বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি

author img

By

Published : Sep 1, 2021, 10:26 PM IST

SRINKHAL CHALIHA

শিৱসাগৰত বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক কৰা বিৰূপ মন্তব্যৰ প্রতিবাদত বঙালী ফেডাৰেচনৰ সভাপতি প্রদীপ দত্তৰ প্ৰতিকৃতি দাহ ৷

শিৱসাগৰ, 1 ছেপ্টেম্বৰ : শিৱসাগৰৰ এগৰাকী অসহায় অসমীয়া বিধৱা মহিলাক তেওঁৰ ন্যায প্রাপ্তিৰ দাবীত সহায়ৰ হাত আগবঢ়োৱা বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক উদ্দেশ্য কৰি বঙালী ফেডাৰেচনে কৰা মন্তব্যক লৈ বীৰ লাচিত সেনাৰ সদস্যই উত্তাল কৰে শিৱসাগৰ নগৰৰ মাজমজিয়া । প্ৰায় দুদিন পূৰ্বে এগৰাকী ব্যৱসায়িক ধমক দিছিল শৃংখল চলিহাই ৷

লগতে পঢ়ক : দখলীকৃত দোকান খালী কৰিবলৈ ব্যৱসায়ীক 48 ঘন্টা সময় দিলে বীৰ লাচিত সেনাই

অবৈধভাৱে হস্তক্ষেপ কৰি ৰখা ব্যৱসায়িক প্রতিষ্ঠান বঙালী ব্যৱসায়ীৰ হাতৰ পৰা মুক্ত কৰি অসহায় অসমীয়া বিধৱা মহিলাক গটাই দিবলৈ চেষ্টা কৰা, দোকানৰ ভিতৰত বঙালী সম্প্রদায়ৰ ব্যৱসায়ীক অসমত অনা অসমীয়াৰ দম্ভালী নচলিব বুলি হুংকাৰ দিয়াৰ বাবে জাঙুৰ খায় উঠিছিলি বঙালী ফেডাৰেচন । লগতে শৃংখল চলিহাক অপমানসূচক মন্তব্য কৰি অসমতে অসমীয়ালৈ আঙুলি তোলা বঙালী ফেডাৰেচনৰ সভাপতি প্রদীপ দত্তৰ প্ৰতিকৃতি দাহ কৰে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ সমিতিয়ে ।

বীৰ লাচিত সেনা অসমে দাহ কৰিলে বঙালী সংগঠনৰ নেতাৰ প্ৰতিকৃতি

মঙলবাৰে দিনৰ ২ বজাত শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ'লমুখ চাৰিআলিত বঙালী ফেডাৰেচনৰ নেতা প্রদীপ দত্তৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে বিক্ষোভ প্ৰদৰ্শন কৰে । অসমীয়া বঙালী ভাগ ভাগ কৰা অপশক্তিক কোনো কাৰণত প্ৰাধান্য দিয়া নহ'ব বুলিও স্পষ্ট কৰিছে প্রতিবাদকাৰীয়ে ।

লগতে পঢ়ক : শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

উল্লেখ্য যে, শিৱসাগৰ চহৰৰ মাজমজিয়াত ননী দেৱী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ বাসগৃহৰ লগতে আছে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বহু বছৰ ধৰি নাৰায়ন পাল, গোবিন দত্ত নামৰ দুগৰাকী ব্যৱসায়ীয়ে ননী দেৱীৰ দোকান ঘৰত ব্যৱসায় চলাই আহিছিল ৷ কিন্তু স্বামীৰ মৃত্যুৰ পিচত এটি ৰোগীয়া পুত্ৰৰ সৈতে ননী দেৱী অকলশৰীয়া হোৱাৰ দুৰ্বলতাৰ সুযোগ লৈ দোকান ঘৰ বলপূৰ্বকভাৱে দখল কৰি আহিছে অনা অসমীয়া ব্যৱসায়ী নাৰায়ণ পালে ।

যোৱা শনিবাৰে এইগৰাকী মহিলাৰ কাষত বীৰ লাচিত সেনা থিয় হৈ নাৰায়ণ পালক ৪৮ ঘণ্টাৰ ভিতৰত দোকান ঘৰ খালী কৰাৰ সময়সীমা বান্ধি দিয়ে । অন্যথা ভয়াৱহ পৰিস্থিতি সৃষ্টি হ'ব বুলি সকিয়াই দিয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । কিন্তু ,৪৮ ঘন্টা অতিক্ৰম কৰাৰ পাচতো সুফল নোপোৱাত শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ কৰ্মী সকলক লগত লৈ সদৰ থানাত এজাহাৰ দাখিল কৰে ননী দেৱীয়ে ৷

লগতে পঢ়ক : শৃংখল চলিহাৰ বিৰুদ্ধে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.