ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 12, 2022, 10:58 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Militants killed in JK: জম্মু-কাশ্মীৰৰ চপিয়ানত এনকাউণ্টাৰ; জইছ-ই-মহম্মদৰ দুজন সদস্য নিহত

জম্মু-কাশ্মীৰৰ চপিয়ান জিলাত সোমবাৰে নিশা সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন উগ্ৰপন্থী নিহত হয় (Militants killed in JK) ৷ নিহত দুয়োজন সন্ত্ৰাসবাদী নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জে এমৰ সদস্য আছিল (Terror outfit JeM) ৷

Youth missing in Goalpara: গোৱালপাৰাৰ জিনাৰী নৈত সন্ধানহীন যুৱক

নৈত গা ধুবলৈ গৈ সন্ধানহীন গোৱালপাৰাৰ জছনুৰ আলী নামৰ যুৱকজন (Youth missing at Jinari River in Goalpara)। সোমবাৰৰ পৰা সন্ধানহীন যুৱকজনৰ আজিলৈ কোনো সন্ধান নাই । SDRF ৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

NOC of Wine Bar: ওৱাইন বাৰৰ NOC নাকচৰ স্থিতি স্পষ্ট কৰিলে বালিজানা পঞ্চায়তে

গোৱালপাৰাৰ বালিজানাত ওৱাইন বাৰ স্থাপনৰ বিৰোধিতাৰে ৬ জুলাইত আগিয়া আৰু বালিজানা পঞ্চায়তৰ দ্বাৰা ওৱাইন বাৰৰ NOC প্ৰদানৰ বিৰোধীতাৰে পঞ্চায়ত দুটাৰ অন্তৰ্গত পুৰুষ-মহিলাই সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ । গাঁৱৰ ৰাইজৰ প্ৰতিবাদত সেও মানি অৱশেষত NOC নাকচৰ স্থিতি স্পষ্ট কৰিলে বালিজানা পঞ্চায়ত কৰ্তৃপক্ষই(Wine bar NOC rejected in Balijan) ।

Relief to flood-affected farmers: কামপুৰত বানপীড়িতক উন্নত মানৰ শষ্যৰ বীজ বিতৰণ

কামপুৰত বানপীড়িত ৰাইজৰ মাজত বিনামূলীয়াকৈ উন্নত মানৰ শষ্যৰ বীজ যোগান (Jitu Goswami distributed good quality seeds to flood affected people at Kampur) । সোমবাৰে জিলা কৃষি বিভাগৰ তৰফৰ পৰা বানপীড়িত কৃষকক 25 কুইণ্টল শালিধানৰ বীজ 'বিনাধান-১০' যোগান ধৰা হয় (Relief to flood-affected farmers) ৷

Protest in Dhemaji: ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ উত্তাল প্ৰতিবাদ

সমগ্ৰ অসমৰ লগতে ধেমাজিতো প্ৰতি কুইণ্টল চাউলৰ কমিচন ৪৪০ টকালৈ বৃদ্ধি কৰা, সুলভ মূল্য দোকানৰ জৰিয়তে পেট্ৰল বিক্ৰীৰ সুবিধা প্ৰদান কৰা, গেছ চিলিণ্ডাৰ উপভোক্তাক দিয়াৰ ব্যৱস্থা কৰী দিয়া, প্ৰতি মাহৰ কমিচন প্ৰতিমাহে আদায় দিয়াৰ ব্যৱস্থা কৰা, কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰা, কভিডত মৃত্যু হোৱা সুলভ মূল্যৰ ব্যৱসায়ীক ৫০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাকে ধৰি ১২ দফীয়া দাবীত ধেমাজি জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাই সোমবাৰে ধেমাজি সদৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Protest in Dhemaji) ৷

Anganwadi workers protest: ন্যায্য প্ৰপ্তিৰ দাবীত ধুবুৰীত অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল ধুবুৰী জিলা ৷ সোমবাৰে CIT(U) ৰ সহযোগত ধুবুৰীত ৯ দফীয়া দাবীৰে অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ জিলা সমিতিয়ে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত প্ৰায় তিনি ঘন্টাজুৰি সাব্যস্ত কৰে প্ৰতিবাদ (Anganwadi worker protest in Dhubri) ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ পূৰণৰ হকে জিলা উপায়ুক্তগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Memorandum to Chief Minister) ৷

কমলপুৰত আৱাহন থিয়েটাৰৰ আখৰা গৃহ উদ্বোধন

আৰম্ভ হ'ল ভ্ৰাম্যমান নাট্যগোষ্ঠী সমূহৰ প্ৰস্তুতি পৰ্ব । বিগত নাট্যবৰ্ষত জয়মতী, মুলাগাভৰু নাটকৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আৱাহন থিয়েটাৰে ৰাইজৰ মাজলৈ লৈ আহিব 'লভিতা'। সোমবাৰে আৰম্ভ হ'ল অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল আৱাহন থিয়েটাৰ ৪৩ তম বৰ্ষৰ বাবে আখৰা গৃহ উদ্বোধন আৰু শুভ মহুৰত(Awahan Theatre Group) ।

JEE Main2022: শীৰ্ষ স্ক’ৰেৰে উজলিল ১৪ গৰাকী পৰীক্ষাৰ্থী

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)ৰ মতে, এইবাৰৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-Main 2022 ত মুঠ চৈধ্যগৰাকী প্ৰাৰ্থীয়ে 100 শতাংশ নম্বৰেৰে স্ক’ৰ লাভ কৰিছে (14 candidates score perfect 100)। প্ৰথম এডিচনত শীৰ্ষ নম্বৰ লাভ কৰা সৰ্বাধিক পৰীক্ষাৰ্থীৰে জিলিকা ৰাজ্য দুখন হ’ল তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ।

Phensedyl seized at Badarpur: বদৰপুৰত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

বদৰপুৰ আৰক্ষীৰ বৃহৎ সফলতা । কৰিমগঞ্জৰ বদৰপুৰত জব্দ নিষিদ্ধ ফেঞ্চিডাইল (Drugs seized at Badarpur) ৷ সোমবাৰে কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষীয়ে বদৰপুৰৰ পেট্ৰ'ল পাম্পৰ কাষৰীয়া অঞ্চলসমূহত অভিযান চলাই জব্দ কৰে এখন ফেঞ্চিডাইল ভৰ্তি ট্ৰিপাৰ বাহন(Huge amount of Phensedyl seized at Badarpur) ৷ যাৰ মূল্য 50 লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

Tripura assembly elections 2023: তৃণমূলৰ নিৰ্বাচনী ৰণডংকা; আগৰতলাত উদ্বোধন ৰাজ্যিক কাৰ্যালয়

২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন(2023 Tripura assembly elections)ৰ বাবে এতিয়াৰে পৰা টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে । সোমবাৰে তৃণমূল কংগ্ৰেছে আগৰতলাত উদ্বোধন কৰে দলৰ ৰাজ্য়িক কাৰ্যালয়(Trinamool Congress inaugurates state party office in Agartala) । উদ্বোধনী অনুষ্ঠানত সুস্মিতা দেৱ, ৰাজীৱ বেনাৰ্জী তথা সুবল ভৌমিক উপস্থিত থাকি BJP ক তীক্ষ্ণ বাক্যবানেৰে থকাসৰকা কৰে(BJP criticized by Trinamool Congress) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.