ETV Bharat / state

Gauhati University Ragging Case: ৰেগিঙৰ অভিযোগক লৈ চৰ্চাত গুৱাহাটী বিশ্ববিদ্যালয়

author img

By

Published : Dec 4, 2022, 3:24 PM IST

Student claims ragging case in Gauhati University
Gauhati University Ragging Case: ৰেগিঙৰ অভিযোগক লৈ চৰ্চাত গুৱাহাটী বিশ্ববিদ্যালয়

৯ মাহ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি-৩ হোষ্টেলত ৰেগিংকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী হজৰত আলীৰ। নিশা সুৰা পান কৰি চুপাৰ ছিনিয়ৰে কৰা প্ৰহাৰত এখন কাণৰ পৰ্দা ফাটি গৈছিল ৷ আজিও নাই এখন কানৰ শ্ৰৱণ শক্তি। ৰেগিঙৰ ঘটনাটো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গাপ দি ৰখাৰ অভিযোগ ছাত্ৰজনৰ(Gauhati University Ragging Case)। হজৰত আলীৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে হোষ্টেলটোৰ আৱাসীয়ে ৷

গুৱাহাটী, ৪ ডিচেম্বৰ: এইবাৰ চৰ্চালৈ আহিছে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University Ragging Case)। ডিব্ৰুগড় বিশ্ববিদ্যালয় (DU Ragging case) আৰু যোৰহাটৰ জে বি কলেজৰ (JB College Ragging case) পাছত এইবাৰ ৰেগিঙৰ এক পুৰণি ঘটনাৰ বাবে চৰ্চালৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়। উত্থাপিত অভিযোগ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি-৩ হোষ্টেলত সংঘটিত হৈছিল এই ৰেগিংকাণ্ড।

তাৎপৰ্যপূৰ্ণ ভাৱে ৰেগিঙৰ এই ঘটনাটো ৯ মাহ পূৰ্বে সংঘটিত হৈছিল ৷ কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ এই ঘটনা গাপ দি ৰখাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰজনে । ৰেগিংকাণ্ডৰ বলি হোৱা ছাত্ৰজনৰ নাম হজৰত আলী (Hajarat Ali Ragging Case) ৷

গোৱালপাৰা জিলাৰ শিমলিতোলা অঞ্চলৰ ভেৰভেৰি গাঁৱৰ হজৰত আলীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি-৩ হোষ্টেলত জেষ্ঠ ছাত্ৰৰ দ্বাৰা নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ছাত্ৰজনে অভিযোগ কৰা অনুসৰি ৰেগিঙৰ নামত কৰা আক্ৰমণৰ ফলত তেওঁৰ কাণৰ পৰ্দা ফাটি গৈছিল । যাৰ বাবে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিমাহ চিকিৎসাধীন হৈ আছিল (Student claims ragging case in Gauhati University )।

অভিযোগ অনুসৰি ২০২০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছৰে পৰাই হজৰত আলী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা ৰেগিঙৰ স্বীকাৰ হৈছিল । ইয়াৰ পাছত আৰ চি চি-৩ হোষ্টেলত থকাৰ সময়ত ৰেগিঙৰ নামত হজৰত আলী ছুপাৰ ছিনিয়ৰৰ দ্বাৰা অকথ্য নিৰ্যাতনৰ সন্মূখীন হৈছিল ।

ছাত্ৰজনে অভিযোগ কৰা অনুসৰি মাৰ্চ মাহৰ ২৭ তাৰিখে নিশা সুৰা পান কৰি চুপাৰ ছিনিয়ৰে কৰা প্ৰহাৰত তেওঁৰ এখন কাণৰ পৰ্দা ফাটি গৈছিল । ছুপাৰ চিনিয়ৰ আৰু লগৰীয়াই ৰেগিঙৰ নামত তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল বুলি অভিযোগ কৰিছে হজৰত আলীয়ে ।

সেই প্ৰহাৰৰ বাবে তেওঁ এখন কাণৰ শ্ৰৱণ শক্তি হেৰুৱাই পেলাইছে। ঘটনা সন্দৰ্ভত হজৰত আলীয়ে কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে সমগ্ৰ ঘটনা গাপ দিয়াৰহে চেষ্টা কৰে বুলি ছাত্রজনে অভিযোগ কৰিছে।

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সংঘটিত হৈ অহা এনে ৰেগিংকাণ্ডৰ তথ্য এটাৰ পিছত আনটোকৈ পোহৰলৈ অহাৰ পিছত এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে হোষ্টেলত সুৰক্ষিত নহয় নেকি নৱাগত শিক্ষাৰ্থীসকল । ইফালে ৰেগিঙৰ এই অভিযোগ নাকচ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড৹ বাণীকান্ত কাকতি তিনি মহলীয়া ছাত্ৰাবাসৰ জুনিয়ৰ ছাত্ৰসকলে । ছাত্ৰসকলে স্পষ্টকৈ জানিবলৈ দিয়ে যে হজৰত আলীৰ এই অভিযোগ সম্পূৰ্ণ ৰূপে মিছা আৰু বিশ্ববিদ্যালয়ত কোনো ধৰণৰ ৰেগিং সংঘটিত নহয়।

হজৰত আলীয়ে ব্যক্তিগত কাজিয়াক ৰেগিঙৰ ৰূপ দিয়া বুলি জানিব দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড৹ বাণীকান্ত কাকতি তিনি মহলীয়া ছাত্ৰাবাসৰ ছাত্ৰসকলে । হজৰত আলীয়ে ২০২২ বৰ্ষৰ জুলাই মাহতে ছাত্ৰাবাস এৰিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Guwahati honey trapping update : গাড়ী বিক্ৰীৰ চলেৰে মহানগৰীত হনি ট্ৰেপিং চক্ৰৰ জাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.