ETV Bharat / bharat

Kuno Wildlife Sanctuary : পুনৰ ১২টা চিতাক আদৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ

author img

By

Published : Dec 4, 2022, 9:53 PM IST

kuno-national-park-south-africa-cheetahs-brought-soon-in-sheopur-south-africa-cheetah-came
kuno wildlife sanctuary : ১২টা চিতাক আদৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ

পুনৰ ভাৰতলৈ আহিব ১২টা চিতা ৷ ১২টা চিতাক ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ শ্বেওপুৰ কুনোলৈ অনাৰ সম্ভাৱনা আছে(Kuno National Park) ।

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ: নামিবিয়াৰ পৰা ৮টা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ পৰাও ১২টা চিতা ভাৰতলৈ অনাৰ প্ৰস্তুতি আৰম্ভ হৈছে । দক্ষিণ আফ্ৰিকাত চাৰে তিনি মাহৰ বাবে কোৱাৰেণ্টাইনত থকা ১২টা চিতাক ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ শ্বেওপুৰ কুনোলৈ অনাৰ সম্ভাৱনা আছে (kuno national park south africa cheetahs brought )। নতুন চিটা বাঘকেইটাৰ বাবে কুনোত আঠটা নতুন বাসগৃহও প্ৰস্তুত কৰা হৈছে । দক্ষিণ আফ্ৰিকাৰ বন আৰু পৰিৱেশ মন্ত্ৰী বাৰ্বাৰা ক্ৰীচিয়ে প্ৰজেক্ট চিতা প্ৰকল্পৰ বাবে ভাৰতৰ সৈতে বুজাবুজি চুক্তিত অনুমোদন জনাইছে । কাগজ-পত্ৰসমূহ এতিয়া ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ ওচৰতেই আছে বুলি জানিব পৰা গৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৭ ছেপ্টেম্বৰত শ্বেওপুৰৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল ৮টা চিতা(PM Modi released Cheetah in Kuno) । ইয়াৰ পূৰ্বেও মুকলি কৰি দিয়া হৈছিল চিতা । ২০২২ চনৰ জুলাই মাহত ভাৰতে দক্ষিণ আফ্ৰিকাক চিতা প্ৰকল্পৰ বাবে ১২টা চিতা দিবলৈ অনুৰোধ জনাইছিল । নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা চিতা একেলগে আনিব লাগিছিল(sheopur south africa cheetah came) ।

চিতা নিৰ্বাচনৰ পৰা কোৱাৰেণ্টাইন কৰালৈকে নামিবিয়াৰ লগতে দক্ষিণ আফ্ৰিকাতো একে সময়তে প্ৰস্তুতি সম্পূৰ্ণ হৈছিল ৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব পৰা নগ'ল বাবে আনিব পৰা নগ’ল চিতাকেইটা । যাৰ কাৰণে নামিবিয়াৰ পৰা ৮টা চিতা ভাৰতলৈ আহিছিল যদিও দক্ষিণ আফ্ৰিকাত চিনাক্ত হোৱা ১২টা চিতা কোৱাৰেণ্টাইনত আৱদ্ধ হৈ আছিল, যিকেইটা প্ৰায় ডেৰ মাহ ধৰি কোৱাৰেণ্টাইনত বন্ধ হৈ আছে ।

কুনোত ইতিমধ্যে ৬ টা চিতাৰ ঘেৰাও আছে, অৰ্থাৎ কুনোত মুঠ ১৪ টা ঘেৰাও আছে, য'ত ১৪ টা চিতা ৰাখিব পাৰি । যেতিয়াই দক্ষিণ আফ্ৰিকাৰ পৰা চিতা অনাৰ লগে লগে কুনো ৰাষ্ট্ৰীয় উদ্যানত এইবোৰক ৰাখিব পৰা যাব । ২ৰ পৰা ৩ দিনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই প্ৰকল্পত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত ভাৰতলৈ অনা হ’ব ১২টা চিতা । ভাৰতলৈ পঠোৱাৰ বাবে দক্ষিণ আফ্ৰিকাত কোৱাৰেণ্টাইন কৰা ১২টা চিতাৰ ভিতৰত ২টা চিতা অযোগ্য বুলি ধৰা পৰিছিল বুলি জানিব পৰা গৈছে ।

ইহঁতৰ বয়সো বেছি হোৱাৰ বাবে ইহঁতে ভালদৰে চিকাৰ কৰিব পৰা নাছিল । যাৰ বাবে এই চিতাবোৰৰ সলনি আন এজনক কোৱাৰেণ্টাইনত ৰখা হৈছিল । এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত চিটাকেইটাক ভাৰতলৈ অনা হ’ব।

ৰাষ্ট্ৰীয় কুনো অভয়াৰণ্যৰ সংমণ্ডল বন বিষয়া প্ৰকাশ শৰ্মাই কয় যে দক্ষিণ আফ্ৰিকাৰ পৰা ১২টা চিতা অনাৰ প্ৰস্তুতি ক্ষীপ্ৰ গতিত চলি আছে , বাঘ ৰাখিবৰ বাবে কুনোত ৮টা নতুন ঘৰৰো নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে । পূৰ্বৰ ৬টা ঘেৰাও কুনোত নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক: Ambedkar death anniversary: আম্বেদকাৰক সুঁৱৰি গীত-নৃত্য-ছন্দৰ অপূৰ্ব যুগলবন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.