শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

author img

By

Published : Aug 30, 2021, 5:30 PM IST

Nani Devi files FIR against Occupant

অৱশেষত শিৱসাগৰত নগৰত দোকান ঘৰ দখল কৰা দুই ব্যৱসায়ীৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ননী দেৱীয়ে ৷ এজাহাৰ দাখিল কৰাৰ সময়ত অকলশৰীয়া বিধৱা মহিলা গৰাকীক সংগ দিয়ে বীৰ লাচিত সেনাই ৷

শিৱসাগৰ, 30 আগষ্ট : অবৈধভাৱে দোকান ঘৰ দখলকাৰীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ননী দেৱীয়ে ৷ যোৱা শনিবাৰে দুই ব্যৱসায়ী নাৰায়ণ পাল, গোবিন দত্তক দখলীকৃত দোকান ঘৰ এৰি দিবলৈ 24 ঘন্টাৰ সময়সীমা বান্ধি দিছিল বীৰ লাচিত সেনাই ৷ ইয়াৰ পাচতো কোনো সিদ্ধান্ত উপনীত নোহোৱাৰ বাবে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ননী দেৱীয়ে ।

দোকান দুখনৰ মালিক ননী দেৱীয়ে এজাহাৰত ব্যৱসায়ী পাল আৰু দত্তই অবৈধভাৱে দোকান ঘৰ দখলৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ লগতে প্ৰাণৰ প্ৰতিও ভাবুকি অহা বুলি এজাহাৰত উল্লেখ কৰিছে ভুক্তভোগীয়ে ননী দেৱীয়ে । শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ সময়ত ননী দেৱীক সংগ দিয়ে বীৰ লাচিত সেনাই ৷

শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

লগতে পঢ়ক: দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

উল্লেখ্য যে , শিৱসাগৰ নগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত আছে ননী দেৱীৰ দুটাকৈ দোকান ঘৰ । দোকান ঘৰ দুটা বহু বছৰ পূৰ্বে ভাড়াত দিছিল নাৰায়ণ পাল, গোবিন দত্তক । ইফালে, দোকান ঘৰৰ মালিক আৰু ব্যৱসায়ী দুগৰাকীৰ চুক্তিত উল্লেখিত সময়সীমাও উকলি গৈছে বুলি জানিবলৈ দিছে ননী দেৱীয়ে ৷

বিগত এবছৰে দোকান খালি কৰিবলৈ ব্যৱসায়ী দুগৰাকীক জাননী দিছিল মালিক ননী দেৱীয়ে ৷ কিন্তু ব্যৱসায়ী পাল আৰু দত্তই দোকান খালি কৰি দিয়াৰ বিপৰীতে বিভিন্ন ধৰণে ভয়-ভাবুকি দি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ননী দেৱীয়ে ৷

লগতে পঢ়ক: উত্তৰাখণ্ডত ভয়াৱহ ভূমিস্খলন: দুজন নিহত

এনে ক্ষেত্ৰত উপায়হীন হৈ অকলশৰীয়া বিধৱা মহিলা গৰাকীয়ে বীৰ লাচিত সেনাৰ সহায় বিচাৰিছিল । সেই সূত্ৰে শনিবাৰে শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ এটা দলে দোকান ৪৮ ঘন্টাৰ ভিতৰত খালি কৰিবলৈ হুমকি দিছিল নাৰায়ণ পাল, গোবিন দত্তক। কিন্তু ,৪৮ ঘন্টা অতিক্ৰম কৰাৰ পাচতো সুফল নোপোৱাত শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ কৰ্মী সকলক লগত লৈ সদৰ থানাত এজাহাৰ দাখিল কৰে ননী দেৱীয়ে ৷

লগতে পঢ়ক: ভদিয়া বানৰ কৱলত থাওৰাৰ ২১খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.