ETV Bharat / state

Prime accused of DU ragging: অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

author img

By

Published : Dec 5, 2022, 7:20 AM IST

Updated : Dec 5, 2022, 8:12 AM IST

DU ragging incident
DU ragging incident

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ (DU ragging incident) ৷ লেখাপানী থানাত আত্মসমৰ্পণ ৰাহুল চেত্ৰীৰ (Rahul Chetry Surrendered) ৷ আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত আছিল ৰাহুল চেত্ৰী ৷ কিছু দিন ধৰি পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী ৷ ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে ৰাহুল চেত্ৰীক (DU ragging prime accused) ৷

ডিব্ৰুগড়, 5 ডিচেম্বৰ: অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী (DU ragging incident) ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাসত সংঘটিত হোৱা ৰেগিঙৰ ঘটনা পোহৰলৈ অহাৰ পিছতে অৰ্থাৎ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ৰাহুল চেত্ৰী (Dibrugarh University Ragging) ৷ ৰাহুলক বিচাৰি অভিযান অব্যাহত ৰাখিছিল ডিব্ৰুগড় আৰক্ষীয়ে ৷

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত থকাৰ অভিযোগ ৰাহুল চেত্ৰীৰ বিৰুদ্ধে ৷ সোমবাৰে লেখাপানী থানাত আত্মসমৰ্পণ কৰে ৰাহুল চেত্ৰীয়ে(Rahul Chetry Surrendered) ৷ আত্মসমৰ্পণৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৰাহুল চেত্ৰীক(Dibrugarh Police) ৷

অৱশেষত লেখাপানী থানাত আত্মসমৰ্পণ কৰিলে ৰাহুল চেত্ৰীয়ে

উল্লেখ্য যে, আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ‘‘মই ৰেগিঙেৰে জড়িত নহয়’’ বুলি মন্তব্য কৰে ৰাহুল চেত্ৰীয়ে ৷ ৰেগিঙৰ ঘটনাৰে তেওঁৰ নাম কেনেকৈ সাঙোৰ খালে সেয়া অৱগত নহয় বুলি মন্তব্য কৰাৰ লগতে নিৰাপত্তাহীনতাত ভোগাৰ বাবেহে আত্মগোপন কৰি থকা বুলিও উল্লেখ কৰে ৰাহুল চেত্ৰীয়ে (DU ragging case prime accused) ৷ লগতে সামাজিক মাধ্যমত ৰাহুল চেত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈ থকা সকলো অভিযোগ মিছা বুলিও মন্তব্য কৰে(DU ragging case update) ৷

স্মৰ্তব্য যে, যোৱা 24 নৱেম্বৰ তাৰিখে সংঘটিত হৈছিল এই ৰেগিঙৰ ঘটনা ৷ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ৰেগিং কাণ্ডৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পিছতে তৎপৰ হৈ পৰিছিল ডিব্ৰুগড় আৰক্ষী ৷

ইফালে, যোৱা 3 ডিচেম্বৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ঘটনাৰ আন এক অভিযুক্ত কল্যান দত্তই (DU Kalyan Dutta) ৷ সমান্তৰালভাৱে এই ৰেগিঙৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জল অংকুৰ বৰাৰো (DU GS Ujjwal Ankur Bora) ৷

উল্লেখ্য যে, ৰেগিঙৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা আনন্দ শৰ্মা বৰ্তমানেও চিকিৎসাধীন হৈ আছে (DU Anand Sarma) ৷ এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ সত্যাসত্য় ৷

লগতে পঢ়ক: DU ragging controversy: গ্ৰেপ্তাৰ হোৱা ৬ জনেই জড়িত ৰেগিং কাণ্ডৰ সৈতে, এছ পি শ্বেতাংক মিশ্ৰ

Last Updated :Dec 5, 2022, 8:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.