ETV Bharat / bharat

Tripura assembly elections 2023: তৃণমূলৰ নিৰ্বাচনী ৰণডংকা; আগৰতলাত উদ্বোধন ৰাজ্যিক কাৰ্যালয়

author img

By

Published : Jul 12, 2022, 7:39 AM IST

২০২৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন(2023 Tripura assembly elections)ৰ বাবে এতিয়াৰে পৰা টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে । সোমবাৰে তৃণমূল কংগ্ৰেছে আগৰতলাত উদ্বোধন কৰে দলৰ ৰাজ্য়িক কাৰ্যালয়(Trinamool Congress inaugurates state party office in Agartala) । উদ্বোধনী অনুষ্ঠানত সুস্মিতা দেৱ, ৰাজীৱ বেনাৰ্জী তথা সুবল ভৌমিক উপস্থিত থাকি BJP ক তীক্ষ্ণ বাক্যবানেৰে থকাসৰকা কৰে(BJP criticized by Trinamool Congress) ।

state party office of trinamul inaugurated in agartala
ত্ৰিপুৰাত তৃণমূলে বজাইছে ২০২৩ ৰ নিৰ্বাচনী ৰণডংকা: আগৰতলাত উদ্বোধন কৰিলে ৰাজ্যিক দলৰ কাৰ্যালয়

আগৰতলা,১২ জুলাই: ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছে সোমবাৰে আগৰতলাৰ চিত্তৰঞ্জন ৰোডত মুকলি কৰে ৰাজ্যিক দলীয় কাৰ্যালয়(Trinamool Congress inaugurates state party office in Agartala) । উক্ত অনুষ্ঠানত উপস্থিত থাকে সুস্মিতা দেৱ, ৰাজীৱ বেনাৰ্জী আৰু সুবল ভৌমিকৰ দৰে দলটোৰ জেষ্ঠ নেতাসকল । বিগত মাহত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ঘোষণা কৰিছিল যে ত্ৰিপুৰাত অতি শীঘ্ৰেই এটা দলীয় কাৰ্যালয় আৰম্ভ কৰিব আৰু সেইমৰ্মে সোমবাৰে দলীয় কাৰ্যালয়টো উদ্বোধন কৰা হয় ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি দলটোৰ জেষ্ঠ নেতাসকলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় । জেষ্ঠ নেতা ৰাজীৱ বেনাৰ্জীয়ে কাৰ্যালয়টো উদ্বোধন কৰি কয় যে ত্ৰিপুৰা তৃণমূলৰ পৰৱৰ্তী লক্ষ্য । যেতিয়ালৈকে ত্ৰিপুৰাত শাসনলৈ আহিব নোৱাৰে তেতিয়ালৈ ত্ৰিপুৰাৰ হৈ যুঁজ অব্যাহত ৰাখিব দলটোৱে ।

সমান্তৰালভাৱে ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি সুবল ভৌমিকেও আগবঢ়াই গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে ত্ৰিপুৰাৰ জনসাধাৰণে এই দিনটোৰ বাবেই অপেক্ষা কৰি আছিল । BJP ৰ ওপৰত অভিযোগ উত্থাপন কৰি তেওঁ কয় যে শাসকীয় দলটোৱে কাৰ্যালয় উদ্বোধনৰ আগ নিশাও উদ্বোধনী অনুষ্ঠান বন্ধ কৰিবলৈ চেষ্টা চলাইছিল(BJP criticized by Trinamool Congress) । তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ জনসাধাৰণ তৃণমূল কংগ্ৰেছৰ সৈতে আছে আৰু মমতা বেনাৰ্জীৰ নেতৃত্বই ত্ৰিপুৰাক অত্যাচাৰী বিজেপি শাসনৰ পৰা মুক্ত কৰিব বুলিও আশ্বাস প্ৰদান কৰে ভৌমিকে ।

আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে ত্ৰিপুৰাত গণতন্ত্ৰৰ মুখ বন্ধ কেনেদৰে কৰা হৈছে তাৰ ওপৰত আলোকপাত কৰা দেখা যায় । তেওঁ কয় যে এখন দেশত আন এখন ৰাজ্যত এটা দলীয় কাৰ্যালয় উদ্বোধন কৰিবলৈ এটা ৰাজনৈতিক দলক এটা বছৰ সময় লাগিল । এয়া তৃণমূলৰ প্ৰচেষ্টাৰ অভাৱৰ বাবে নহয় আন কিছু কাৰণৰ বাবেহে বুলি উল্লেখ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । লগতে তেওঁ কয় যে তেওঁলোকে সকলো শ্ৰেণীৰ লোকক কাষত থিয় দিব আৰু তেওঁলোকৰ বাবে যুঁজ দিব । ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত গুলী বা হিংসাৰ জৰিয়তে নহয়, গণতন্ত্ৰৰ জৰিয়তেহে তৃণমূল কংগ্ৰেছে যুঁজিব বুলিও মন্তব্য প্ৰকাশ কৰে(2023 Tripura assembly elections) ।

লগতে পঢ়ক: কমলপুৰত আৱাহন থিয়েটাৰৰ আখৰা গৃহ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.