ETV Bharat / state

Ambedkar death anniversary: আম্বেদকাৰক সুঁৱৰি গীত-নৃত্য-ছন্দৰ অপূৰ্ব যুগলবন্দী

author img

By

Published : Dec 4, 2022, 9:05 PM IST

সোণাৰাম খেলপথাৰত ড৹ ভীমৰাও আম্বেদকাৰক সুঁৱৰি সমতাৰ ছন্দেৰে জীৱনৰ জয়গান শীৰ্ষক অনুষ্ঠানৰ আয়োজন (Bhimrao Ambedkar death anniversary Celebrated in Sonaram Playground)৷

Etv Bharat
Etv Bharat

গুৱাহাটী, ৪ ডিচেম্বৰ: আজি ড৹ ভীমৰাও আম্বেদকাৰৰ পূণ্য তিথি উপলক্ষে গুৱাহাটী মহানগৰীৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ (Bhimrao Ambedkar death anniversary)। ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত সমতাৰ ছন্দেৰে জীৱনৰ জয়গান শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়(Samatar sondere jivanor jaigaan in Guwahati) ৷ একেটা অনুষ্ঠানতে প্ৰদৰ্শন কৰা হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ ।

গীত-নৃত্য-ছন্দৰ অপূৰ্ব যুগলবন্দী

বাল্মীকি সংগীত বিদ্যালয়ে মহানগৰীৰ বিভিন্ন স্থানত থকা বস্তি অঞ্চলৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰশিক্ষণ দি আহিছে বিভিন্ন নৃত্যৰ ৷ বিদ্যালয়খনে নৃত্যৰ প্ৰশিক্ষণ লৈ অহা ছাত্ৰ-ছাত্ৰী সকলেই সমতাৰ ছন্দেৰে জীৱনৰ জয়গান শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰে । ২০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সামূহিক ভোৰতাল নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৫০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে বন্দে মাতৰম নৃত্য (Bhimrao Ambedkar death anniversary Celebrated in Guwahati) ৷

তদুপৰি বিহুকে ধৰি বিভিন্ন লোক নৃত্য প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰী সকলে । গীত-নৃত্য-ছন্দৰ যুগলবন্দীয়ে উপস্থিত ৰাইজক আপ্লুত কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ জনোৱাৰ লগতে সমতাৰ ছন্দেৰে জীৱনৰ জয়গান শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটোত অংশগ্ৰহণ কৰা ছাত্ৰী-ছাত্ৰী সকলক এখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে (Bhimrao Ambedkar death anniversary Celebrated in Sonaram Playground) ।

ড৹ ভীমৰাও আম্বেদকাৰৰ পূণ্য তিথি সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM Himanta Biswa Sarma) লগতে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ কাৰ্যবাহী ৰামদত্ত চক্ৰধৰ, বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Gandhi Fagla Released: উন্মোচনৰ পূৰ্বেই বহুচৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.