লখিমপুৰত বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

author img

By

Published : Aug 30, 2021, 8:47 PM IST

Updated : Aug 30, 2021, 10:33 PM IST

Asomiya yuva moncha protests against Bengali Federation

বেংগলী ফেডাৰেচনৰ সভাপতি দীপক দে'ৰ পুত্তলিকা দাহ কৰি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷ শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

লখিমপুৰ, ৩০ আগষ্ট : বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে ৰণ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ । সোমবাৰে বিয়লি বেংগলী ফেডাৰেচনৰ সভাপতি দীপক দে'ৰ পুত্তলিকা দাহ কৰি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনে লোৱা স্থিতিক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰ লগতে বেংগলী ফেডাৰেচনৰ বিষয়াববীয়াৰ সহ সদস্যসকলৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই ৷ তদুপৰি বৰাক ডেমক্ৰেটিক ফ্ৰন্টকো সকিয়নী প্ৰদান কৰে যুৱ মঞ্চই ।

লখিমপুৰত বেংগলী ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

লগতে পঢ়ক: শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

উল্লেখ্য যে, শিৱসাগৰৰ এগৰাকী বিধৱা মহিলাৰ দোকান ঘৰ নাৰায়ন পাল নামৰ এগৰাকী ব্যৱসায়ীয়ে অবৈধভাৱে দখল কৰা অভিযোগ উত্থাপন হৈছিল ৷ সেই মহিলা গৰাকীৰ অভিযোগ অনুসৰিয়ে বীৰ লাচিত সেনাই ব্যৱসায়ী গৰাকীক দখলীকৃত দোকান ঘৰ এৰি দিবলৈ 48 ঘন্টা সময়সীমা বান্ধি দিছিল ৷

বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ব্যৱসায়ী গৰাকীক বিভিন্ন ধৰণে সকিয়নীও প্ৰদান কৰিছিল ৷ সবিস্তাৰে সেই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বেংগলী ফেডাৰেচনে ৷

ইয়াৰ লগতে শৃংখল চলিহাই বেংগলী-অসমীয়াৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰিছিল বেংগলী ফেডাৰেচনে ৷ শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনৰ এনে স্থিতিক কেন্দ্ৰ কৰিয়ে সোমবাৰে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ৷

লগতে পঢ়ক: দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

Last Updated :Aug 30, 2021, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.