ETV Bharat / state

Top ten news: পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Dec 5, 2022, 8:59 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ
পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ চাওক...

Prime accused of DU ragging: অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ (DU ragging incident) ৷ লেখাপানী থানাত আত্মসমৰ্পণ ৰাহুল চেত্ৰীৰ (Rahul Chetry Surrendered) ৷ আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত আছিল ৰাহুল চেত্ৰী ৷ কিছু দিন ধৰি পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী ৷ ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে ৰাহুল চেত্ৰীক (DU ragging prime accused) ৷

War against drugs: ডিফুত 4 কোটি টকাৰ ড্ৰাগছ জব্দ

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Assam drugs smuggling) ৷ লাহৰিজান আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্ৰায় চাৰি কোটি টকা মূল্যৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী ৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

Kuno Wildlife Sanctuary : পুনৰ ১২টা চিতাক আদৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ

দক্ষিণ আফ্ৰিকাত চাৰে তিনি মাহৰ বাবে কোৱাৰেণ্টাইনত থকা ১২টা চিতাক ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ শ্বেওপুৰ কুনোলৈ অনাৰ সম্ভাৱনা আছে (kuno national park south africa cheetahs brought )। নতুন চিটা বাঘকেইটাৰ বাবে কুনোত আঠটা নতুন বাসগৃহও প্ৰস্তুত কৰা হৈছে ।

Dilip Saikia reaction on Ajmal: আজমলে নামৰ আগত মৌলনা শব্দটো ব্যৱহাৰ কৰাৰ যোগ্যতা হেৰুৱাইছে

সাংসদ দিলীপ শইকীয়াই AIUDF ৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলৰ হিন্দু মহিলাৰ প্ৰতি কৰা অশালীন মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে (Badaruddin Ajmal Controversy) AIUDF ৰ সভাপতিৰ মৌলনা বদৰুদ্দিন আজমলে নিজৰ নামৰ আগত মৌলনা শব্দটো ব্যৱহাৰ কৰাৰ যোগ্যতা হেৰুৱাই পেলাইছে (Dilip Saikia reaction on Ajmal)৷ তেওঁৰ নামৰ আগত থকা মৌলানা শব্দটো কাটি পেলাব লাগে কাৰণ মৌলানাৰ চৰিত্ৰক বদৰুদ্দিন আজমলে কলংকিত কৰিছে ৷

GMC mud scam: গুৱাহাটীলৈ অনা হ’ল ধৃত বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক

গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক শুকুৰবাৰে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল (Contractor Mithu Agarwal arrested) ৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অভিযান চলাই বিহাৰৰ চুপলৰ ত্ৰিৱেণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত ঠিকাদাৰজনক ৷ ডিনচানৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালৰে মিলি মিঠু আগৰৱালাই সংঘটিত কৰিছিল এই বিয়াগোম কেলেংকাৰী ৷

Explosives Recovered in Rajasthan: ৰাজস্থানত উদ্ধাৰ ২০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী

ৰাজস্থানৰ অলৱৰ জিলাৰ বানচুৰৰ পৰা আৰক্ষীয়ে দেওবাৰে প্ৰায় ২০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে (200 kg explosives found in car) । আৰক্ষীয়ে অভিযান চলাই এখন গাড়ীৰ পৰা বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰে(200 kg explosives found in Rajasthan) ৷ অৱশ্যে গাড়ীখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷

Gauhati University Ragging Case: ৰেগিঙৰ অভিযোগক লৈ চৰ্চাত গুৱাহাটী বিশ্ববিদ্যালয়

৯ মাহ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি-৩ হোষ্টেলত ৰেগিংকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী হজৰত আলীৰ । নিশা সুৰা পান কৰি চুপাৰ ছিনিয়ৰে কৰা প্ৰহাৰত এখন কাণৰ পৰ্দা ফাটি গৈছিল ৷ আজিও নাই এখন কানৰ শ্ৰৱণ শক্তি । ৰেগিঙৰ ঘটনাটো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গাপ দি ৰখাৰ অভিযোগ ছাত্ৰজনৰ (Gauhati University Ragging Case) । হজৰত আলীৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে হোষ্টেলটোৰ আৱাসীয়ে ৷

Sati Radhika Smriticharan program: সাপেখাতীত সতী ৰাধিকা স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন

আধ্যাত্মিক জাগৰণ সমাজ সাপেখাতীৰ উদ্যোগত আৰু সাপেখাতীবাসী ৰাইজৰ সহযোগত অহা ১৭ ডিচেম্বৰ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুদাম চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত সতী ৰাধিকা স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Sati Radhika Smriticharan program) ৷ সতী ৰাধিকা স্মৃতিচাৰণ অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় তুংগত কৰি তুলিছে উদ্যোক্তাসকলে ৷

FIFA World Cup: ৰেপাৰ লিল বেবীৰ সৈতে ফিফা বিশ্বকাপৰ গীতত দেখা যাব অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক

ফিফা বিশ্বকাপত দেখা যাব বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক । অভিনেতাগৰাকীক আমেৰিকান ৰেপাৰ লিল বেবীৰ সৈতে এন্থেমত দেখা যাব। Phone Bhootৰ অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াযোগে দিলে এই তথ্য ।

Minister Sanjoy Kishan convoy crashed: ৰাজপথত মন্ত্ৰীৰ দেহৰক্ষী-আৰক্ষী জোৱানৰ মাজত খণ্ডযুদ্ধ

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দুৰ্ঘটনাত পতিত হয় মন্ত্ৰী সঞ্জয় কিষাণৰ(Minister Sanjoy Kishan) কনভয়ৰ চাৰিখনকৈ বাহন ৷ এই দুৰ্ঘটনাৰ পাছতেই মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ চালক-দেহৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় নলবাৰী আৰক্ষীৰ এজন জোৱান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.