শৃংখল চলিহাৰ বিৰুদ্ধে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ এজাহাৰ

author img

By

Published : Aug 30, 2021, 10:58 PM IST

Barak Democratic Front FIR against shrinkhal chaliha

শৃংখল চলিহাৰ বিৰুদ্ধে কাছাৰ জিলাৰ সদৰ শিলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাই ৷ শিৱসাগৰত বেংগলী ব্যৱসায়ীক হুমকি প্ৰদান কৰাৰ বাবে এই এজাহাৰ দাখিল কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ বিষয়ববীয়াই ৷

কাছাৰ, 30 আগষ্ট : বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে কাছাৰ জিলাৰ সদৰ শিলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাই ৷ শিৱসাগৰত বেংগলী ব্যৱসায়ীক হুমকি প্ৰদান কৰাৰ বাবে এই এজাহাৰ দাখিল কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ বিষয়ববীয়াই ৷

শৃংখল চলিহাৰ এনে কাৰ্যক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ বিষয়ববীয়াই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শৃংখল চলিহাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ শিৱসাগৰৰ ননী দেৱী নামৰ এগৰাকী মহিলাৰ দোকান ঘৰ অবৈধভাৱে দখল কৰাৰ অভিযোগত নাৰায়ণ পাল আৰু গোবিন দত্ত নামৰ দুগৰাকী ব্যৱসায়ীক সকিয়নী প্ৰদান কৰিছিল শৃংখল চলিহাই ৷

শৃংখল চলিহাৰ বিৰুদ্ধে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ এজাহাৰ

লগতে পঢ়ক: শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ এটা দলে দোকান ৪৮ ঘন্টাৰ ভিতৰত খালি কৰিবলৈ হুমকি দিছিল নাৰায়ণ পাল, গোবিন দত্তক । ইয়াৰ লগতে কেইবাটাও বঙালী বিৰোধী মন্তব্য প্ৰকাশ কৰিছিল শৃংখল চলিহাই ৷

এই বাতৰি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাচতে অসমৰ বঙালী সম্প্ৰদায়ৰ লোক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ উল্লেখ্য যে, বেংগলী ফেডাৰেচনেও শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা পাচতে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাই শিলচৰ থানাত দাখিল কৰিছে এজাহাৰ ৷

মন কৰিবলগীয়া যে, ৪৮ ঘন্টা অতিক্ৰম কৰাৰ পাচতো সুফল নোপোৱাত নাৰায়ণ পাল আৰু গোবিন দত্তৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত সোমবাৰে এখন এজাহাৰ দাখিল কৰিছে ননী দেৱীয়েও ৷ এজাহাৰ দাখিল কৰাৰ সময়ত ননী দেৱী সংগ দিয়ে শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ কৰ্মী সকলে ৷

লগতে পঢ়ক: দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.