ETV Bharat / state

War against drugs: ডিফুত 4 কোটি টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Dec 5, 2022, 7:07 AM IST

War against drugs
ডিফুত 4কোটি টকাৰ ড্ৰাগছ জব্দ

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ (Assam drugs smuggling) ৷ লাহৰিজান আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্ৰায় চাৰি কোটি টকা মূল্যৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী ৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 4কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

ডিফু, 5 ডিচেম্বৰ: ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু প্ৰশাসন কঠোৰ হ’লেও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Drugs smuggling in Assam) ৷ নিতৌ ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যহত ৰাখিছে একাংশ অসাধু চক্ৰই ৷

এইবাৰ লাহৰিজান আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্ৰায় চাৰি কোটি টকা মূল্যৰ হেৰইনসহ দুই সৰবৰাহকাৰী (Drugs seized at Diphu) ৷ দেওবাৰে নিশা লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন গগৈৰ নেতৃত্বত বোকাজান চিআৰপিএফৰ সহযোগত চলোৱা হৈছিল তালাচী (Bokajan Police Raid) ৷ আৰক্ষীৰ তালীচিৰ সময়তে ডিমাপুৰৰ আহি থকা নম্বৰ প্লেট বিহীন মেজিক গ’ল্ড বাহনত চালকৰ আসনৰ তলত গোপন কক্ষ বনাই লুকুৱাই অনা হৈছিল 39টা চাবোনৰ বাকচত 511.79 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন ৷

War against drugs
ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

এই হেৰইনখিনিৰ মূল্য প্ৰায় 4 কোটি টকা হ’ব বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷ আনহাতে, আৰক্ষীয়ে বাহনখনৰ পৰা আটক কৰিছে দুই সৰবৰাহকাৰীক (Drugs peddler arrested) ৷ ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে নগাঁও বলিকটীয়াৰ দুলাল উদ্দিন আৰু নগাঁও হীৰাপট্টীৰ চৰাফট আলী ৷

উল্লেখ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । কিন্তু অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰে ব্যাপকভাৱে বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহ (Assam Nagaland Border) ৷ নিতৌ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ সৰবৰাহকাৰী ৷ কাৰ্বি আংলঙ জিলাৰ সীমান্ত এলেকাক ড্ৰাগছ সৰবৰাহৰ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে একাংশ অসাধু চক্ৰই (karbi anglong district) ৷

War against drugs
ডিফুত 4কোটি টকাৰ ড্ৰাগছ জব্দ

কেৱল কাৰ্বি আংলঙ জিলাই নহয়, মেঘালয়ৰ পৰা নিতৌ গুৱাহাটীলৈ সৰবৰাহ কৰি অহা হৈছে বৰবিহ ড্ৰাগছ (Meghalaya to Guwahati) ৷ এই সমূহ স্থানৰ পৰাই ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানলৈ সৰবৰাহ হয় ড্ৰাগছ আৰু আন আন আন নিচাজাতীয় সামগ্ৰী ৷

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো এই দৰেই ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ৷ ইফালে দুই সৰবৰাহকাৰীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Explosives Recovered in Rajasthan: ৰাজস্থানত উদ্ধাৰ ২০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.