পবিতৰা অভয়াৰণ্যৰ 98% এলেকা বানত প্লাৱিত

author img

By

Published : Sep 2, 2021, 2:06 PM IST

Updated : Sep 4, 2021, 2:11 AM IST

98% of Pavitra Sanctuary affected in floods

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ পবিতৰা অভয়াৰণ্যতো বানৰ ফলত শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আলাই-আথানি হৈছে জীৱ-জন্তুসমূহৰ ৷

মৰিগাঁও, 2 ছেপ্তেম্বৰ : এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি । বুধবাৰৰ দিনটোত অভয়াৰণ্যখনৰ প্ৰায় 98% অঞ্চল বানত প্লাৱিত হোৱাত ওখ ঠাই বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যপ্ৰাণীৰ মাজত ।

98% of Pavitra Sanctuary affected in floods
পবিতৰা অভয়াৰণ্য

ইফালে অভয়াৰণ্যখন চাৰিওফালে জলমগ্ন হোৱাত জীৱ-জন্তুৰ নিৰাপত্তাৰ বাবে সষ্টম হৈ আছে বনৰক্ষী । দিনে-নিশাই বনৰক্ষীৰ দলে চোকা নজৰ ৰাখিছে অভয়াৰণ্যখনৰ আপুৰুগীয়া জীৱ-জন্তুৰ চলাচলৰ ওপৰত । ইতিমধ্যে মায়ঙৰ পবিতৰা-কলংপাৰ সংযোগী গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী । এনে পৰিস্থিতিত পবিতৰাত বন্য জীৱ-জন্তুৰ বাবে খাদ্যৰ নাটনি হোৱাৰ আশংকা প্ৰকাশ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই ।

পবিতৰা অভয়াৰণ্য

পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়াই নয়নজ্যোতি দাসে পানী এনেদৰে বাঢ়ি থাকিলে শীঘ্ৰে জীৱকুলৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ আশংকা প্ৰকাশ কৰিছে ৷ বনাঞ্চলিক বিষয়াগৰাকীয়ে লগতে এশিঙীয়া গঁড়ৰ পানীৰ তলৰ খাদ্য খোৱাৰ বৈশিষ্ট্য আছে বুলি জানিবলৈ দিয়ে ।

98% of Pavitra Sanctuary affected in floods
পবিতৰা অভয়াৰণ্য

উল্লেখ্য যে, বৰ্তমানেও বৃদ্ধি হৈ আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । অভয়াৰণ্যৰ পৰা স্থানান্তৰ কৰা হৈছে বন বিভাগৰ ঘৰচীয়া হাতীসমূহ । জানিব পৰা অনুসৰি, মায়ং বুঢ়াপাহাৰ বন শিবিৰলৈ স্থানান্তৰ কৰা হৈছে হাতীকেইটাক ৷

98% of Pavitra Sanctuary affected in floods
পবিতৰা অভয়াৰণ্য

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ অঞ্চলে বানৰ কবলত

Last Updated :Sep 4, 2021, 2:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.