দুবছৰৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা

author img

By

Published : Sep 2, 2021, 9:50 AM IST

rehearsal-has-started-of-theatre-bhagyadevi

উদুলি-মুদুলি থিয়েটাৰ ভাগ্যদেৱীৰ(Theatre Bhagyadevi) আখৰা থলী ৷ বুধবাৰে নলবাৰীৰ মৰোৱাত থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা গৃহ মুকলি ৷ তিনিখন নাটেৰে 5 অক্টোবৰৰ পৰা দৰ্শকৰ মাজলৈ থিয়েটাৰ ভাগ্যদেৱী ৷

নলবাৰী, 2 ছেপ্তেম্বৰ : ক’ভিড 19(Covid 19) মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা ৰাজ্যৰ থিয়েটাৰসমূহৰ(Mobile Theatre) পুনৰ আৰম্ভ হৈছে আখৰা ৷ ৰাজ্যৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠীসমূহে 2021-2022 বৰ্ষত নাট মঞ্চায়নৰ বাবে আৰম্ভ কৰিছে পূৰ্ণ প্ৰস্তুতি ৷

rehearsal-has-started-of-theatre-bhagyadevi
থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা শুভাৰম্ভ

ইয়াৰ বাবে সাজু হোৱাৰ অৰ্থে বুধবাৰে আখৰা গৃহ মুকলি কৰে সুবোধ মজুমদাৰৰ দ্বাৰা প্ৰযোজিত, পৰিচালিত থিয়েটাৰ ভাগ্যদেৱীয়ে(Theatre Bhagyadevi) ৷ ইতিমধ্যে থিয়েটাৰখনে পাৰ কৰিছে প্ৰায় 53 টাকৈ গৌৰৱোজ্জ্বল নাট্যবৰ্ষ ৷

থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা শুভাৰম্ভ

নলবাৰীৰ মৰোৱাত আখৰা আৰম্ভ কৰা হৈছে ভাগ্যদেৱী থিয়েটাৰৰ ৷ ভাগ্যদেৱী থিয়েটাৰত এইবেলি দৰ্শকে দেখিবলৈ পাব তিনিখন নাট ক্ৰমে- চম্পক শৰ্মাৰ ‘মহাশ্মশান’, পল্লৱ পৱনৰ ‘মহালয়া’ আৰু তিলক বৈশ্যৰ ‘মাতাল পৃথিৱী’ ৷ 54 তম নাট্যবৰ্ষত উপনীত হোৱা থিয়েটাৰ ভাগ্যদেৱীয়ে 5 অক্টোবৰৰ পৰা দৰ্শকৰ মাজত নাট মঞ্চস্থ কৰিব ৷

লগতে পঢ়ক: ভ্ৰাম্যমাণ নগৰী পাঠশালাত পূৰ্ণ গতিত চলিছে নাটৰ আখৰাৰ প্ৰস্তুতি

আখৰা গৃহ মুকলি হেতুকে ভাগ্যদেৱীৰ চৌহদত মাংগলিক কাৰ্যসূচীৰে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় । বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন ক’ভিড নীতি-নিৰ্দেশনাত(SOP) পূৰ্বৰ তুলনাত বহু শিথিলতা প্ৰদান কৰা হৈছে ৷ এইখন SOP তে ৰাজ্যৰ ভ্ৰাম্যমান থিয়েটাৰৰ(Bhramyaman Theatre) আখৰা মুকলিৰ ক্ষেত্ৰত কোনো বাধ্য-বাধকতা নাই বুলি ঘোষণা কৰা হৈছিল ৷

rehearsal-has-started-of-theatre-bhagyadevi
থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা শুভাৰম্ভ

সেই অনুসৰি, ভ্ৰাম্যমান নাট্যদলসমূহে প্ৰায় দুবছৰীয়া বিৰতিৰ অন্তত বুধবাৰৰে পৰা অনুশীলন আৰম্ভ কৰিছে ৷ চলিত মাহৰ শেষৰ ফালে পৰৱৰ্তী SOP ৰ জৰিয়তে ভ্ৰাম্যমান নাট্য দলসমূহে নাট মঞ্চস্থ কৰিব পাৰিব নে নাই, সেইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ চৰকাৰৰ এই আশ্বাসৰ ভিত্তিতেই সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি আখৰাৰ বাবে সাজু হৈছে নাট্য দলসমূহ ৷

লগতে পঢ়ক: কোন দিশে বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.