ETV Bharat / state

NOC of Wine Bar: ওৱাইন বাৰৰ NOC নাকচৰ স্থিতি স্পষ্ট কৰিলে বালিজানা পঞ্চায়তে

author img

By

Published : Jul 12, 2022, 10:09 AM IST

গোৱালপাৰাৰ বালিজানাত ওৱাইন বাৰ স্থাপনৰ বিৰোধিতাৰে ৬ জুলাইত আগিয়া আৰু বালিজানা পঞ্চায়তৰ দ্বাৰা ওৱাইন বাৰৰ NOC প্ৰদানৰ বিৰোধীতাৰে পঞ্চায়ত দুটাৰ অন্তৰ্গত পুৰুষ-মহিলাই সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ । গাঁৱৰ ৰাইজৰ প্ৰতিবাদত সেও মানি অৱশেষত NOC নাকচৰ স্থিতি স্পষ্ট কৰিলে বালিজানা পঞ্চায়ত কৰ্তৃপক্ষই(Wine bar NOC rejected in Balijan) ।

press conference by panchayat president in goalpara
সংবাাদমেলযোগে ওৱাইন বাৰৰ NOC নাকচৰ স্থিতি স্পষ্ট বালিজানা পঞ্চায়ত কৰ্তৃপক্ষৰ

গোৱালপাৰা, ১২ জুলাই: অৱশেষত সংবাদ মেল পাতি ওৱাইন বাৰৰ NOC নাকচৰ স্থিতি স্পষ্ট কৰিলে বালিজানা পঞ্চায়ত কৰ্তৃপক্ষই (Wine bar NOC rejected in Balijan)। ওৱাইন বাৰৰ বিৰুদ্ধে আগিয়া আৰু বালিজানা পঞ্চায়তৰ সকলো পুৰুষ- মহিলা ওলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ । বিগত ৬ জুলাইত সাব্যস্ত হোৱা তীব্ৰ প্ৰতিবাদৰ পাছত বালিজানা পঞ্চায়তৰ সভাপতি কুমাৰ ৰাভাই ৯ জুলাইত পঞ্চায়তত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি NOC খনৰ ওপৰত এটা চূড়ান্ত সিদ্ধান্ত লোৱাৰ লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল ।

সেয়েহে সভাপতিগৰাকীয়ে সোমবাৰে এক সংবাদমেল যোগে NOC নাকচৰ স্থিতি স্পষ্ট কৰে । উল্লেখ্য যে বৰপেটা জিলাৰ কলহভাঙাৰ চৈয়দ আবুল হুছেইনৰ পুত্র চৈয়দ দিলীপ হুছেইনৰ আবেদনৰ ভিত্তিত বালিজানা সাপ্তাহিক বজাৰৰ নিকটৰ্তী ভৃগু কুমাৰ নাথৰ গৃহত সুৰাৰ ব্যৱসায় কৰাৰ বাবে পঞ্চায়তৰ তৰফৰ পৰা আপত্তি বিহীন প্ৰমান পত্ৰ এখন বিগত ৯/১১/২০২১ তাৰিখতে প্ৰদান কৰা হৈছিল । তাৰ পাছতেই ক্ষোভিত হৈ পৰিছিল গাঁওবাসী । সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ।

সংবাাদমেলযোগে ওৱাইন বাৰৰ NOC নাকচৰ স্থিতি স্পষ্ট বালিজানা পঞ্চায়ত কৰ্তৃপক্ষৰ

বিষয়য়টোৰ সন্দৰ্ভত আগিয়া আৰু বালিজানা পঞ্চায়তৰ ৰাইজে কৰা তীব্ৰ প্ৰতিবাদক সন্মান জনাই পঞ্চায়তৰ এখন কাৰ্য্যকৰী সভাৰ ২নং প্ৰস্তাৱ মৰ্ন্মে NOC খন নাকচ কৰি আবেদনসহ প্ৰস্তাৱৰ প্ৰতিলিপি জিলা উপায়ুক্ত, আবকাৰী বিভাগ আৰু খণ্ড উন্নয় বিষয়ালৈ প্ৰেৰণ কৰা হয় । একেখন সংবাদ মেলতে প্ৰস্তাৱিত ওৱাইন বাৰখনৰ ভূমি তথা গৃহটোৰ সত্বাধিকাৰী ভৃগু কুমাৰ নাথেও এক লিখিত প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰি উল্লেখ কৰে যে ৰাজহুৱা আপত্তিক সন্মান প্ৰদৰ্শন কৰি তেওঁৰ গৃহটোত ওৱাইন বাৰ বহুৱাৰ সিদ্ধান্ত নাকচ কৰিছে ।

লগতে জানিবলৈ দিয়ে যে শিক্ষকৰ দৰে আদৰ্শ বৃত্তিত জড়িত তেওঁৰ ভাতৃ ওৱাইন বাৰ সম্পৰ্কত কোনো ধৰনে জড়িত নাছিল । সেয়ে ৰাইজে তেওঁক অনাহকত জড়িত কৰাই কটু সমালোচনা নকৰিবলৈকো ৰাইজক অনুৰোধ জনায় ।

লগতে পঢ়ক: ধৰ্ষণৰ অভিযুক্ত যুৱকক আজীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.