈছে জোনাইৰ প্ৰায় ৬৮ খনকৈ ৰাজহ গাঁও । বানৰ সমান্তৰালকৈ জোনাইৰ ঐতিহ্যমণ্ডিত ঐৰামঘাটত অব্যাহত আছে ভয়ংকৰ খহনীয়া । ঐৰামঘাটত চিয়াং নদীৰ ভয়ংকৰ খহনীয়াত জাহ গৈছে শ শ বিঘা কৃষিভূমি ।

oiramghat under flood
ঐৰামঘাটত চিয়াং নদীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

বিগত কেইবাবছৰ ধৰি চিয়াঙৰ বুকুত অব্যাহত আছে খহনীয়া ৷ বৰ্তমানলৈকে নৈৰ বুকুত জাহ গৈছে ঐৰামঘাটৰ অধিকাংশ ৷ বিগত প্ৰায় ২০ দিন ধৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷

যাৰ ফলত শংকিত হৈ পৰিছে ঐৰামঘাটবাসী ৷ উল্লেখ্য যে, ঐৰামঘাটৰ ১০০ শতাংশ লোকেই কৃষিজীৱী ৷ কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন-জীৱিকা চলায় অঞ্চলবাসীয়ে ৷ কিন্তু বৰ্তমান ভদীয়া বানে সকলো আশা-ভৰষা নিঃশেষ কৰি পেলাইছে ঐৰামঘাটবাসীৰ ৷

লগতে পঢ়ক: ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

বানত ক্ষতিগ্ৰস্ত ৰাইজৰ অভিযোগ, নিৰ্বাচন ওচৰ চাপিলে ঐৰামঘাটত চিয়াং নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী, বিধায়ক তথা সাংসদসকলে ৷ কিন্তু নিৰ্বাচন যোৱাৰ পাচত ৰাইজৰ খবৰ ল’বলৈ আহৰি নাপাই জনপ্ৰতিনিধিসকলে ৷ এই অভিযোগ ঐৰামঘাটবাসীৰ ৷

ভদীয়া বানৰ কৱলত জোনাইৰ ঐৰামঘাট

ঐৰামঘাটবাসী ৰাইজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ স্বাৰ্থত চিয়াং নৈৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে জনপ্ৰতিনিধিৰ ফালৰ পৰা দেখা নগ’ল কোনোধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা । এনে খহনীয়া অব্যাহত থাকিলে অচিৰেই জোনাইৰ মানচিত্ৰৰ পৰা বিলীন হ’ব মিচিং সংস্কৃতি জগতৰ প্ৰবাদপুৰুষ ঐৰাম বৰিৰ জন্মস্থান ঐতিহ্যমণ্ডিত ঐৰামঘাট ৷

oiramghat under flood
জোনাইৰ ঐৰামঘাটলৈ নামিছে অস্তিত্বৰ সংকট

আনহাতে, অকল ঐৰামঘাটেই নহয় চিয়াং নদীয়ে ভাবুকি খঢ়িয়াই আনিছে জোনাইৰ বৰ্ষাৰণ্য পবা বনাঞ্চলৰ লগতে জোনাই সদৰলৈয়ো । সেয়ে সময় থাকোতে ঐৰামঘাটৰ পৰা মাজৰবাৰীলৈ এক স্থায়ী আৰু শক্তিশালী বান্ধ নির্মাণ কৰি জোনাইক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে জোনাইবাসী ৰাইজে ।

লগতে পঢ়ক: ভদীয়া বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.