Sati Radhika Smriticharan program: সাপেখাতীত সতী ৰাধিকা স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন
Published on: Dec 4, 2022, 9:28 PM IST

আধ্যাত্মিক জাগৰণ সমাজ সাপেখাতীৰ উদ্যোগত আৰু সাপেখাতীবাসী ৰাইজৰ সহযোগত অহা ১৭ ডিচেম্বৰ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুদাম চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত সতী ৰাধিকা স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে(Sati Radhika Smriticharan program) ৷ সতী ৰাধিকা স্মৃতিচাৰণ অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় তুংগত কৰি তুলিছে উদ্যোক্তাসকলে ৷ প্ৰথম দিনাৰ পুৱাই ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰি সন্ধিয়ালৈ সতী ৰাধিকা নাট মঞ্চস্থ কৰা হ’ব । সতী ৰাধিকা নাটখনি উদ্ধোধন কৰিব অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই(Actress Barsha Rani Adhikari) । দ্বিতীয় দিনা আই মাতৃ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি নিশালৈ গণশিল্পী মহেন্দ্ৰ হাজৰিকাই গীতৰ শৰাই আগবঢ়াব(Singer Mahendra Hazarika) ৷
Loading...