ETV Bharat / sitara

Bigg Boss 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই...

author img

By

Published : Sep 2, 2021, 12:09 PM IST

ৰিয়েলিটি শ্ব’ বিগ বছ(Bigg Boss) 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ(Sidharth Shukla) মৃত্যু ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ কোপাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধাৰ্থে ৷

Sidharth shukla passes away
সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

চিটাৰা ডেস্ক, 2 ছেপ্তেম্বৰ : জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটি শ্ব’ বিগ বছ(Bigg Boss) 13 ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাৰ(Sidharth Shukla) অকাল মৃত্যু ৷ বৃহস্পতিবাৰে 40 বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ কোপাৰ হাস্পতালত মৃত্যু হয় অভিনেতাগৰাকীৰ ৷

Sidharth shukla passes away
সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

সিদ্ধাৰ্থৰ মৃত্যুৰ বাতৰিয়ে তোলপাৰ লগাইছে বলীউড, ৰাষ্ট্ৰীয় টেলিভিছন জগতৰ লগতে অনুৰাগীসকলৰ মাজত ৷ শেহতীয়াকৈ একতা কাপুৰ পৰিচালিত জনপ্ৰিয় চিৰিজ ‘ব্ৰোকেন বাট বিউটিফুল 3’ ত অভিনয় কৰি অন্য এক জনপ্ৰিয়তা লাভ কৰিছিল অভিনেতাগৰাকীয়ে ৷

"Jaane Pehchaane Se... Ye Ajnabbi", "Love U Zindagi", "Humpty Sharma Ki Dulhania" ছবিত অভিনয় কৰিছিল যদিও সিদ্ধাৰ্থক "Babul Ka Aangann Chootey Na" ৰ পাচত "Balika Vadhu" ধাৰাবাহিকখনৰ জৰিয়তেহে অধিক লোকে চিনি পায় ৷

Sidharth shukla passes away
সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

বিগ বছৰ উপৰিও সিদ্ধাৰ্থে "Jhalak Dikhhla Jaa 6", "Fear Factor: Khatron Ke Khiladi 7" আদি ৰিয়েলিটি শ্ব’ত অংশ লৈছিল ৷ সিদ্ধাৰ্থৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে টেলিভিছন জগতৰ লগতে সমগ্ৰ বলীউড ৷

লগতে পঢ়ক: দুবছৰৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.