ETV Bharat / state

লখিমপুৰত দুই বঙালী সংগঠনৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত সেনাৰ

author img

By

Published : Sep 2, 2021, 2:21 PM IST

দুই বঙালী সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা ৷ কিছুদিন পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দুটাকৈ বঙালী সংগঠনে তৰিছিল গোচৰ ৷ যাৰ বাবে বুধবাৰে লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ মাজত পুত্তলিকা দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

veer lachit sena protest at lakhimpur
লখিমপুৰত দুই বঙালী সংগঠনৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত সেনাৰ

লখিমপুৰ, 2 ছেপ্তেম্বৰ : বুধবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰ ৷ পুনৰ প্ৰতিবাদত নামিছে বীৰ লাচিত সেনা ৷ লখিমপুৰত বঙালী সংগঠনৰ নেতাৰ বিৰুদ্ধে প্ৰত্যাহ্বান বীৰ লাচিত সেনাৰ ।

veer lachit sena protest at lakhimpur
লখিমপুৰত দুই বঙালী সংগঠনৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত সেনাৰ

দুই বঙালী সংগঠনৰ নেতাৰ পুত্তলিকা দাহ কৰি লাচিত সেনাই লখিমপুৰ নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে । বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে বুধবাৰে বিয়লিৰ ভাগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ কিছুদিন পূৰ্বে শিৱসাগৰৰ এগৰাকী মহিলাৰ দোকান সন্দৰ্ভত এজন বঙালী ব্যৱসায়ীৰে হৈছিল মতানৈক্য ৷ য’ত শৃংখল চলিহাই হস্তক্ষেপ কৰে ৷ প্ৰায় দুই-তিনিদিন পূৰ্বে বঙালী ভাষী ব্যৱসায়ীগৰাকীক ধমক দিছিল শৃংখল চলিহাই ৷

লগতে পঢ়ক: শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

উল্লেখ্য যে, শিৱসাগৰৰ ননী দেৱী নামৰ মহিলাগৰাকীৰ দুৰ্বলতাৰ সুযোগ লৈ এক অসাধু চক্ৰই সা-সম্পত্তি বলপূৰ্বকভাৱে কাঢ়ি ল'ব বিচাৰিছিল ৷ এই সময়তে মহিলাগৰাকীৰ কাষত থিয় দিছিল বীৰ লাচিত সেনা ৷ অসাধু ব্যৱসায়ীগৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান-ঘৰ খালী কৰি দিবলৈ দাবী জনায় ।

বঙালী সংগঠনৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত সেনাৰ

লগতে পঢ়ক: লখিমপুৰত বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

যাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে কেইবাটাও বঙালী সংগঠন ৷ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে কাছাৰ জিলাৰ সদৰ শিলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ যুৱ শাখাই ৷ বঙালী সম্প্ৰদায়টোৰ ব্যৱসায়ীগৰাকীক ধমক প্ৰদান কৰাৰ বাবে এই এজাহাৰ দাখিল কৰে বৰাকৰ বঙালী সংগঠনটোৰ বিষয়-ববীয়াসকলে ৷

লগতে পঢ়ক: শৃংখল চলিহাৰ বিৰুদ্ধে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ এজাহাৰ

বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে বঙালী সংগঠনটোৱে ৰুজু কৰা গোচৰক লৈ লাচিত সেনা জাঙুৰ খাই উঠিছে । শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ ২৪ ঘণ্টাৰ ভিতৰত উঠাই লোৱাৰ দাবী জনাইছে বীৰ লাচিত সেনাই । অন্যথা গোচৰ ৰুজু কৰা সংগঠন দুটাই যি কোনো মুহুৰ্তত লাচিত সেনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলিও প্ৰতিবাদস্থলীৰ পৰাই হুংকাৰ দিছে । এই গোচৰ প্ৰত্যাহাৰ নকৰিলে বীৰ লাচিত সেনাই সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰাৰো সকিয়নী প্ৰদান কৰে ।

লগতে পঢ়ক: বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.