ETV Bharat / city

ধৰ্ষণৰ অভিযুক্ত যুৱকক আজীৱন কাৰাদণ্ড

author img

By

Published : Jul 11, 2022, 10:38 PM IST

শিশু ধৰ্ষণ গোচৰত ধুবুৰীত এজনক আজীৱন কাৰাদণ্ড বিহিলে আদালতে(Dhubri man gets life imprisonment under the POCSO Act) । ধৰ্ষণৰ গোচৰসমূহ তৎকালে নিষ্পত্তিৰ বাবে বিশেষ আদালত আৰম্ভ হোৱাৰ পিছত এয়াই প্ৰথম ৰায় আদালতৰ ।

Dhubri man gets life imprisonment under the POCSO Act
ধুবুৰীৰ ধৰ্ষণৰ অভিযুক্ত যুৱকক আজীৱন কাৰাদণ্ড

ধুবুৰী, ১১ জুলাই : শিশু ধৰ্ষণৰ গোচৰৰ অভিযুক্ত এজনক সোমবাৰে ধুবুৰীৰ বিশেষ আদালতে আজীৱন কাৰাদণ্ড বিহাৰ লগতে এক লাখ টকা জৰিমনা বিহে(Assam man gets life sentence for raping) ৷ ২০২০ চনৰ ১৬ জানুৱাৰীত ধুবুৰী চহৰৰ ১২ নম্বৰ ৱাৰ্ডৰ এগৰাকী শিশু কন্যাক(10) ধৰ্ষণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল স্থানীয় দেৱেশ বিশ্বাস(২৭) নামৰ এজন যুৱকজনৰ বিৰুদ্ধে । নিৰ্যাতনৰ বলি হোৱা শিশুটিৰ ঘৰৰ কাষতেই ঘৰ আছিল দেৱেশ বিশ্বাসৰ । প্ৰতিবেশী হিচাপে দেৱেশ বিশ্বাসৰ ঘৰৰ চাদৰ ওপৰত শুকাবলৈ দিয়া কাপোৰ আনিবলৈ বিয়লি চাদলৈ যায় শিশুটি ।

উক্ত দিনা দেৱেশ বিশ্বাসে কোনো লোক নথকাৰ সুযোগ লৈ শিশুটিক ঘৰৰ ভিতৰলৈ আনি যৌন নিৰ্যাতন চলায় ৷ পাছত শিশুটিয়ে ঘটনাৰ বিষয়ে সকলো কথা মাকক বিৱৰি কোৱাত ১৯ জানুৱাৰীত মাতৃয়ে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১১০/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৩৭৬(এ বি)/৫০৬ আৰু POCSO আইনৰ অধীনৰ R/W ৬ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ।

ধুবুৰী আদালতত প্ৰায় আঢ়ৈ বছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত আজি ধুবুৰী আদালতৰ বিশেষ আদালতে গোচৰটোৰ চূড়ান্ত ৰায়দান কৰে । আদালতে দেৱেশ বিশ্বাসক দোষী সাব্যস্ত কৰি আজীৱন সশ্ৰম কাৰাদণ্ড বিহে । তদুপৰি দেৱেশ বিশ্বাসক ১ লাখ টকা জৰিমনা বিহে আদালতে । আনহাতে জৰিমনাৰ এক লাখ টকা আদায় দিব নোৱাৰিলে অতিৰিক্ত এক বছৰ কাৰাবাস খাটিব লাগিব দেৱেশ বিশ্বাসক । উল্লেখ্য যে গোচৰটোৰ চৰকাৰী পক্ষৰ পৰা সাক্ষীবাদী আৰু যুক্তি প্ৰদান কৰিছিল বিশিষ্ট অধিবক্তা উত্তম কুমাৰ সৰকাৰে ।

লগতে পঢ়ক : Kanhaiya Lal murder case: উদয়পুৰ হত্যাকাণ্ডত জড়িত সপ্তমটো অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.