ETV Bharat / bharat

Kanhaiya Lal murder case: উদয়পুৰ হত্যাকাণ্ডত জড়িত সপ্তমটো অভিযুক্তক আটক

author img

By

Published : Jul 10, 2022, 10:38 PM IST

Updated : Jul 11, 2022, 8:40 AM IST

সমগ্ৰ দেশ কঁপাই যোৱা উদয়পুৰ হত্যাকাণ্ডৰ তদন্ত এতিয়া দ্ৰুতগতিত চলিছে (Kanhaiya Lal murder case in Udaipur) । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেওবাৰে কানহাইয়া লালৰ হত্যাকাণ্ডৰ লগত জড়িত থকা সপ্তমটো অভিযুক্তক গ্ৰেপ্তাৰ কৰে (NIA arrests seventh person in connection with Udaipur killing)৷

nia-arrests-seventh-person-in-connection-with-udaipur-tailor-killing
উদয়পুৰ হত্যাকাণ্ডত জড়িত সপ্তমটো অভিযুক্তত আটক

নেশ্যনেল ডেস্ক, 10 জুলাই : যোৱা ২৮ জুনত ৰাজস্থানৰ উদয়পুৰত দিন দুপৰতে নৃশংসভাৱে হত্যা কৰা হৈছিল কানহায়া লাল চাহু নামৰ এজন দৰ্জীক (Udaipur Murder Case)। ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ (NIA) আৰু ATS য়ে অব্যাহত ৰাখিছে তদন্ত ৷ সমগ্ৰ দেশ কঁপাই যোৱা এই জঘন্য হত্যাকাণ্ডৰ তদন্ত এতিয়া দ্ৰুতগতিত চলিছে (Kanhaiya Lal murder case in Udaipur) ।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অতি সূক্ষ্মভাৱে এই তদন্ত কৰি থকা পৰিলক্ষিত হৈছে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেওবাৰে কানহায়া লাল হত্যাকাণ্ডৰ লগত জড়িত থকা সপ্তমটো অভিযুক্তক গ্ৰেপ্তাৰ কৰে (NIA arrests seventh person in connection with Udaipur killing)৷

দেওবাৰে NIA ৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি আটকাধীন অভিযুক্তটোৰ নাম ফাৰহাদ মহম্মদ শ্বেখ ওৰফে বাবলা ৷ এই ঘটনাৰ লগত জড়িত দুজন মুখ্য অভিযুক্তৰ ৰিয়াজ আৰু আখটাৰীৰ ঘনিষ্ঠ সহযোগী আছিল বাবলা ৷ কানহায়া লালক ২৮ জুনত তেওঁৰ টেইলাৰিং দোকানৰ ভিতৰত সোমাই হত্যা কৰাৰ জঘন্য ভিডিঅ'টো ঘোচ মহম্মদে ফোনত ৰেকৰ্ড কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল ৷

হত্যাৰ কেইঘণ্টামানৰ ভিতৰতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ অপৰাধমূলক ষড়যন্ত্ৰৰ অংশ হোৱা মুখ্য অভিযুক্ত দুটাক সহায় কৰাৰ বাবে পৰৱৰ্তী সময়ত আৰক্ষীয়ে অন্য দুজন অভিযুক্ত মহম্মদ মহছিন আৰু ৱাছিমক গ্ৰেপ্তাৰ কৰিছিল ৷

ইয়াৰ পিছতে NIA ই ২৯ জুনত ৰাজস্থান আৰক্ষীৰ পৰা গোচৰটোৰ দায়িত্ব লোৱাৰ পিছত সন্ত্ৰাসবাদ বিৰোধী বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত পুনৰ পঞ্জীয়ন কৰিছিল । গোচৰটো প্ৰথমতে উদয়পুৰৰ ধনমাণ্ডি আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল । NIA ই ষড়যন্ত্ৰ, পৰিকল্পনা আৰু জঘন্য হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৪৫২, ৩০২, ১৫৩(এ), ১৫৩(বি), ২৯৫(এ) আৰু ৩৪ ধাৰা আৰু ইউএ(পি) আইন, ১৯৬৭ ৰ ধাৰা ১৬, ১৮ আৰু ২০ ৰ অধীনত এটা গোচৰ পুনৰ পঞ্জীয়ন কৰে বুলি সংস্থাটোৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ৷

এই জঘন্য ঘটনা সংঘটিত কৰাৰ পিছতেই অভিযুক্তকেইটাই সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত আতংক সৃষ্টি আৰু সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে হত্যাৰ দায়িত্ব স্বীকাৰ কৰি সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰচাৰ কৰা বুলি মুখপাত্ৰজনে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা

Last Updated : Jul 11, 2022, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.