কমলপুৰত আৱাহন থিয়েটাৰৰ আখৰা গৃহ উদ্বোধন

By

Published : Jul 11, 2022, 11:03 PM IST

thumbnail

আৰম্ভ হ'ল ভ্ৰাম্যমান নাট্যগোষ্ঠী সমূহৰ প্ৰস্তুতি পৰ্ব । বিগত নাট্যবৰ্ষত জয়মতী, মুলাগাভৰু নাটকৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আৱাহন থিয়েটাৰে ৰাইজৰ মাজলৈ লৈ আহিব 'লভিতা'। সোমবাৰে আৰম্ভ হ'ল অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল আৱাহন থিয়েটাৰ ৪৩ তম বৰ্ষৰ বাবে আখৰা গৃহ উদ্বোধন আৰু শুভ মহুৰত(Awahan Theatre Group) । জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ(Assamese actress Prastuti Parashar) প্ৰযোজনাৰে ২০২২-২৩ বৰ্ষৰ বাবে তিনিখন ভিন্ন ৰুচিৰ সামাজিক নাটকেৰে ব্যয়বহুল প্ৰস্তুতি আৱাহন থিয়েটাৰৰ । বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ পৰিচালনাৰে অগ্নিকাণ্ড, লভিতা আৰু মই নাটক কৰা ছোৱালী তিনিখন নাটে ভিন্ন ৰসেৰে আপ্লুত কৰিব বুলি প্ৰযোজক প্ৰস্তুতি পৰাশৰে জানিবলৈ দিয়ে । ইফালে, উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে পূৰ্বৰ আৱাহন থিয়েটাৰ দলৰ প্ৰযোজক কৃষ্ণ ৰয়, নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, সমাজ সেৱক গোপাল জালানৰ লগতে অঞ্চলটোৰ জেষ্ঠ ব্যক্তিসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.